ETV Bharat / state

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ঈদ উল ফিটৰৰ নামাজ আদায় কৰিলে ইছলামধৰ্মী লোকসকলে - Eid Ul Fitr 2024

author img

By ETV Bharat Assamese Team

Published : Apr 11, 2024, 8:45 PM IST

Eid-ul-Fitr prayers offered by Muslims across Assam
Eid-ul-Fitr prayers offered by Muslims across Assam

Eid Ul Fitr 2024: সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃহস্পতিবাৰে উদযাপন কৰা হয় ঈদ উল ফিটৰ । ঈদ উল ফিটৰ উপলক্ষে পুৱাই বিভিন্ন ঈদগাহ, মছজিদত সমূহীয়া নামাজ আদায় কৰে ইছলামধৰ্মী লোকসকলে ।

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ঈদ উল ফিটৰৰ নামাজ আদায় কৰিলে ইছলামধৰ্মী লোকসকলে

জোনাই/বৰপেটা/নগাঁও,১১ এপ্ৰিল: বিগত এমাহ ধৰি পবিত্ৰ ৰোজাৰ কঠোৰ ব্ৰত পালনৰ অন্তত আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰে ধৈৰ্য আৰু সংযমৰ প্ৰতীক ঈদ উল ফিটৰ । ঈদ উপলক্ষে বিশ্বজুৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত দেখিবলৈ পোৱা যায় ব্যাপক উছাহ । প্ৰতিটো ঈদগাহ, মছজিদত সমূহীয়া নামাজ আদায় কৰে ইছলামধৰ্মী লোকসকলে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে বিশ্বশান্তি, ঐক্য, আৰু ভাতৃত্ববোধৰ বাৰ্তা কঢ়িয়াই জোনাইতো আজি উলহ-মালহেৰে উদযাপন কৰা হয় পবিত্ৰ ঈদ উল ফিটৰ ৷ ঈদ উপলক্ষে জোনাইৰ সকলোতকৈ পুৰণি জামে মছজদিত অনুষ্ঠিত সমূহীয়া নামাজৰ ইমামতি কৰে জোনাই জামে মছজিদৰ ইমাম মৌলানা আব্দুল কাদিৰে । বৃহস্পতিবাৰে পুৱা ৯:১৫ বজাত অনুষ্ঠিত হয় সমূহীয়া নামাজ ৷ প্ৰায় কেবাশতাধিক ইছলাম ধৰ্মাৱলম্বী লোকৰ সমাৱেশেৰে জোনাই জামে মজদিত অনুষ্ঠিত হয় ঈদৰ সমূহীয়া নামাজ ।

ইফালে বৰপেটাতো খাদেমুল ইছলাম সমাজৰ ঈদগাহ ময়দানত পৱিত্ৰ ঈদ উল ফিটৰৰ সমূহীয়া নামাজ অনুষ্ঠিত হয় । বৰপেটা চহৰৰ মুছলিমপট্টিৰ খাদেমুল ইছলাম সমাজৰ ঈদগাহ ময়দানত অনুষ্ঠিত সমূহীয়া নামাজত হাজাৰ হাজাৰ ইছলামধৰ্মী লোকে অংশগ্ৰহণ কৰে । নামাজৰ অন্তত পৰস্পৰে পৰস্পৰক আলিংগন কৰি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ একেদৰে বৰপেটা জিলাৰ কুকাৰপাৰত মাজদিয়া- চেঙা-কুকাৰপাৰ মিলন আঞ্চলিক ঈদগাহ ময়দানতো সমাপন কৰা হয় ঈদ উল ফিটৰৰ সমূহীয়া নামাজ । প্ৰেম- ভাতৃত্ববোধৰ লগতে শান্তি আৰু ঐক্যতাৰ হকে উলহ-মালহেৰে ঈদৰ সমূহীয়া নামাজ সম্পন্ন কৰা হয় ।

বিগত বছৰ সমূহৰ তুলনাত ঈদৰ নামাজত বৃদ্ধি পাইছে মহিলাৰ সংখ্যা । নগাঁৱৰ জুৰীয়াত অনুষ্ঠিত সমূহীয়া নামাজত এই পৰিৱেশ দেখা পোৱা যায় । জুৰীয়াত সমূহীয়া ঈদৰ নামাজৰ ইমামতি কৰে জুৰীয়াস্থিত মাদ্ৰাছা দাৰুল উলুমৰ অধ্যক্ষ আব্দুল্লা মাদানীয়ে । পুৰুষৰ সৈতে মহিলায়ো ঈদৰ নামাজত অংশগ্ৰহণ কৰাৰ নিৰ্দেশ আছে বুলি উল্লেখ কৰে আহলে হাদিছৰ জুৰীয়া আঞ্চলিকৰ ইমাম আব্দুল্লা মাদানীয়ে ।

আনহাতে ঈদৰ দিনাই অসমবাসীক মাদানীয়ে দিলে এক ভাল খবৰ । জুৰীয়া দাৰুল উলুম মাদ্ৰাছাৰ পৰা দুজনকৈ ছাত্ৰই এইবাৰ মদিনা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰাৰ সুযোগ লাভ কৰিছে বুলি জনাই অধ্যক্ষ আব্দুল্লা মাদানীয়ে । ঈদ উল ফিটৰৰ নামাজত পুৰুষ-মহিলাৰ অংশগ্ৰহণে জুৰীয়াত সৃষ্টি কৰে উৎসৱমুখৰ পৰিৱেশৰ ।

লগতে পঢ়ক: বিশ্ব শান্তিৰ বাবে ইছলাম ধৰ্মাৱলম্বীৰ সমূহীয়া নামাজ - Eid Ul Fitr 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.