ETV Bharat / state

কাজিৰঙাৰ বনদুৰ্গাৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ

PM Modi in Kaziranga: ভূতপূৰ্ব প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পিচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিদৰ্শন কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ ৰাষ্ট্ৰীয় উদ্যানখনত উপস্থিত হৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৩৬ গৰাকী মহিলা বনকৰ্মীৰ সৈতেও বাৰ্তালাপ কৰে ৷

Narendra Modi in Kaziranga
কাজিৰঙাৰ বনদুৰ্গাৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ
author img

By ETV Bharat Assamese Team

Published : March 9, 2024 at 3:46 PM IST

2 Min Read
Choose ETV Bharat

কাজিৰঙা, 9 মাৰ্চ: কাজিৰঙাৰ কেউফালে মোদীময় পৰিৱেশৰ মাজতে শনিবাৰে পুৱা বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ আনহাতে, কাজিৰঙাৰ নৈসৰ্গিক পৰিৱেশ উপভোগ কৰি বনবিভাগৰ বনদুৰ্গাৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে বাৰ্তালাপ কৰে ৷

Modi interacts with woman forest guard in kaziranga
কাজিৰঙাৰ বনদুৰ্গাৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ

ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি কাজিৰঙাৰ বন বিভাগৰ বনদুৰ্গা নামকৰণৰ ৩৬ গৰাকী মহিলা বনকৰ্মীৰ সৈতে বাৰ্তালাপ কৰে নৰেন্দ্ৰ মোদীয়ে ৷ উল্লেখ্য যে প্ৰদুম্ন্য নামৰ এটা হাতীৰ পিঠিত উঠি কাজিৰঙাৰ বিনন্দীয়া সুধা পান কৰি আপ্লুত হৈ পৰা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খোলা জীপছীত উঠি উদ্যান ভ্ৰমণ কৰে ৷

উদ্যানৰ ডাফলাং দৰ্শন চূড়াৰ পৰা ৰঙা পলাশ-শিমলুৰে ভৰি পৰা কাজিৰঙাৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত প্ৰধানমন্ত্ৰী মোদীয়ে দুঘণ্টাতকৈও অধিক সময় অতিবাহিত কৰে ৷ খোলা জিপছীত উঠি ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন বন্যজন্তু দেখা পায় ৷ এটা খৰ্গ থকা গঁড়ৰ লগতে এছীয় ম’হ, এছীয় বনৰীয়া হাতী, দলহৰিণ তথা ঢেকীয়াপতীয়া বাঘৰ আৱাসস্থলী কাজিৰঙাৰ অৰণ্য ছয় শতাধিক পক্ষৰো বিচৰণভূমি ৷

বিভিন্ন স্থলচৰ-জলচৰক নিজৰ বুকুত স্থান দিয়া কাজিৰঙা অভয়াৰণ্যই ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰাৰ ৫০ সংখ্যক বছৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদীয়ে বনকৰ্মীৰ অভাৱ-অভিযোগ সম্বন্ধেও বাৰ্তালাপ কৰে ৷ মোদীয়ে যথেষ্ট সময় বনবিভাগৰ বন দুৰ্গাসকলৰ কথা পাতি আনন্দ উপভোগ কৰা পৰিলক্ষিত হয় ৷

উল্লেখ্য যে 1957 চনৰ পিচত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰা প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হ’ল নৰেন্দ্ৰ মোদী ৷ কিন্তু প্ৰধনমন্ত্ৰী মোদীয়ে এটি নিশাও কাজিৰঙাত কটোৱাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেওঁক অসমবাসীৰ হৈ ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে পঢ়ক: সীমান্তৱৰ্তী গাঁওবোৰক অৱহেলা কৰাৰ বাবে কংগ্ৰেছক সমালোচনা মোদীৰ