ETV Bharat / politics

নলবাৰীত প্ৰধানমন্ত্ৰীৰ জনসভাৰ স্থান পৰিদৰ্শন ভৱেশ কলিতা-জয়ন্ত মল্লবৰুৱাৰ - LOK SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : Apr 5, 2024, 1:32 PM IST

LOK SABHA POLLS 2024
১৭ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ

PM Modi To Visit Assam : ১৭ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব অসমলৈ । প্ৰধানমন্ত্ৰীগৰাকীয়ে নলবাৰীত এখন জনসভাত অংশগ্ৰহণ কৰিব । এই সভাত ২ লক্ষাধিক লোকে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে ।

১৭ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ

নলবাৰী, ৫ এপ্ৰিল: অহা ১৭ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত অংশ ল'ব নিৰ্বাচনী সভাত । নলবাৰীত এখন নিৰ্বাচনী সভাত অংশ ল'ব প্ৰধানমন্ত্ৰীৰাকীয়ে । এই লৈ ৰাজ্য়িক বিজেপিৰ নেতৃত্ব তৎপৰ হৈছে । কালি (বৃহস্পতিবাৰ) নলবাৰীত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাসহ দুই কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু চন্দ্ৰমোহন পাটোৱাৰীয়ে উক্ত সভাৰ স্থান পৰিদৰ্শন কৰে ।

তিনিটাকৈ লোকসভা সমষ্টিৰ পৰা প্ৰায় ২ লক্ষাধিক লোকে এই সভাত অংশগ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে ৰাজ্য়িক বিজেপিৰ নেতৃত্বই । বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসভা সম্বোধন কৰিবলগীয়া ঠাই পৰিদৰ্শন কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ লগতে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে ।

তেওঁলোকে উল্লেখ কৰা মতে, দৰং-ওদালগুৰি,বৰপেটা আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা আহিব এই দুই লক্ষাধিক জনতা । ইয়াৰ পিচতেই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ লগতে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা প্ৰসংগত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে ভূপেন বৰা এতিয়া ব্যস্ত টিকট দিওঁতে পইছা লৈছে নে নাই সেই বিষয়বোৰত । চেক দিছে নে কেছ লৈছে এইবোৰকলৈয়ে ব্যস্ত আছে ভূপেন বৰা । এইবুলি কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে লগতে ভাৰতত কংগ্ৰেছ ৩০ ৰ তলত আসন লাভ কৰিব বুলিও মন্তব্য কৰে ।

মন্ত্ৰীগৰাকীয়ে অসমত কংগ্ৰেছ শূন্য হ’ব বুলিও মন্তব্য কৰে । ইপিনে তেওঁ যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ সন্দৰ্ভত মন্তব্য় কৰি কয় যে গৌৰৱ গগৈয়ে কমেও আঢ়ৈলাখ ভোটত পৰাজয় বৰণ কৰিব ৷ একেদৰে ৰাজ্য়িক বিজেপিৰ সভাপতি ভৱেশ কলিতায়ো কটাক্ষ কৰে কংগ্ৰেছক ।

তেওঁ কয়, "কংগ্ৰেছ দুচকীয়া নোটতত পৰিণত হৈছে । সেইখন নোট কাৰো পকেটত নাথাকে, সকলোৱে পেলাই দিয়ে । কংগ্ৰেছকো পেলাই দিছে । পাম্পচাৰ হোৱা গাড়ীত মানুহে উঠিব নিবিচাৰে । এতিয়া মানুহে কংগ্ৰেছৰ লগত নহয়, বিকাশৰ লগতহে থাকিব বিচাৰে ।"

লগতে পঢ়ক : নিৰ্বাচনী প্ৰচাৰৰ বাবে ১৭ এপ্ৰিলত নলবাৰীলৈ আহিব প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী - PM Modi to visit Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.