কোকৰাঝাৰত ৰাজ্যিক পৰ্যায়ৰ খেল মহাৰণৰ শুভাৰম্ভ
Khel Maharan 2023: কোকৰাঝাৰত ৰাজ্যিক পৰ্যায়ৰ খেল মহাৰণ প্ৰতিযোগিতা ৷ ৩৫ খন জিলাৰ ১৪৩২ গৰাকী খেলুৱৈৰ অংশগ্ৰহণ খেল মহাৰণ প্ৰতিযোগিতাত ৷ খেল মহাৰণ প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোচাই ৷

Published : March 1, 2024 at 10:19 PM IST
কোকৰাঝাৰ,১ মাৰ্চ: কোকৰাঝাৰ চহৰৰ কঠালগুৰীস্থিত ছাই ষ্টেডিয়ামৰ খেলপথাৰত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ৰাজ্যিক পৰ্যায়ৰ খেল মহাৰণৰ প্ৰতিযোগিতাসমূহ ৷ ৰাজ্যৰ ৩৫ খন জিলাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা ৰাজ্যিক পৰ্যায়ৰ খেল মহাৰণ প্ৰতিযোগিতাখনি শুকুৰবাৰে শুভ উদ্বোধন কৰে ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোচাই ৷ অহা ৫ মাৰ্চলৈ ৰাজ্যিক পৰ্যায়ৰ খেলমহাৰণ (এথেলিটিকছ) প্ৰতিযোগিতাসমূহ কোকৰাঝাৰত অনুষ্ঠিত হ'ব ৷
- " class="align-text-top noRightClick twitterSection" data="">
উল্লেখ্য যে ১৯ বছৰ অনুৰ্ধ আৰু ১৯ বছৰ উৰ্ধৰ পুৰুষ আৰু মহিলা শাখাত অনুষ্ঠিত হোৱা খেল মহাৰণ প্ৰতিযোগিতাত ৰাজ্যৰ ৩৫ খন জিলাৰ পৰা মুঠ ১৪৩২ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে ৷ কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা খেল মহাৰণ প্ৰতিযোগিতাত কেৱল এথেলেটিকছৰ খেলসমূহহে অনুষ্ঠিত হৈছে ৷ ইপিনে খেলমহাৰণ প্ৰতিযোগিতা শুভ উদ্বোধন কৰি ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোচাই কয় যে ৰাজ্যত যোৱা তিনিমাহৰ পৰা খেল মহাৰণ অনুষ্ঠিত হৈ আহিছে ।
লগতে তেওঁ আজি কোকৰাঝাৰত ৰাজ্যিক পৰ্যায়ৰ খেল মহাৰণৰ (এথেলিটিকচ) চুড়ান্ত প্ৰতিযোগিতা আৰম্ভ হ'ল বুলি উল্লেখ কৰি কোকৰাঝাৰৰ উপৰিও শিলচৰ, ডিফু, শোণিতপুৰ আৰু ডিব্ৰুগড়ত খেল মহাৰণৰ ৰাজ্যিক প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে । খেল মহাৰণে খেলুৱৈৰ সৃষ্টি কৰিব আৰু অসমৰ নাম উজলাই তুলিব বুলি মন্তব্য কৰে ক্ৰীড়ামন্ত্ৰীগৰাকীয়ে ।
প্ৰণিধানযোগ্য যে খেল মহাৰণ ৰপ্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ সৈতে কোকৰাঝাৰৰ বিধায়ক লৰেন্স ইছলাৰী, বিটিআৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য দাওবৈছা বড়ো, বিটিআৰৰ ক্ৰীড়া সচিব দিথকানন্দ হাজৰিকা, জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিৱেদী, জিলা আৰক্ষী অধীক্ষক পুস্পৰাজ সিংসহ কেইবাগৰাকী বিশিষ্ট উপস্থিত থাকে ।
লগতে পঢ়ক: জিন্টু গগৈ সোঁৱৰণী আন্তঃজিলা ছাব জুনিয়ৰ ছোৱালী খো-খো প্ৰতিযোগিতাৰ সামৰণি

