ETV Bharat / state

ডিফু লোকসভা সমষ্টি : কোনগৰাকী প্ৰাৰ্থীৰ সম্পত্তি কিমান জানো আহক - List of candidate assets

author img

By ETV Bharat Assamese Team

Published : Apr 4, 2024, 9:22 PM IST

Updated : Apr 5, 2024, 10:38 AM IST

List of candidate's assets
সম্পত্তিৰ তালিকাৰ শীৰ্ষত কংগ্ৰেছৰ জয়ৰাম ইংলেং

List of candidate's assets : লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ পৰ্ব সমাপ্ত হোৱাৰ পিচতেই পোহৰলৈ আহিছে প্ৰাৰ্থীসকলৰ সম্পত্তিৰ তালিকা ৷ জানো আহক স্বায়ত্তশাসিত জিলা সংসদীয় সমষ্টিৰ কোনগৰাকী প্ৰাৰ্থী আটাইতকৈ ধনী...

ডিফু, ৪ এপ্রিল : সমাগত লোকসভা নিৰ্বাচন ৷ লোকসভা নির্বাচনৰ দ্বিতীয় পর্যায়ৰ নির্বাচনৰ বাবে ইতিমধ্যে স্বায়ত্তশাসিত জিলা (অঃজঃ) সংসদীয় সমষ্টিৰ বাবে ইতিমধ্যে ৬ গৰাকী প্রার্থীয়ে মনোনয়ন পত্র দাখিল কৰিছে । প্রার্থীসকল হৈছে বিজেপিৰ অমৰছিং তিছ', কংগ্রেছৰ জয়ৰাম ইংলেং, এএছডিচিৰ জৎছন বে', এপিএইচএলচিৰ জন ইংতি কাথাৰ, নির্দলীয় বিক্রম হাঞ্চে আৰু গণসুৰক্ষা পার্টীৰ জন বাণার্ড চাংমাই মনোনয়ন পত্ৰৰ লগত দাখিল কৰাৰ লগতে শপতনামাযোগে নিজৰ নিজৰ সম্পত্তিৰ তথ্যও দাখিল কৰে ৷

সম্পত্তিৰ তালিকাত আগত থকা চাৰিগৰাকী প্রার্থীৰ সম্পত্তিৰ তথ্য একাদিক্রমে তলত আগবঢ়োৱা হ'ল :

বিজেপি প্রার্থী অমৰছিং তিছ'ই দাখিল কৰা মনোনয়নৰ লগতে শপতনামাযোগে দাখিল কৰে যে, তেওঁৰ নিজৰ নামত, পত্নী আৰু পুত্ৰৰ নামত থকা সকলো স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ তালিকা । অমৰচিং তিছ'ৰ নগদ ধন আছে ৩ লাখ ৫৮ হাজাৰ ১৫০ টকা । বেংকত আছে ৫ কোটি ১৪ লাখ ৩২ হাজাৰ ৭৭৬ টকা । পত্নীৰ নগদ ধন আছে ২ লাখ ৯৯ হাজাৰ ৬৩০ টকা আৰু বেংকত আছে ৪ লাখ ৭০ হাজাৰ ৫৬৬ টকা। পুত্রৰ নামত বেংকত আছে ১৬ লাখ ২ হাজাৰ ৮৬৪ টকা ।

অমৰছিং তিছ'ৰ অস্থাৱৰ সম্পত্তিৰ মূল্য হ'ল ১১ কোটি ১৫ লাখ ৫ হাজাৰ ৪৭৭ টকা । কংগ্রেছ প্রার্থী জয়ৰাম ইংলেঙৰ নগদ জমা ধন আছে ৪০ লাখ টকা । বেংকত জমা আছে ১ কোটি ৮২ লাখ ৩৪ হাজাৰ ৫৪২ টকা । পত্নীৰ নামত নগদ ধন আছে ৩৫ হাজাৰ টকা । বেংকত আছে ৭৩ হাজাৰ টকা । পুত্রৰ নামত আছে মুঠ ২০ হাজাৰ টকা ।

জয়ৰাম ইংলেঙৰ মুঠ অস্থাৱৰ সম্পত্তিৰ মূল্য ২১ কোটি ৮৫ লাখ ২২ হাজাৰ ৮২৪ টকা । এপিএইচএলচি দলৰ প্রার্থী জন ইংতি কাথাৰৰ আছে নগদ ৪০ হাজাৰ টকা। বেংকত জমা আছে ২৩ লাখ ৬১ হাজাৰ ১৫০ টকা । কাথাৰৰ মুঠ অস্থাৱৰ সম্পত্তিৰ মূল্য হ'ল ১ কোটি ৪৯ লাখ ৯৮ হাজাৰ ৩১৪ কোটি টকা ।

  • " class="align-text-top noRightClick twitterSection" data="">

এএছডিচিব প্রার্থী জৎছন বে'ৰ নগদ জমা ৫০ হাজাৰ টকাৰ বিপৰীতে। বেংকত আছে ৪ লাখ ৭ হাজাৰ ১৭১ টকা । এইবাৰৰ লোকসভা নির্বাচনত সমষ্টিটোৰ প্রার্থী হিচাপে সকলোতকৈ ধনী প্রার্থীৰূপে পৰিগণিত হৈছে কংগ্রেছৰ জয়ৰাম ইংলেং ।

লগতে পঢ়ক: কংগ্ৰেছত অব্যাহত খহনীয়া : পদত্যাগ কৰিলে জ্যেষ্ঠ নেতা ৰমেন বৰঠাকুৰে - Romen Borthakur Resigns Congress

Last Updated :Apr 5, 2024, 10:38 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.