কাঠফুলা খেতিৰে স্বাৱলম্বী ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক জোতিৰ্ময়
Self-reliant Story: কাঠফুলা উৎপাদনেৰে স্বাৱলম্বী সৰুপথাৰৰ এজন ছাত্ৰ । স্নাতকোত্তৰ মহলাৰ ছাত্ৰই ছাত্ৰাৱস্থাৰ পৰাই দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন । কেইবাটাও ৰাষ্ট্ৰীয় বঁটা লাভ কৰা সৰুপথাৰৰ জ্যোতিৰ্ময় বৰগোঁহাই এতিয়া নৱপ্ৰজন্মৰ বাবে হৈ পৰিছে আদৰ্শ ।

Published : February 22, 2024 at 11:03 AM IST
সৰুপথাৰ,২২ ফেব্ৰুৱাৰী: কাঠফুলা উৎপাদনেৰে সৰুপথাৰৰ পদুমণিৰ জ্যোতিৰ্ময় বৰগোঁহাইয়ে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন । কৃষি অৰ্থনীতি আৰু পাম পৰিচালনা ব্যৱস্থাপনা বিভাগ, অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটত অধ্যয়নৰত ছাত্ৰ জ্যোতিৰ্ময় । ছাত্ৰ অৱস্থাতেই নিজৰ খৰচ বহন কৰিব পৰাকৈ কাঠফুলা উৎপাদন কৰি সফল হৈছে ছাত্ৰজন ।
সামাজিক ক্ষেত্ৰখনত সক্ৰিয় ভূমিকা আগবঢ়োৱা জ্যোতিৰ্ময়ে ২০২৪ বৰ্ষত ইটোৰ পিছত সিটোকৈ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । শেহতীয়াকৈ জ্যোতিৰ্ময়ে সামাজিক ক্ষেত্ৰখনৰ লগত জড়িত হৈ বিভিন্ন সেৱা আগবঢ়োৱাৰ বাবে ১৭ ফেব্ৰুৱাৰীত সদৌ অসম পৰ্যটন ছাত্ৰ সন্থাৰ ষষ্ঠ বাৰ্ষিক অধিবেশনৰ লগতে উত্তৰ পূব পৰ্যটন ছাত্ৰ সন্থাৰ সহযোগত গুৱাহাটীৰ PWD প্ৰশিক্ষণ আৰু সন্মিলন কেন্দ্ৰত আয়োজন কৰা দোকমোকালি বঁটা বিতৰণী অনুষ্ঠানত "Best Youth Social Activist" বঁটা প্ৰদান লাভ কৰে ।
ইয়াৰ পূৰ্বে একেটা বিষয়ৰ বাবেই জ্যোতিৰ্ময় বৰগোহাঁইক জানুৱাৰী মাহত সৰ্বভাৰতীয় স্বেচ্ছাসেৱী সংগঠন ইয়ংগিস্তান ফাউণ্ডেশ্বনে মুম্বাইত "প্ৰাইড অৱ ইয়ং হিন্দুস্থান ২০২৪" বঁটা আৰু যোৱা ৩ ফেব্ৰুৱাৰী তাৰিখে বিহাৰৰ চাপৰা জিলাত অনুষ্ঠিত অষ্টম সংখ্যক বাৰ্ষিক নেচনেল য়ুথ এক্সেঞ্জ অনুষ্ঠানত ফেইচ অৱ ফিউচাৰ ইণ্ডিয়াই "ৰাষ্ট্ৰীয় প্ৰেৰণা দূত বঁটা" প্ৰদান কৰিছিল ।
উল্লেখ্য যে, ধুবুৰীৰ শৰৎ চন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়ত স্নাতক ডিগ্ৰী অধ্যয়ন কৰি থকা সময়ৰ পৰাই জ্যোতিৰ্ময়ে সামাজিক ক্ষেত্ৰখনৰ লগত জড়িত হৈ অসম চৰকাৰৰ অন্তৰ্গত ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়, অসমৰ তৰফৰ পৰা ২০২০-২১ বৰ্ষৰ স্বেচ্ছাসেৱক শ্ৰেণীত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ 'অসম ৰাজ্যিক' বঁটা লাভ কৰিবলৈও সক্ষম হৈছিল ৷ ছাত্ৰজনে শৰৎ চন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়ত স্নাতক ডিগ্ৰী অধ্যয়ন কৰি থকা সময়ত সাধাৰণ সম্পাদক আৰু সাংস্কৃতিক সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ।

