ETV Bharat / state

নিজৰ সপোন সামৰি পৰিয়াল চলোৱাৰ ভৰ মূৰ পাতি লোৱা বাই-ভনীহাল

author img

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 3:53 PM IST

Updated : Mar 1, 2024, 8:42 PM IST

Struggle story: দৈনিক কামৰ মাজতে অকস্মাতে অসুস্থ হৈ পৰে ঘৰ চলাই থকা মূল মানুহজন ৷ পৰিয়ালৰ লোকে জানিব পাৰিলে জটিল ৰোগত আক্ৰান্ত হোৱাৰ কথা ৷ কাহিনী তেতিয়াৰ পৰাই সলনি হৈ পৰিল ৷ পুনৰ কামলৈ বুলি ওলাই আহিব নোৱৰা পিতৃৰ মুখলৈ চাই ঘৰৰ সমস্ত দায়িত্ব মূৰ পাতি ল’লে ঘৰখনৰ দুই বাই-ভনীয়ে ৷ পিতৃ-মাতৃ আৰু একমাত্ৰ ভায়েকৰ মুখলৈ চাই সাপ্তাহিক বজাৰে বজাৰে ঘূৰে দুই উচ্চ শিক্ষিতা বাই-ভনী ৷

struggle story of two well educated sisters from golaghat
দুই উচ্চ শিক্ষিতা বাই-ভনীৰ কাহিনী

দুই উচ্চ শিক্ষিতা বাই-ভনীৰ কাহিনী

গোলাঘাট, 1 মাৰ্চ : আনে যোৱা বাটেৰে নোযোৱা দুজনী ছোৱালী, পূজা শইকীয়া আৰু প্ৰিয়া শইকীয়া ৷ ঘৰ গোলাঘাটৰ চিনাতলী গাঁৱত ৷ সুখেৰে চলি আছিল পাঁচজনীয়া পৰিয়াল ৷ পিতৃয়ে সাপ্তাহিক বজাৰে বজাৰে গুৰ বিক্ৰী কৰি সুন্দৰকৈ চলাই নিছিল পৰিয়ালটো । কিন্তু নিষ্ঠুৰ নিয়তিৰ কি পৰিহাস, হঠাৎ পিতৃ আক্ৰান্ত হৈ পৰে এক জটিল ৰোগত । তাৰ পাচতে পেটৰ ভাতমুঠিৰ লগতে পিতৃৰ চিকিৎসা আৰু সৰু ভাতৃৰ পঢ়া-শুনাৰ বাবে ঘৰখনৰ দুই জীয়াৰী ওলাই আহে গুৰ বিক্ৰী কৰিবলৈ ৷ সপ্তাহিক বজাৰত এতিয়া দুই বাই-ভনীয়ে গুৰ বিক্ৰী কৰি চলাই আছে পৰিয়ালটো । গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ শাওতলী বজাৰলৈ সদায় গুৰ বিক্ৰী কৰিবলৈ ওলাই আহে দুয়ো ৷

  • " class="align-text-top noRightClick twitterSection" data="">

কঠোৰ জীৱন সংগ্ৰাম কৰিছে দুয়োৱে ৷ বাদ দিব লগা হৈছে নিজৰ সপোন ৷ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালটোৰ দুই বাই-ভনী উচ্চ শিক্ষিতা । এগৰাকী স্নাতক ডিগ্ৰীধাৰী আন গৰাকী স্নাতক চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰী । একমাত্ৰ ভাতৃৰ পঢ়া-শুনাৰ দায়িত্ব পালন কৰাৰ পৰা আৰম্ভ কৰি পিতৃৰ চিকিৎসাৰ খৰচ বহন কৰাৰ লগতে এতিয়া দুয়োৰে কান্ধত ঘৰ চলোৱাৰ বোজা ।

এটা সপ্তাহ বজাৰলৈ নাহিলে পিচৰ দিনটোলৈ লঘোণে-ভোকে থকাৰ চিন্তা ! কিন্তু অতি পৰিতাপৰ বিষয় এই যে দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ লোক হোৱাৰ পাচতো বৰ্তমানলৈকে তেওঁলোকে পোৱা নাই চৰকাৰী বিভিন্ন আচঁনিৰ সুবিধা । বৰ্তমানলৈকে পৰিয়ালটোৱে পোৱা নাই প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ । লিষ্টত নাম থকাৰ পাচতো এতিয়ালৈকে নিৰ্মাণ কৰি দিয়া হোৱা নাই তেওঁলোকৰ বাসগৃহটো ৷ বতাহ বৰষুণ আহিলে ঘৰত থাকিব নোৱাৰা অৱস্থা হয় দৰিদ্ৰ পৰিয়ালটোৰ ।

ইয়াৰ উপৰিও পিতৃৰ চিকিৎসাৰ বাবে এতিয়া প্ৰয়োজন হৈছে বহু পৰিমাণৰ ধনৰ । যাৰ বাবে এতিয়া দিশহাৰা হৈ পৰিছে দুই পূজা আৰু প্ৰিয়া । পিতৃৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ এতিয়া সহায় বিচাৰিছে দুয়োৱে ৷ উল্লেখ্য যে, প্ৰিয়া শইকীয়া এগৰাকী ভাল বস্কিং খেলুৱৈ আছিল যদিও পিতৃৰ চিকিৎসাৰ বাবে বাবে নিজৰ সপোন বাদ দি এনেদৰে বাজাৰে বজাৰে গুৰ বিক্ৰী কৰিবলগীয়া হৈছে । তাৰ উপৰিও অসম আৰক্ষীৰ বিভিন্ন পৰীক্ষাসমূহত নিয়মিতভাৱে অৱতীৰ্ণ হৈ আহিছে প্ৰিয়া ।

লগতে পঢ়ক : গোলাঘাটত উদ্যানসহ ৭টা পথ উদ্বোধন অজন্তা নেওগৰ

Last Updated : Mar 1, 2024, 8:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.