ETV Bharat / state

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আগন্তুক অধিৱেশনৰ স্থান যোৰহাট

author img

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 2:19 PM IST

Srimanta Sankaradeva Sangha 2024-25 session to be held in jorhat
যোৰহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন

Srimanta Sankaradeva Sangha : আগন্তুক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব যোৰহাটত । যোৰহাট জিলা শাখাৰ নামঘৰত প্ৰতিষ্ঠা কৰা হ'ল ধৰ্মধ্বজা ৷

যোৰহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন

যোৰহাট, 12 ফেব্ৰুৱাৰী : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক বাৰ্ষিক অধিৱেশন ৰঙিয়াৰ হাতীখলা পথাৰত সুকলমে অনুষ্ঠিত হৈ যায় ৷ ভক্তৰ সমাগমেৰে অধিৱেশনৰ দিনকেইটা যথেষ্ট উৎসাহৰ মাজেৰে পাৰ হয় ৷ এতিয়া 2025 বৰ্ষৰ বাবে অধিৱেশনৰ বাবে স্থান বাছি লোৱা হৈছে যোৰহাট ৷

2025 বৰ্ষত যোৰহাটত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪সংখ্যক বাৰ্ষিক অধিৱেশন । যোৰহাট জিলা শাখাৰ আতিথ্যত অনুষ্ঠিত হ'ব লগা অধিৱেশনখনৰ বাবে যোৰহাট জিলাই ৰঙিয়া অধিৱেশনৰ শেষত সংঘৰ ধৰ্মধ্বজা যোৰহাটলৈ লৈ আনে ৷ ভকত বৈষ্ণৱসকলে সংঘৰ ধৰ্মধ্বজা আদৰি আনি স্থাপন কৰে নগৰৰ মাজমজিয়াত থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলা শাখাৰ কাৰ্যালয়ৰ নামঘৰৰ প্ৰাংগণত ।

‘গুৰুজনাৰ সৃষ্টি আৰু প্ৰসাৰৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈ আহিছে আৰু আমি আজিৰ পৰাই 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে কাম কৰি যাম আৰু প্ৰস্তুতি আৰম্ভ কৰিম’, এই মন্তব্য কৰে যোৰহাট জিলা শাখাৰ নামঘৰৰ সভাপতিয়ে ৷ বাৰ্ষিক অধিৱেশনৰ বাবে ধৰ্মধ্বজা যোৰহাট জিলা শাখাৰ নামঘৰৰ মণিকূটত প্ৰতিষ্ঠা কৰি সভাপতিগৰাকীয়ে লগতে কয় যে যোৰহাট জিলাৰ কোন স্থানত অধিৱেশন অনুষ্ঠিত হ’ব সেয়া বৰ্তমানলৈকে থিৰাং কৰা হোৱা নাই কাৰণ মূল সমিতিয়ে যি স্থানৰ অনুমোদন দিয়ে সেই স্থানতে অধিৱেশন হ'ব ৷ আগন্তুক দুই এদিনৰ ভিতৰতে অধিৱেশনৰ স্থান নিৰ্ধাৰণ কৰা হ’ব ।

সম্ভৱত যোৰহাটৰ পূৱ প্ৰান্তৰ টীয়ক মেলেং বালিচাপৰিত 94 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন অনুষ্ঠিত হ’ব পাৰে বুলি ইংগিত দিয়ে যোৰহাট জিলা শাখাৰ সভাপতি গৰাকীয়ে । উত্তৰ-পূৱ এছিয়াৰ সৰ্ববৃহৎ ধৰ্মীয় আৰু জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন যোৰহাটত অনুষ্ঠিত হোৱাৰ খবৰে জিলাবাসীক আপ্লুত কৰি তুলিছে ।

লগতে পঢ়ক : আজি সামৰণি পৰিব 93 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.