ETV Bharat / state

অইল ইণ্ডিয়াৰ বিৰুদ্ধে গৰজি উঠিল ৰাজ্যৰ জাতীয় সংগঠন - Protest against Oil India

Protest against Oil India: অইল ইণ্ডিয়া কৰ্তৃপক্ষই চাৰিটাকৈ গুৰুত্বপূৰ্ণ বিভাগ স্থানান্তৰৰ সিদ্ধান্ত লৈছে । এই সিদ্ধান্তৰ বিৰুদ্ধে অসমৰ ৮ টাকৈ সংগঠনে দুলীয়াজানত থকা প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যালয়ত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । শীঘ্ৰে এই সিদ্ধান্ত বাতিলৰ দাবী প্ৰতিবাদকাৰীৰ ।

Protest against Oil India
অইল ইণ্ডিয়াৰ বিৰুদ্ধে গৰজি উঠিল ৰাজ্যৰ জাতীয় সংগঠন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 20, 2024 at 8:22 PM IST

2 Min Read
Choose ETV Bharat
অইল ইণ্ডিয়াৰ বিৰুদ্ধে গৰজি উঠিল ৰাজ্যৰ জাতীয় সংগঠন (ETV Bharat Assam)

ডিব্ৰুগড়,২০ মে': অইল ইণ্ডিয়াই দেশৰ অৰ্থনীতি সৱলীকৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । ১৯৫৯ চনৰ ১৮ ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা লাভ কৰা অইল ইণ্ডিয়া লিমিটেডে দীৰ্ঘ সময় ধৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলত খাৰুৱা তেল উৎপাদন কৰি দেশৰ অৰ্থনৈতিক চালিকা শক্তি হিচাপে বিবেচিত হৈ আহিছে । ডিব্ৰুগড় জিলাৰ দুলীয়াজানত থকা মুখ্য কাৰ্যালয়ৰ পৰাই অইল ইণ্ডিয়া লিমিটেডৰ সকলো কাম কাজ প্ৰতিষ্ঠাৰ দিনৰ পৰা পৰিচালিত হৈ আহিছে ।

কিন্তু দুলীয়াজানৰ মুখ্য কাৰ্যালয়ৰ পৰা অইল ইণ্ডিয়া লিমিটেডৰ চাৰিটাকৈ গুৰুত্বপূৰ্ণ বিভাগক স্থানান্তৰ কৰিবলৈ যো-জা চলোৱা বুলি খবৰ ওলাইছে । দুলীয়াজানৰ মুখ্য কাৰ্যালয়ৰ পৰা চাৰিটাকৈ গুৰুত্বপূৰ্ণ বিভাগ ক্ৰমে গাণনিক, মানৱ সম্পদ নিয়োগ, মানৱ সম্পদ উন্নয়ন, ঠিকা আৰু ক্ৰয় বিভাগ প্ৰথমে গুৱাহাটীলৈ আৰু পিচত নয়দালৈ স্থানান্তৰ কৰিব বুলি খবৰ ওলাইছে ।

এই সন্দৰ্ভত ধাৰাবাহিক প্ৰতিবাদৰ অন্তত অইল ইণ্ডিয়া কৰ্তৃপক্ষই সংবাদমেলযোগে তেনে কোনো সিদ্ধান্ত লোৱা হোৱা নাই বুলি জনাইছিল । কিন্তু অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ এই কথাত পতিয়ন যাব পৰা নাই অসমৰ বিভিন্ন সংগঠন । যাৰ বাবে ৰাজ্যখনৰ কেইবাটাও সংগঠনে অইল ইণ্ডিয়াৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ আৰম্ভ কৰিছে ।

তাৰ অংশ হিচাপে সোমবাৰে দুলীয়াজানৰ অইল ইণ্ডিয়াৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ৰাজ্যখনৰ প্ৰায় ৮ টাকৈ সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । টাই আহোম যুৱ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, অসম চাহ জনজাতি ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু সদৌ অসম সোণোৱাল কছাৰী যুৱ মঞ্চৰ দুলীয়াজান আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

অইলৰ মুখ্য কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি অইল ইণ্ডিয়া কৰ্তৃপক্ষক এই সিদ্ধান্ত বাতিল কৰিবলৈ সংগঠনকেইটাই দাবী জনায় । এই সিদ্ধান্ত বাতিল নকৰিলে সংগঠনকেইটাই ইয়াতকৈও ভয়ংকৰ আন্দোলন কৰাৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক :ৰাজপথত মাৰিছে মাছ; অভিনৱ প্ৰতিবাদেৰে জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ - Artificial Flood In Kalgachia