ETV Bharat / state

বঙাইগাঁৱৰ কিশোৰীৰ মৃত্যু ঘটনাৰ ন্যায়ৰ দাবীত ঘেৰাও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়

author img

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 7:36 AM IST

Bongaigaon Murder Case : বঙাইগাঁৱৰ কিশোৰীৰ মৃত্যুৰ ঘটনাৰ প্ৰতিবাদত প্ৰতিবাদী সমদল । জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতি ৷

Public protest against Minor Girl Murder Case in front of Bongaigaon SP office
Public protest against Minor Girl Murder Case in front of Bongaigaon SP office

প্ৰতিবাদী সমদল

বঙাইগাঁও, 21 মার্চ : বঙাইগাঁৱৰ কিশোৰীৰ মৃত্যুৰ ঘটনাৰ প্ৰতিবাদত বুধবাৰে একাংশ সংগঠন আৰু ৰাইজে এক প্ৰতিবাদী সমদল বাহিৰ কৰে ৷ ধাৰাষাৰ বৰষুণকো নেওচি বঙাইগাঁও চহৰৰ ৰোলিং মিলৰ সন্মুখৰ পৰা পাগলাস্থানৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ উলিওৱা এই প্ৰতিবাদী সমদলৰ ফলত এটা সময়ত অনিয়ন্ত্ৰিত হৈ পৰে পৰিস্থিতি ৷

একাংশ প্ৰতিবাদকাৰীয়ে আৰক্ষী অধীক্ষকৰ কাৰ্যালয় চৌহদত প্ৰৱেশ কৰিবলৈ চেষ্টা চলোৱাত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় ৷ অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে, বুধবাৰে ৰোলিং মিলৰ সন্মুখৰ পৰা আৰম্ভ কৰা প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰাসকলে গোটেই পথছোৱা কিশোৰীগৰাকীৰ মৃত্যুৰ ঘটনাৰ ন্যায়ৰ দাবী তোলাৰ লগতে বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ সমদলকাৰীসকলক আৰক্ষীয়ে আদবাটতে বাধা প্ৰদান কৰি ৰখাবলৈ চেষ্টা কৰে যদিও আৰক্ষীৰ বাধা নেওচি মূল ৰাজপথেৰে পাগলাস্থানস্থিত জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ অগ্ৰসৰ হয় ৷

ইয়াৰ মাজতে একাংশ প্ৰতিবাদকাৰীয়ে টেম্প এখনক আক্ৰমণ কৰিবলৈ উদ্যোত হয় যদিও আৰক্ষী আৰু একাংশ প্ৰতিবাদকাৰীয়ে কোনো মতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ এটা সময়ত এই প্ৰতিবাদী সমদল পাগলাস্থানৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হয় আৰু প্ৰতিবাদ সাব্যস্ত কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

কিন্তু আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বুজনি দিয়াৰ চেষ্টা চলায়ো ব্যৰ্থ হয় ৷ আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ জোৱানৰ বাধাত প্ৰতিবাদকাৰীসকলে কাৰ্যালয় চৌহদত প্ৰৱেশ কৰিবলৈ সক্ষম নোহোৱাত প্ৰতিবাদকাৰীসকলে ৰাজপথ অৱৰোধ কৰে ৷ প্ৰতিবাদকাৰীসকলৰ এনে কাৰ্যত ক্ষুন্ন হৈ পৰে জিলাৰ উপ আৰক্ষী অধীক্ষকগৰাকী ৷

তেওঁ প্ৰতিবাদকাৰীসকলক ৰাজপথ মুকলি কৰি দিবলৈ নিৰ্দেশ দিয়ে ৷ পাচত প্ৰতিবাদস্থলীত দুগৰাকীকৈ কাৰ্যবাহী দণ্ডাধীশ উপস্থিত হৈ প্ৰতিবাদকাৰীসকলক বুজনি দি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা চলায় ৷ ইয়াৰ পাচত মৃত কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকৰ লগতে প্ৰতিবাদী কাৰ্যসূচীৰ আগভাগ লোৱা কেইবাজনো প্ৰতিনিধিৰ সৈতে জিলাৰ আৰক্ষী অধীক্ষকে আলোচনাত মিলিত হয় ৷

লগতে আৰক্ষীয়ে সঠিকভাৱে তদন্ত প্ৰক্ৰিয়া আগুৱাই নিয়া হ’ব বুলি প্ৰতিবাদকাৰীসকলক অৱগত কৰে ৷ ফৰেনচিক পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পাচত বাকী তদন্ত প্ৰক্ৰিয়া সেই মতে আগবঢ়াই নি আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে আৰক্ষীয়ে ৷ ইয়াৰ পাচতহে প্ৰতিবাদকাৰীসকলে প্ৰতিবাদী কাৰ্যসূচীৰ সামৰণী মাৰে ৷

উল্লেখ্য যে, যোৱা 5 মার্চৰ সন্ধিয়া নিৰুদ্দেশ হোৱা এগৰাকী কিশোৰীৰ 8 মার্চত উদ্ধাৰ হৈছিল মৃতদেহ ৷ মৃতদেহ উদ্ধাৰ হোৱাৰ পিচত ৰাইজে সাব্যস্ত কৰিছিল প্ৰতিবাদ । ৰাইজে আৰক্ষী-প্ৰশাসনক ঘটনাৰ তদন্ত কৰিবলৈ 7 দিনৰ সময় সীমা বান্ধি দিছিল ৷

কিন্তু ইতিমধ্যে সেই সময়সীমা উকলি গৈছে যদিও তদন্ত প্ৰক্ৰিয়া সমাপ্ত হোৱা নাই ৷ ফলত কিশোৰীগৰাকীৰ মৃত্যুৰ ঘটনাৰ ন্যায় প্ৰদানৰ লগতে দোষীৰ বিৰুদ্ধে বিহিত শাস্তি প্ৰদানৰ ক্ষেত্ৰত বিলম্ব হোৱাত এইদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷

লগতে পঢ়ক : বঙাইগাঁৱৰ ডাংতলত কিশোৰীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.