ETV Bharat / state

আজমল সংখ্যালঘুৰ ত্ৰাণকৰ্তা নহয়, ছদ্মবেশী প্ৰৱঞ্চকহে; আজমলৰ ঘনিষ্ঠৰ দাবী - Allegations on Badruddin Ajmal

author img

By ETV Bharat Assamese Team

Published : May 3, 2024, 5:18 PM IST

Allegations on Badruddin Ajmal
আজমলক ছদ্মবেশী প্ৰৱঞ্চক আখ্যা এসময়ৰ ঘনিষ্ঠৰ (ETV Bharat Assam)

Allegations on Badruddin Ajmal : আজমলৰ বিৰুদ্ধে এইবাৰ সৰৱ হৈছে তেওঁৰে এগৰাকী ঘনিষ্ঠ । উচ্চতম ন্যায়ালয়ত আজমলৰ হৈ কেইবাটাও গোচৰ চলোৱা তথা একালৰ আইনী উপদেষ্টা এ কে তালুকদাৰে আজমলৰ বিৰুদ্ধে উত্থাপন কৰিছে কেইবাটাও গুৰুতৰ অভিযোগ । আজমল আচলতে সংখ্যালঘুৰ ত্ৰাণকৰ্তা নহয়, বৰং এগৰাকী ছদ্মবেশী প্ৰৱঞ্চকহে বুলিও তালুকদাৰৰ মন্তব্য ।

আজমলৰ বিৰুদ্ধে সোচ্চাৰ এসময়ৰ আইনী উপদেষ্টা (ETV Bharat Assam)

গুৱাহাটী, ৩ মে' : এ আই ইউ ডি এফ-ৰ সভাপতি বদৰুদ্দিন আজমলৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ আনিছে এগৰাকী আজমলৰ ঘনিষ্ঠই । আজমলৰ একালৰ আইনী উপদেষ্টা তথা উচ্চতম ন্যায়ালয়ত আজমলৰ হৈ আইনী যুঁজ চলোৱা অধিবক্তা এ কে তালুকদাৰে সংবাদমেলত বদৰুদ্দিন আজমলৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ আনে ।

আনহাতে, সংখ্যালঘু সম্প্ৰদায়ৰ নাগৰিকত্বকে ধৰি বিভিন্ন প্ৰসংগত উচ্চতম ন্যায়ালয়ত যিবোৰ গোচৰ ৰুজু হৈছিল, তাত আজমলৰ কোনো ভূমিকা নথকাৰো দাবী অধিবক্তাগৰাকীৰ । লগতে আজমলে অধিবক্তা নিযুক্ত কৰি সংখ্যালঘুক উদ্ধাৰৰ কেৱল নাটক কৰাৰহে দাবী কৰে অধিবক্তাজনে । ইয়াৰ উপৰি কেৱল ৰাইজক দেখুৱাই ভোটলাভৰ বাবেহে আজমলে ন্যায়ালয়ত অধিবক্তা নিযুক্ত কৰাৰো গুৰুতৰ অভিযোগ আনে এ কে তালুকদাৰে ৷

আনহাতে, সৰ্বানন্দ সোণোৱালৰ জৰিয়তে আই এম ডি টি আইন বাতিল কৰাৰ পাচত আজমলে দল খুলিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে, সেই গোচৰৰ কিন্তু আজমলে প্ৰত্যাহ্বান নজনালে । ইয়াৰ উপৰি নাগৰিকত্বৰ ভিত্তিবৰ্ষৰ গোচৰ, 'কা'ৰ গোচৰকে আদি কৰি বিভিন্ন গোচৰত আজমলে ভাল অধিবক্তা নিয়োগ কৰা নাই বুলিও তেওঁ অভিযোগ কৰে । ইফালে সকলো কথাতেই গোচৰ দিয়ে যদিও আজমলে কিন্তু ভাল অধিবক্তা নিয়োগ নকৰে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে আনে কৰা কামৰ পৰাহে আজমলে বাঃ বাঃ লয় ।

উল্লেখ্য যে, এন আৰ চিৰ ভিত্তিবৰ্ষৰ গোচৰত আজমলৰ উকীল নাছিল বুলি উল্লেখ কৰি অধিবক্তাগৰাকীয়ে কয় যে এই গোচৰ সম্ভৱ হৈছে তৰুণ গগৈ, ৰকিবুল হুছেইন, আনফৰ জমিয়ত আৰু আমছুৰ বাবেহে । আজমল আচলতে সংখ্যালঘুৰ ত্ৰাণকৰ্তা নহয়, বৰং এগৰাকী ছদ্মবেশী প্ৰৱঞ্চকহে বুলিও তালুকদাৰৰ মন্তব্য । আনহাতে, দিনে-ৰাতিয়ে আজমলে কোৱা মিছা কথাবোৰত অতিষ্ঠ হৈ তেওঁ সংবাদমেল আয়োজন কৰিবলৈ বাধ্য হোৱা বুলিও উল্লেখ কৰে ।

লগতে পঢ়ক : পৰাজয়ৰ আশংকাত ভীতিগ্ৰস্ত হৈ নিজৰ দলীয় কৰ্মীক প্ৰহাৰ কৰিছে আজমলে; ৰকিবুল হুছেইন - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.