ETV Bharat / state

গোলাঘাটত উদ্যানসহ ৭টা পথ উদ্বোধন অজন্তা নেওগৰ

author img

By ETV Bharat Assamese Team

Published : Feb 24, 2024, 8:37 PM IST

Municipal Park in Golaghat: পৰিত্যক্ত অৱস্থাত থকা ডাঃ প্ৰমোদাভিৰাম দাস পৌৰ উদ্যান মুকলি ।৬৩ সংখ্যক জন্মদিনত স্মৰণ শ্বহীদ পৰাগ কুমাৰ দাসক ।

Golaghat Municipality
বিত্ত মন্ত্ৰী অজন্তা নেওগ
বিত্তমন্ত্ৰী অজন্তা নেওগ

গোলাঘাট, ২৪ ফেব্ৰুৱাৰী: গোলাঘাট নগৰৰ মাজমজিয়াত পৌৰসভা কাৰ্যালয়ৰ সন্মুখত দীৰ্ঘদিন ধৰি পৰিত্যক্ত অৱস্থাত থকা ডাঃ প্ৰমোদাভিৰাম দাস পৌৰ উদ্যানখন ন-ৰূপত সজাই আজি বিত্তমন্ত্ৰী অজন্তা নেওগে উদ্বোধন কৰে । অসম চৰকাৰৰ ২০২১-২২ বৰ্ষৰ নগৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত উদ্যান সৌন্দৰ্যবৰ্ধন আৰু বিভিন্ন ধৰণৰ আন্তঃগাঁথনি বৈজ্ঞানিক পদ্ধতিৰে নিৰ্মাণ কৰি আজি উদ্ধোধন কৰে মন্ত্ৰীগৰাকীয়ে । উদ্যানখন উদ্ধোধন কৰি মন্ত্ৰী অজন্তা নেওগে উদ্যান চৌহদত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি জাতিৰ পিতাক শ্ৰদ্ধা জনায় ।

ইয়াৰ পাচতে উদ্যানত থকা নিৰ্ভিক সাংবাদিক শ্বহীদ পৰাগ কুমাৰ দাসৰ ৬৩ সংখ্যক জন্ম দিৱসৰ লগত সংগতি ৰাখি সাংবাদিক গৰাকীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিবেদন কৰে । তাৰ পাচতে আয়োজিত মুকলি সভাত মন্ত্ৰী অজন্তা নেওগে কয় যে গোলাঘাট নগৰৰ পৌৰ এলেকাত ২০২১- ২২ বৰ্ষৰ নগৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত নিৰ্মাণ হৈ থকা নলা-নৰ্দমা, উদ্যান আৰু জৰাজীৰ্ণ হৈ থকা পথ সমূহ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত নগৰত বসবাস কৰা সকলো লোকে সহায় সহযোগিতা কামনা কৰে ।

উল্লেখ্য যে ১৯৩০-৩২ চনত গোলাঘাট জিলাত ক'লাজ্বৰ ৰোগে মহামাৰী ৰূপ লোৱাত অসংখ্য লোকৰ মৃত্যু হৈছিল আৰু সমগ্ৰ জিলাতে এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল । সেই সময়তে গৌৰীপুৰৰ মহাৰজাৰ ব্যক্তিগত চিকিৎসক ডাঃ গুণাভিৰাম দাসক গোলাঘাটলৈ মাতি অনা হৈছিল যাতে বাচি থকা মানুহখিনিৰ চিকিৎসা কৰি পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰা যায় । তেওঁৰ তত্বাৱধানত গোলাঘাটত ক'লাজ্বৰ চিকিৎসালয় স্থাপন কৰা হৈছিল । পাচলৈ পিতৃৰ পদাংক অনুকৰণ কৰি কলকাতাত অধ্যয়ন কৰি চিকিৎসা ক্ষেত্ৰত ব্ৰতী হয় আৰু ১৯৩৯-৪০ বৰ্ষত গোলাঘাটত পোন প্ৰথমবাৰৰ বাবে চিকিৎসা সম্পৰ্কীয় পৰীক্ষাগাৰ স্থাপন কৰে ।

তেওঁ এগৰাকী সমাজকৰ্মী হিচাপেও জনাজাত আছিল আৰু পৰবৰ্তী সময়ত ১৯৬০-৬৪ চনত গোলাঘাট পৌৰসভাৰ পৌৰপতিৰ আসন অলংকৃত কৰে । পৌৰসভাৰ সভাপতি হৈ থাকোতে গোলাঘাট গুণাভিৰাম প্ৰেক্ষাগৃহ, তেওঁৰ পত্নীৰ জ্যোতিময় স্মৃতিত নগৰৰ চৰকাৰী বাছ আস্থানৰ সন্মুখত ভূমি দান কৰি জ্যোতিময় শিশু উদ্যান হিচাপে ঘোষণা কৰে ।

ডাঃ প্ৰমোদাভিৰাম দাস দিল্লীত অনুষ্ঠিত সংসদত অংশগ্ৰহণ কৰি ঘূৰি অহাৰ পথত ৰে'লত তেওঁৰ মৃত্যু হয় । পৰৱৰ্তী সময়ত ডাঃ প্ৰমোদাভিৰাম দাসৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে পৌৰসভাই উদ্যানখন তেওঁৰ নামত উৎসৰ্গিত কৰে । এই সভাতেই গোলাঘাট পৌৰসভাৰ পৌৰপতি দুলুমণি বৰবৰা, উপ-পৌৰপতি সীমান্ত বৰা, জিলা উন্নয়ন আয়ুক্ত অৰৰ্পা বাগলাৰী, জেষ্ঠ সাংবাদিক দীপেন দত্ত, সমাজকৰ্মী অমিয় বৰা, সত্যজিৎ বৰঠাকুৰ আদি উপস্থিত থাকে ।

লগতে পঢ়ক:অসম চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে আইনৰ দ্বাৰস্থ হ'ব জমিয়ত উলেমা-ই-হিন্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.