ETV Bharat / state

২০১ টা ভোটকেন্দ্ৰলৈ বুলি ৰাওনা নিৰ্বাচনী বিষয়া-কৰ্মচাৰী - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 24, 2024, 3:41 PM IST

Polling officer, staff leave for 201 polling stations in Diphu
২০১ টা ভোটকেন্দ্ৰলৈ বুলি ৰাওনা নিৰ্বাচনী বিষয়া, কৰ্মচাৰী

2nd phase of polling: ডিফু সমষ্টিৰ বাবে বুধবাৰে পুৱা ২০১ টা ভোটকেন্দ্ৰলৈ বুলি ৰাওনা হৈছে নিৰ্বাচনী বিষয়া-কৰ্মচাৰীসকল । বাকী ভোটকেন্দ্ৰৰ বাবে বৃহস্পতিবাৰৰ পৰা ৰাওনা হ'ব বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে জিলা প্ৰশাসনে প্ৰতিটো ভোটকেন্দ্ৰৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে ৷

২০১ টা ভোটকেন্দ্ৰলৈ বুলি ৰাওনা নিৰ্বাচনী বিষয়া-কৰ্মচাৰী

ডিফু,২৪ এপ্ৰিল: ২৬ তাৰিখে অনুষ্ঠিত হ'বলগা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ৬ নং ডিফু সমষ্টিৰ বাবে বুধবাৰে পুৱা ২০১ টা ভোটকেন্দ্ৰলৈ বুলি ৰাওনা হৈছে নিৰ্বাচনী বিষয়া-কৰ্মচাৰীসকল । বাকী ভোটকেন্দ্ৰৰ বাবে বৃহস্পতিবাৰৰ পৰা ৰাওনা হ'ব বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে জিলা প্ৰশাসনে প্ৰতিটো ভোটকেন্দ্ৰৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে বুলি জাানিব পৰা গৈছে ৷

ভোট কেন্দ্ৰসমূহত যাতে সুকলমে আৰু নিৰাপদেৰে ভোটগ্ৰহণ কৰিব পৰা যায় তাৰ বাবে আৰক্ষী, কামাণ্ডো, কেন্দ্ৰীয় সুৰক্ষা বাহিনী নিয়োজিত কৰা হৈছে বুলি জিলাখনৰ সহকাৰী নিৰ্বাচনী বিষয়া চন্দন বৰগোহাঁইয়ে জানিবলৈ দিয়ে । উল্লেখযোগ্য যে, ৬ নং ডিফু জনজাতি লোকসভা সমষ্টিত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ১২১৭ টা, ২৬ এপ্ৰিলৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সমষ্টিটোৰ পৰা এইবাৰ বি জে পিৰ অমৰছিং তিছ', কংগ্ৰেছৰ জয়ৰাম ইংলেং, এ এছ ডি চিৰ জৎছন বে', এ পি এইচ এল চিৰ জন ইংতি কাঠাৰ আৰু গণ সুৰক্ষা পাৰ্টি জন বৰ্ণাড চাংমাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷

সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা হ'ল ৮,৯৩,০৫৮ ৷ ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৪,৪৫,৩৫৩, মহিলা ভোটাৰৰ সংখ্যা ৪,৪৭,৬৮৬ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ১৯ গৰাকী । ইফালে পূৱ কাৰ্বি আংলঙত ভোটাৰৰ সংখ্যা ৫,১২,৩২৪ গৰাকী । ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ২,৫৪,৪৭৯ গৰাকী, মহিলা ভোটাৰৰ সংখ্যা ২,৫৭,৮২৭ আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ১৮ গৰাকী ৷ মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ৬৫১ টা ৷

আনহাতে পশ্চিম কাৰ্বি আংলঙৰ ভোটাৰৰ সংখ্য়া ২,২৫,২০৬ গৰাকী, পুৰুষ ভোটাৰৰ সংখ্যা ১,১৩,২৭৮ গৰাকী, মহিলা ভোটাৰৰ সংখ্যা ১,১১,৯২৭ গৰাকী, তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ০১ গৰাকী, মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ৩১২ টা । ইফালে ডিমা হাচাওৰ ভোটাৰৰ সংখ্যা ১,৫৫,২৫৯ গৰাকী,পুৰুষ ভোটাৰৰ সংখ্যা ৭৭,৩২৭ গৰাকী,মহিলা ভোটাৰৰ সংখ্যা ৭৭,৯৩২গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ সমষ্টিটোত নাই, মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ২৫৩ টা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: তিনিকোণীয়া হ’ব দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ নিৰ্বাচনী যুঁজ ! - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.