ঐনিতম সম্রাজ্ঞী তৰাৱতী মিলি বৰিলৈ সংগীত নাটক অকাদেমি সন্মান
Sangeet Natak Akademi Award: ঘোষণা হ'ল ভাৰত চৰকাৰৰ ২০২২-২৩ বৰ্ষৰ সংগীত নাটক অকাদেমি সন্মান । সংগীত নাটক অকাদেমি সন্মানেৰে উজলি উঠিল জোনাইৰ মিচিং জনগোষ্ঠীৰ লোকসংগীতৰ সাধক তথা ঐনিতম সম্রাজ্ঞী তৰাৱতী মিলি বৰি । এই সন্মান লাভ কৰি আনন্দিত শিল্পীগৰাকী ।

Published : February 28, 2024 at 8:47 PM IST
জোনাই,২৮ ফেব্ৰুৱাৰী: নিৰলস সাধনা, প্ৰচুৰ কৰ্মোদ্যম আৰু প্ৰতিভাৰে নিজ নিজ কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰি অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনক এক বিশেষ স্থানত উপনীত কৰাবলৈ সক্ষম হোৱা ৰাজ্যৰ ১২ গৰাকী কৃতী, প্ৰতিভাৱান ব্যক্তিলৈ আগবঢ়োৱা হৈছে সংগীত নাটক অকাদেমি সন্মান । বিগত দুটা বছৰৰ বাবে মঙলবাৰে সংগীত নাটক অকাদেমিয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে অকাদেমি ফেল', সন্মান আৰু পুৰস্কাৰপ্ৰাপ্তসকলৰ তালিকা ।
- " class="align-text-top noRightClick twitterSection" data="">
সাংস্কৃতিক ক্ষেত্ৰখনত দেশৰ বিভিন্ন ৰাজ্যৰ কেইবাগৰাকী ব্যক্তিলৈ আগবঢ়োৱা ২০২২ আৰু ২০২৩বৰ্ষৰ সন্মান আৰু পুৰস্কাৰৰ কথা ঘোষণা কৰে সংগীত নাটক অকাদেমিয়ে । ইয়াৰে ভিতৰত মিচিং লোক-সংগীতৰ বাবে ভাৰত চৰকাৰৰ ২০২২-২৩ বৰ্ষৰ সংগীত নাটক অকাদেমি সন্মানেৰে উজলি উঠিল জোনাইৰ মিচিং জনগোষ্ঠীৰ যশস্বী কণ্ঠশিল্পী 'নিতম দকচৰি' খ্যাত তৰাৱতী মিলি ওৰফে তৰাৱতী বৰি ৷
অসমৰ মিচিং জনগোষ্ঠীৰ কিংবদন্তি কুকিল কণ্ঠশিল্পী, নিতম দকচৰি মিচিং ঐনিতম সম্ৰাজ্ঞী খ্যাত, অসম চৰকাৰৰ শিল্পী পেঞ্চনপ্ৰাপক, ড৹ ভূপেন হাজৰিকা সংহতি বঁটা ২০২২, প্ৰাগ প্ৰেৰণা সন্মান ২০১৯, মিচিং স্বায়ত্ত শাসিত পৰিষদৰ বিশেষ সন্মান-২০১৫, মিচিং দৃৰবৌ কৌবাঙে নিতম দকচৰি সন্মানকে আদি কৰি আন বহু পুৰস্কাৰেৰে পুৰস্কৃত হোৱা তাৰাৱতী মিলি বৰি জোনাই মহকুমাৰ ৰতকে গাঁৱৰ নিবাসী তথা অসম চৰকাৰৰ আৰক্ষী বিভাগৰ শীৰ্ষ স্থানপ্ৰাপ্ত অৱসৰপ্ৰাপ্ত বিষয়া স্বৰ্গীয় লক্ষ্মী বৰিৰ পত্নী ৷
সাধাৰণ পিছপৰা মিচিং সমাজৰ সাংস্কৃতিক ক্ষেত্ৰৰ জৰিয়তে সমৰ্পিত লোক-সংগীতত লাভ সাফল্যৰ জৰিয়তে এনে সন্মান অৰ্জন কৰিবলৈ সক্ষম হোৱাটো কেৱল মিচিং জনজাতিৰ বাবেই গৌৰৱ নহয়, ই সমগ্ৰ অসমৰ গৌৰৱ ৷ ভাৰত চৰকাৰৰ ২০২২-২৩ বৰ্ষৰ সংগীত নাটক অকাদেমি সন্মান ঘোষণাৰ পিছতে শিল্পীগৰাকী আৱেগিক হৈ পৰাৰ লগতে আনন্দিত বুলি জানিবলৈ দিয়ে ৷ সংগীত নাটক অকাদেমিৰ এই বঁটা লাভ কৰি সমগ্ৰ ৰাজ্যবাসীক ধন্যবাদ জ্ঞাপন কৰে লোক-সংগীতৰ সাধক তথা জনপ্ৰিয় শিল্পীগৰাকীয়ে ৷
লগতে পঢ়ক: মাজুলীৰ তিনি শিল্পীলৈ সংগীত নাটক অকাদেমি বঁটা: আনন্দৰ লহৰ

