ETV Bharat / state

উত্তাল কাৰ্বি আংলং, টায়াৰ জ্বলাই অৰ্ধ নগ্ন প্ৰতিবাদ, ধৰ্ণা-ৰেলী

author img

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 10:00 PM IST

Kheroni Violence : কাৰ্বি আংলং জিলা সদৰ ডিফু চহৰকে ধৰি দুয়োখন পাৰ্বত্য জিলাত বিভিন্ন প্ৰান্তত বন্ধৰ পৰিৱেশ ৷ পৰিস্থিতি কিছু নিয়ন্ত্ৰণাধীন হৈ আছে যদিও দুয়োখন পাৰ্বত্য জিলাত চেঁপা উত্তেজনাই বিৰাজ কৰি আছে ৷

Kheroni Violence
দুয়োখন পাৰ্বত্য জিলাত চেঁপা উত্তেজনা

প্ৰতিবাদত উত্তাল কাৰ্বি আংলং

ডিফু, 16 ফেব্ৰুৱাৰী : পশ্চিম কাৰ্বি আংলং জিলাৰ পিজিআৰ-ভিজিআৰ ভূমিত জিলাখনৰ বিহাৰী সম্প্ৰদায়ে বসবাসৰ বাবে অনুমতি বিচৰাৰ লগতে সংৰক্ষিত ভূমিত পট্টা প্ৰদানৰ দাবী ৰাষ্ট্ৰপতিৰ ওচৰত উত্থাপন কৰাৰ পাচৰে পৰা জিলাখনৰ খেৰণিত বিগত কিছুদিনৰ পৰা মৃদু উত্তেজনাই বিৰাজ কৰি আছিল ৷ কাৰ্বি যুব মহোৎসৱৰ সোণালী জয়ন্তীত অংশগ্ৰহণ কৰাৰ বাবে জিলাখনলৈ আহিবলগীয়া দেশৰ ৰাষ্ট্ৰপতিক বিহাৰী সংগঠনে ভিজিআৰ-পিজিআৰ ভূমিত বসবাসৰ অনুমতি প্ৰদানৰ বাবেএখন স্মাৰক পত্ৰ শ্বিলঙত প্ৰদান কৰিছিল ৷ ইয়াকে কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আঞ্চলিক ৰাজনৈতিক দল এএছডিচিৰ যুব সংগঠন আৰু কাৰ্বি ছাত্ৰ সন্থাৰ এটা গোটে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

গোটটোৱে ইয়াৰ প্ৰতিবাদত পশ্চিম কাৰ্বি আংলঙৰ খেৰণি আৰু ডংকামোকামত বৃহস্পতিবাৰে শান্তিপূর্ণ প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ প্ৰতিবাদকাৰীৰ ওপৰত খেৰণিত বৃহস্পতিবাৰে নিশা দুস্কৃতিকাৰীয়ে আক্ৰমণ চলোৱাত ছাত্ৰ সংগঠনকেইটাৰ কেইবাগৰাকীও সদস্য গুৰুতৰভাবে আহত হয় ৷ বৃহস্পতিবাৰে নিশাৰ পৰা প্ৰতিবাদকাৰী ছাত্ৰ সংগঠনৰ সদস্যসকলে এই স্থান অৱৰোধ কৰি ৰখাৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰি আছিল ৷ আজি পুৱা এই ঘটনা প্ৰচাৰ হোৱাৰ লগে লগে দুয়োখন পাৰ্বত্য জিলাত তীব্ৰ উত্তেজনা বিয়পি পৰে ৷ খেৰণিকে ধৰি কাৰ্বি আংলং জিলা সদৰ ডিফুত পুৱাৰে পৰা দোকান-পোহাৰ বন্ধ কৰি দিয়ে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদকাৰীয়ে ৷

ডিফুত উত্তাল প্ৰতিবাদ সাব্যস্ত হোৱাৰ তথ্য দুয়োখন পাৰ্বত্য জিলাত বনজুইৰ দৰে বিয়পি পৰে আৰু দুয়োখন জিলাৰ বিভিন্ন প্ৰান্তত তীব্ৰ প্ৰতিবাদ আৰম্ভ হয় ৷ হিন্দী ভাষী এচাম লোকে ছাত্ৰ সংগঠনটোৰ প্ৰতিবাদকাৰী ছাত্ৰ সংগঠনৰ সদস্যৰ ওপৰত আক্ৰমণ চলোৱা বুলি প্ৰচাৰ হোৱাৰ লগে লগে উত্তেজনাপূর্ণ পৰিস্থিতিৰ সৃষ্টি হয় ৷ পশ্চিম কাৰ্বি আংলং আৰক্ষী আৰু জিলা প্ৰশাসনে তৎপৰতাৰে 25 গৰাকী লোকক ঘটনাৰ সৈতে জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে ৷ জিলা আয়ুক্ত মধুমিতা ভাগৱতীয়ে বিষয়টো সন্দৰ্ভত এএছডিচি, কাৰ্বি ছাত্ৰ সন্থা আৰু আন দল-সংগঠনৰ সৈতে আলোচনাত মিলিত হৈ শান্তি-সম্প্ৰীতি বর্তাই ৰখাৰ আহ্বান জনায় ৷

এই সন্দৰ্ভত এএছডিচি দলে এখন সংবাদমেল সম্বোধন কৰি স্পষ্ট কৰি দিয়ে যে তেওঁলোকে কোনো বন্ধৰ আহ্বান কৰা নাই ৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কার্যবাহী সদস্য জৎছন বে' সহ বহু নেতাই সংবাদমেলত কয় যে, বন্ধ আহ্বান কৰাৰ দাবী উত্থাপন হৈছিল যদিও চলি থকা গুৰুত্বপূর্ণ পৰীক্ষাসমূহৰ বাবে জনতাক অসুবিধাত পেলাই তেওঁলোকে বন্ধ আহ্বান কৰাৰ পৰা বিৰত থাকে ৷ ইয়াৰ লগতে এই ঘটনাত জড়িত থকা দোষীসকলক উচিত শাস্তি প্ৰদান কৰাৰ লগতে সংৰক্ষিত অঞ্চলত দখল সাব্যস্ত কৰা সকলৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলিবই লাগিব বুলি দলটোবে দাবী কৰে ৷ সংবাদমেলত দলটোৱে বিহাৰত উত্তৰ পূৰ্বাঞ্চলৰ লোকে গ্ৰেজিঙৰ মাটি ল'ব পাৰিব নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে ৷

ইফালে কাৰ্বি আংলং ভোজপুৰী সন্থাই এই ঘটনাৰ তীব্ৰ নিন্দা কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে ৷ কাৰ্বি ছাত্ৰ সন্থাৰ (ইংলংফ`) গোটে এই ঘটনাৰ তীব্ৰ নিন্দা কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰাৰ বাবে 48 ঘণ্টাৰ সময় বান্ধি দিছে জিলা প্ৰশাসনৰ ওপৰত ৷ ডিফু চহৰৰ বিভিন্ন প্ৰান্তত আজি এই ঘটনাৰ বিৰুদ্ধে অর্ধ উলংগ প্ৰতিবাদ, বিভিন্ন স্থানত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰিও ডিফু চহৰৰ মাজেৰে সমদল কৰিও উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় ৷ কাৰ্বি ছাত্ৰ সন্থাৰ নেতৃবর্গই ভিজিআৰ আৰু পিজিআৰত বসবাস কৰা লোক সকলক উচ্ছেদ কৰিবই লাগিব বুলি প্ৰশাসনক দাবী জনাই কয় যে অন্যথা জনতাক নিয়ন্ত্ৰণ কৰাটো কষ্টকৰ হ'ব ৷

আনহাতে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সামাজিক মাধ্যমৰ জৰিয়তে দুয়োখন পাৰ্বত্য জিলাবাসীক শান্তি-সম্প্ৰীতি বর্তাই ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে বিতৰ্কিত ভূমি সন্দর্ভত বিভিন্ন ৰাজনৈতিক দল-সংগঠন আৰু নেতৃবৰ্গৰ সৈতে পৰিষদৰ এখন সভা 19 ফেব্ৰুৱাৰীত আহ্বান কৰাৰ কথা ঘোষণা কৰে ৷ পৰিষদৰ ৰাজহ বিভাগৰ ভাৰপ্ৰাপ্ত কাৰ্যবাহী সদস্য অমৰছিং তিছ' আৰু হাওৰাঘাটৰ বিধায়ক দৰছিং ৰংহাঙে ঘটনাস্থলীলৈ গৈ প্ৰতিবাদকাৰীসকলক সাক্ষাৎ কৰে যদিও মাৰপিটৰ ঘটনাত জড়িতৰ উচিত শাস্তি আৰু সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলোবাৰ দাবীত অটল থাকে প্ৰতিবাদকাৰীসকল ৷

কাৰ্বি আংলং জিলা ছাত্ৰ সন্থা আৰু ভোজপুৰী বহু সংগঠনে এই ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দোষীক কঠোৰ শাস্তি বিহাৰ দাবী উত্থাপন কৰিছে ৷ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙেও টুইট কৰি দোষীক আটক কৰাৰ লগতে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰে ৷ আইন-শৃংখলাৰ অৱনতি নঘটাবলৈ জনতাক আহ্বান জনাই আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷ বাতৰি যুগুতোৱাৰ পৰলৈকে কাৰ্বি আংলং জিলা সদৰ ডিফু চহৰকে ধৰি দুয়োখন পাৰ্বত্য জিলাত বিভিন্ন প্ৰান্তত অঘোষিত বন্ধ হৈ থকা বাতৰি লাভ কৰা গৈছে ৷ পৰিস্থিতি কিছু নিয়ন্ত্ৰণাধীন হৈ আছে যদিও দুয়োখন পাৰ্বত্য জিলাত চেঁপা উত্তেজনাই বিৰাজ কৰি আছে ৷

লগতে পঢ়ক : কাৰ্বি আংলং জিলাৰ খেৰণিত উত্তেজনা, ১৭ জনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.