ETV Bharat / state

মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰ বহি থকা নাই: ৰমেন্দ্ৰ নাৰায়ণ কলিতা - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 5, 2024, 5:44 PM IST

Barpeta Lok Sabha constituency: বৰপেটা লোকসভা সমষ্টিত ফণীভূষণ চৌধুৰী ৩ লাখৰো অধিক ভোটত জয়যুক্ত হোৱাটো নিশ্চিত বুলি দাবী ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ ৷ বৰৰপেটাত এখন বুথ কৰ্মীসভাত অংশগ্ৰহণ কৰি এই মন্তব্য কলিতাৰ । বুথ কৰ্মীসকলক প্ৰতিগৰাকী ভোটাৰৰ ঘৰে ঘৰে যোৱাৰ নিৰ্দেশ অগপৰ ।

Ramendra Narayan Kalita Dimand that Phanibhushan Chaudhary will win by over 3 lakh votes
বৰপেটা লোকসভা সমষ্টিত অগপৰ নিৰ্বাচনী প্ৰচাৰ

বৰপেটা লোকসভা সমষ্টিত অগপৰ নিৰ্বাচনী প্ৰচাৰ

বৰপেটা,৫ এপ্ৰিল: লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তীব্ৰতৰ হৈছে নিৰ্বাচনী প্ৰচাৰ । প্ৰতিটো ৰাজনৈতিক দলেই এতিয়া ভোট বিচাৰি কাষ চাপিছে ৰাইজৰ । প্ৰচাৰ অভিযান তুংগত তুলিছে মিত্ৰজোঁটৰ দল অগপই । বৰপেটাত অগপৰ প্ৰতিটো বুথৰ কাৰ্যকৰ্তাসকলক ভোটাৰৰ ঘৰে ঘৰে যোৱাৰ নিৰ্দেশ প্ৰদান কৰাৰ পাচতে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান ৷

শুকুৰবাৰে বৰপেটাত অগপৰ বুথ কৰ্মীসভাত অংশ লৈ অগপৰ জ্যেষ্ঠ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বুথৰ কাৰ্যকৰ্তাসকলক ভোটাৰৰ ঘৰে ঘৰে গৈ বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলোৱাৰ বাবে আহ্বান জনায় ৷ বৰপেটা লোকসভা সমষ্টিৰ ৰাইজৰ উৎসাহ দেখি ফণীভূষণ চৌধুৰী ৩ লাখৰো অধিক ভোটত জয়যুক্ত হোৱাটো নিশ্চিত বুলিও দাবী কৰে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমৰ উন্নয়ন বিকাশৰ বাবে কৰা কামক লৈ ৰাইজ সন্তুষ্ট বুলি কৰে কলিতাই ৷ লগতে তেওঁ কয় যে ৰাইজে যি ধৰণে আশা কৰিছিল হয়তো ১০০ শতাংশ পুৰণ নহ'লেও ৯০ শতাংশ পূৰণ হোৱা বুলি ৰাইজে স্বীকাৰ কৰিছে ৷ ইপিনে মূল্যবৃদ্ধিৰ প্ৰসংগক লৈ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ৰমেন্দ্ৰ নাৰায়ণ কলিতাই মূল্যবৃদ্ধি হোৱাটো স্বীকাৰ কৰিব লাগিব বুলি মন্তব্য কৰে ৷

অৱশ্যে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰ বহি থকা নাই ৷ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰে নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে ৷ অসম গণ পৰিষদে ইতিমধ্যে CAA সন্দৰ্ভত স্থিতি স্পষ্ট কৰিছে ৷ এই সম্পৰ্কত উচ্চতম ন্যায়ালয়তো গোচৰ ৰুজু কৰিছে অগপই ৷ "আমি আমাৰ কাম কৰিছো" বুলি উল্লেখ কৰি বিধায়ক কলিতাই কয় যে CAA খন যিহেতু আইনত পৰিণত হ'ল সেয়ে উচ্চতম ন্যায়ালয়ৰ বাদে আন ক'তোৱেই ইয়াৰ সুবিচাৰ নাপায় ৷ ন্যায়ালয়েই ইয়াৰ ৰায় দিব লাগিব ৷ ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নলবাৰীলৈ অহা প্ৰসংগতো মন্তব্য কৰে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ৷

লগতে পঢ়ক: নলবাৰীত প্ৰধানমন্ত্ৰীৰ জনসভাৰ স্থান পৰিদৰ্শন ভৱেশ কলিতা-জয়ন্ত মল্লবৰুৱাৰ - LOK SABHA ELECTION 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.