ETV Bharat / state

'কা'ৰ বিৰুদ্ধে ৰাজ্য়ত প্রতিবাদৰ জোৱাৰ : আছু-বীৰ লাচিত সেনাৰ সকীয়নি

author img

By ETV Bharat Assamese Team

Published : Mar 12, 2024, 10:04 PM IST

Updated : Mar 12, 2024, 11:02 PM IST

Protest Against CAA in Assam
দেশত বলবৎ হ'ল নাগৰিকত্ব সংশোধনী আইন

Protest Against CAA : জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ অধিসূচনা জাৰিৰ পিচতে এতিয়া পুনৰ ক্ষোভত জ্বলিছে সমগ্ৰ ৰাজ্য । ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল-সংগঠনে ।

দেশত বলবৎ হ'ল নাগৰিকত্ব সংশোধনী আইন

নিউজ ডেস্ক, ১২ মাৰ্চ: অৱশেষত দেশজুৰি হোৱা তীব্ৰ প্ৰতিবাদৰ পিচতো কালি দেশত বলবৎ হ'ল নাগৰিকত্ব সংশোধনী আইন (কা)। 'কা' বলবৎ হোৱাৰ লগে লগেই জ্বলিছে ৰাজ্য । এই আইনৰ বিৰোধিতা কৰি ৰাজপথলৈ ওলাই আহিছে দল-সংগঠনৰ লগতে সাধাৰণ ৰাইজ । ইতিমধ্য়ে 'কা' বিৰোধী গণতান্ত্ৰিক আন্দোলন দমন কৰাৰ নামত চৰকাৰক হিংসাত্মক ব্যৱস্থা গ্ৰহণ নকৰিবলৈ সকীয়নি দিছে আছুৰ লগতে বিভিন্ন দল-সংগঠনে ।

  • " class="align-text-top noRightClick twitterSection" data="">

আছুৰ প্ৰতিক্ৰিয়া : সদৌ অসম ছাত্ৰ সন্থাই অসম চৰকাৰক দিলে সকীয়াই । 'কা' বিৰোধী গণতান্ত্ৰিক আন্দোলন দমন কৰাৰ নামত চৰকাৰক হিংসাত্মক ব্যৱস্থা গ্ৰহণ নকৰিবলৈ সকীয়নি দিলে আছুৰ উপদেষ্টা ড৹সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই । ইপিনে, ভোট নামৰ ব্ৰহ্মাস্ত্ৰৰ জড়িয়তে অসমবাসীক 'কা'ৰ তীব্ৰ বিৰোধিতা কৰিবলৈও আহ্বান জনালে আছুৰ সম্পাদক শংকৰজ্যোতি বৰুৱাই । আইনী আন্দোলনৰ সমান্তৰালভাৱে ৰাজপথত গণতান্ত্ৰিক আন্দোলোনেৰেও 'কা' বিৰোধী সংগ্ৰাম সদায়ে চলি থাকিব বুলি হুংকাৰ দিলে আছুৰ সভাপতি উৎপল শৰ্মাই । মঙলবাৰে পুৱাই আছুৰ এই তিনিগৰাকী নেতাই দিল্লীলৈ গৈ 'কা' বাতিলৰ বাবে উচ্চতম ন্যায়লয়ত আবেদন দাখিল কৰি বিয়লি উভতি আহে । উভতি আহি বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈয়ে তিনি আছু নেতাই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ দমন নীতিৰ বিৰুদ্ধে ওলোটাই কেইবাটাও মন্তব্য কৰে । জাতি ধ্বংসী আইনৰ বিৰোধিতাৰে সংগ্ৰাম তীব্ৰতৰ কৰাৰো হুংকাৰ দি কেইগৰাকীমান আছু নেতাই অসমীয়াক প্ৰতাৰণা কৰি পাভলুটি মাৰি ৰজাঘৰীয়াৰ শৰণাপন্ন হ'লেই অসমীয়া জাতি ৰক্ষাৰ আন্দোলন স্তমিত নহয় বুলিও মন্তব্য কৰে ।

মাজুলীত প্ৰতিবাদ: 'কা' বলবৎ হোৱাৰ লগে লগেই সমগ্র ৰাজ্যৰ লগতে মাজুলীতো আৰম্ভ হৈছে এই বিৰোধী প্রতিবাদ। সদৌ মাজুলী জিলা ছাত্র সন্থাই আজি ইয়াৰ বিৰোধিতাৰে নামনি মাজুলীৰ বালিচাপৰিত আদি এক জোৰ সমদল উলিয়াই । ছাত্র সন্থাৰ স্পষ্ট কথা কোনো কাৰণতে এই জাতি ধবংসী আইন মানি নলয় ।

বীৰ লাচিত সেনাৰ সকীয়নি: ৰাজপথত বীৰ লাচিত সেনাৰ সংবাদ মেল । বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিল শৃংখল চলিহাই সংবাদমেল সম্বোধন কৰি ঘোষণা কৰিলে 'কা' বিৰোধী আন্দোলনৰ কাৰ্যসূচী । কাইলৈ শিৱসাগৰ নগৰৰ ব'ৰ্ডিং খেলপথাৰৰ পৰা ৰংঘৰলৈ সত্যাগ্ৰহ কাৰ্যসূচী ঘোষণা কৰি তেওঁ কয় যে এই প্ৰতিবাদী সত্যাগ্ৰহত লুৰীণজ্যোতি গগৈয়ে অংশ ল'ব। সেইদৰে তেওঁ অখিল গগৈ আৰু গৌৰৱ গগৈকো অংশগ্ৰহণ কৰিবলৈ আহবান জনায়।

তিনিচুকীয়াত আছুৰ জোঁৰ সমদল: নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত তিনিচুকীয়াত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ ৩০ জাতীয়-জনগোষ্ঠীয় দল সংগঠনৰ আহ্বানত জোঁৰ লৈ সমদল উলিয়াই । তিনিচুকীয়া মহাবিদ্যালয়ৰ সমীপৰ কাৰ্যালয়ৰ পৰা জোঁৰ লৈ সমদলটো বাহিৰ কৰাৰ পূৰ্বেই শীৰ্ষ আৰক্ষী বিষয়া আৰু দণ্ডাধীশৰ উপস্থিতিত বাধা প্ৰদান কৰে ।

লগতে পঢ়ক:'কা'ৰ বিৰুদ্ধে প্রতিবাদমুখৰ গুৱাহাটীকে ধৰি সমগ্ৰ ৰাজ্য

Last Updated :Mar 12, 2024, 11:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.