বঙাইগাঁৱৰ ডাংতলত কিশোৰীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 6:49 PM IST

thumbnail

বঙাইগাঁও,৮ মাৰ্চ : আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি দেশজুৰি ব্যাপক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । এনে ব্যস্ততাৰ মাজতে বঙাইগাঁও জিলাৰ ডাংতল ৰে'লৱে মৰ্কেটৰ সমীপত উদ্ধাৰ হয় এগৰাকী কিশোৰীৰ মৃতদেহ । যোৱা ৬ মাৰ্চৰ পৰা সন্ধানহীন হৈ আছিল কিশোৰীগৰাকী । নিৰুদ্দিষ্ট কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে অঞ্চলটোত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে । ইফালে কিশোৰীগৰাকীক হত্যা কৰাৰো দাবী কৰিছে পৰিয়াল তথা স্থানীয় লোকে । হত্যাকাৰীক শাস্তিৰ দাবীত আৰক্ষীৰ সন্মুখতে ক্ষোভিত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ।

পৰিয়ালৰ লোকে জনোৱা মতে ৬ মাৰ্চৰ সন্ধিয়াৰে পৰা সন্ধানহীন হৈ আছিল কিৰোশীগৰাকী ৷ কিন্তু শুকুৰবাৰে ডাংতলৰ পানীৰ টেংকীৰ সমীপত কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয় ৷ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এজন যুৱকক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :ঘৰে ঘৰে পাৰ্চেল বিলাই সংসাৰ চলোৱা এটি বিশেষ নাৰী সত্বা পিংকী মালাকাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.