ETV Bharat / state

মৰিয়নীত সুদখোৰৰ দপদপনি: মুখ্যমন্ত্ৰীৰ বিপৰীত স্থিতিত আৰক্ষী

author img

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 10:32 PM IST

Illegal moneylender: সুদখোৰক লৈ মৰিয়নী আৰক্ষীৰ দৰদ । সুদখোৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বিপৰীতে ওলোটাই ধন ঘূৰাবলৈহে পৰামৰ্শ আৰক্ষীৰ ।

Illegal moneylender
সুদখোৰৰ বিৰুদ্ধে অভিযান

সুদখোৰৰ বিৰুদ্ধে অভিযান

যোৰহাট, ১০ মাৰ্চ: মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰাজ্যজুৰি সুদখোৰৰ বিৰুদ্ধে অভিযান অব্যাহত আছে । শেহতীয়াকৈ সুদখোৰৰ বিৰুদ্ধে আৰক্ষীক অধিক কঠোৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে যদিও সুদখোৰৰ আতংক, ভয়-ভাবুকি, ব্লেকমিলিং বৰ্তমানো অব্যাহত আছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পিচতে ৰাজ্যৰ ভিন্ন প্ৰান্তত সুদখোৰৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে । কিন্ত এনে সময়তে মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো যেন কেৰেপ নকৰে মৰিয়নী আৰক্ষীয়ে । মৰিয়নী নগৰত থকা ঔম জুৱেলাৰী নামৰ এখন অলংকাৰ ব্যৱসায়ী প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী বিনয় বাৰ্মাই সুদত টকা দি ৰমৰমীয়া বেহা চলাই আহিছে দীৰ্ঘদিন ধৰি । ধন ধাৰলৈ দিয়াৰ বিনিময়ত দকা হকা দি সুদ আদায় কৰি আহিছে বিনয় বাৰ্মা নামৰ সুদখোৰটোৱে ।

শেহতীয়াভাবে সুদ আদায় দি সৰ্বস্বান্ত হোৱা বিপুল কোঁৱৰ নামৰ এজন ব্যক্তিয়ে সুদখোৰ বিনয় বাৰ্মাৰ বিৰুদ্ধে মৰিয়নী থানাত এজাহাৰ দাখিল কৰা সত্বেও আৰক্ষীয়ে কোনো ধৰণৰ কঠোৰ পদক্ষেপ সুদখোৰৰ বিৰুদ্ধে গ্ৰহণ নকৰাৰ গুৰুত্ব অভিযোগ উথাপিত হৈছে । আৰক্ষীয়ে এজাহাৰ দাখিল কৰা বিপুল কোঁৱৰক গোচৰ পঞ্জীভুক্ত কৰাৰ সলনি সুদখোৰৰ সৈতে বুজাবুজি কৰি সুদ আদায় দিবলৈহে পৰামৰ্শ আগবঢ়োৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

মন কৰিব লগীয়া কিছুদিন পূৰ্বে এগৰাকী মহিলাই এজন সুদখোৰৰ বিৰুদ্ধে মৰিয়নী থানাত এজাহাৰ দাখিল কৰিছিল যদিও সুদখোৰৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱা আন এক অভিযোগ মৰিয়নী আৰক্ষীৰ বিৰুদ্ধে । এইবাৰ পুনৰ আৰু দুখন এজাহাৰ বিনয় বাৰ্মা বিৰুদ্ধে দাখিল কৰে যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি সৰ্বত্ৰে চৰ্চা লাভ কৰিছে । সুদখোৰৰ সৈতে মৰিয়নী আৰক্ষীৰ গোপন মিতিৰালি বিষয়টোৱে এতিয়া সচেতন লোকসকলক ভবাই তুলিছে ।

লগতে পঢ়ক:সুদলৈ লৈছিল 1 লাখ টকা, সুদখোৰক এতিয়ালৈকে দিছে 7 লাখৰো অধিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.