ETV Bharat / state

মমিন আলীয়ে লৈ গ’ল ঘোঁৰাৰূপী ভগৱানক ! - White Horse In Gohpur

author img

By ETV Bharat Assamese Team

Published : May 7, 2024, 9:24 PM IST

Updated : May 7, 2024, 10:21 PM IST

Gohpur White Horses
মমীন আলীয়ে লৈ গ’ল ঘোঁৰাৰূপী ভগৱানক ! (Etv Bharat Assam)

Gohpur White Horses : অৱশেষত মমিন আলীয়ে লৈ গ’ল ভগৱানৰ অৱতাৰ বুলি ভবা বগা ঘোঁৰা দুটা ৷ ঘোঁৰাৰ ৰূপত ভগৱানৰ আৱিৰ্ভাৱ ঘটা বুলি গহপুৰৰ এখন গাঁৱৰ ৰাইজে কৰিছিল পূজা-অৰ্চনা ৷ তাৰ পাচত...

মমীন আলীয়ে লৈ গ’ল ঘোঁৰাৰূপী ভগৱানক ! (Etv Bharat Assam)

বিশ্বনাথ, 7 মে’: দুটা বগা ঘোঁৰাক লৈ বিশ্বনাথৰ গহপুৰ সমষ্টিৰ জালুকবাৰী গাঁৱত সৃষ্টি হৈছিল এক আলোড়ন । ঘটনাটো কেইদিনমান পূৰ্বৰ । গাঁওখনত হঠাৎ ওলাইছিল দুটা বগা ঘোঁৰা । ঘোঁৰা দুটাক লৈ ব্যস্ত হৈ পৰিছিল গাঁওখনৰ ৰাইজ ।

উল্লেখ্য যে বিগত প্ৰায় এটা মাহ পূৰ্বে গহপুৰ সমষ্টিৰ জালুকবাৰী গাঁৱৰ ৭ গৰাকীকৈ মহিলাৰ গাত আই লম্ভিছিল বুলি গাঁৱৰ ৰাইজে জানিবলৈ দিছিল । সেই ৭ গৰাকী মহিলাই ৰাইজক হেনো কৈছিল গাঁওখনত দুজন ভগৱান আৱিৰ্ভাৱ হ'ব ৷ তেনে সময়তে গাঁওখনৰ ৰাইজে ৭ গৰাকীৰ মহিলাক বিভিন্ন ধৰ্মীয় নীতি-নিয়মেৰে পূৰ্জা-অৰ্চনা কৰিবলৈ আৰম্ভ কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

তেনে সময়তে যোৱা ১ মে’ত গাঁওখনৰ প্ৰশান্ত বৰা নামৰ লোকজনৰ ঘৰৰ পিচফালৰ খেৰৰ মেজিত পদাৰ্পন ঘটে দুটা বগা ঘোঁৰাৰ । তেনে সময়তে প্ৰশান্ত বৰাৰ পৰিয়ালে স্থানীয় লোকক ঘোঁৰা দুটাৰ কথা অৱগত কৰোৱাত ঘোঁৰা দুটা চাবলৈ প্ৰশান্ত বৰাৰ ঘৰত লাগিল ভিৰ । ইফালে স্থানীয় লোকে বগা ঘোঁৰা দুটা ভগৱানৰ অৱতাৰ বুলি ধূপ-ধূনা, চেলেং-গামোচা আদিৰে পূজা-অৰ্চনা কৰাত ব্যস্ত হৈ পৰা দেখা যায় ।

ইফালে বগা ঘোঁৰা দুটাই হঠাৎ গাঁওখনৰ প্ৰশান্ত বৰাৰ ঘৰত কিদৰে প্ৰৱেশ কৰিলে তাক লৈও এক আলোড়নৰ সৃষ্টি হৈছিল যদিও প্ৰায় ৪ দিন পিচতো আচল ঘটনা পোহৰলৈ আহে । জালুকবাৰী গাঁৱৰ ৰাইজে আই লম্ভা বুলি বিশ্বাস কৰা মহিলাকেইগৰাকী কথা মতে ঘোঁৰা দুটাক পূজা অৰ্চনা কৰিছিল ভগৱান ৰূপত ৷ কিন্তু ভগৱানৰূপী বগা ঘোঁৰা দুটা আচলতে গহপুৰৰ ডফলাগড়ৰ তিনিকোণীয়াৰ মমিন আলীৰহে আছিল ।

যোৱা ৪ মাহ পূৰ্বে মমিন আলীৰ ঘোঁৰা দুটা হেৰাইছিল যদিও ঘোঁৰা দুটাৰ সন্ধান অব্যাহত ৰাখিছিল মমিন আলীয়ে । ইফালে ভগৱানৰূপী দুটা ঘোঁৰা সংবাদ মাধ্যমত দেখা পাই সোমবাৰে বিয়লি মমিন আলীসহ স্থানীয় গাঁও প্ৰধান উপস্থিত হয় জালুকবাৰী গাঁৱত । মমিন আলীয়ে স্থানীয় ৰাইজৰ সৈতে আলোচনা কৰি নিজৰ প্ৰমাণ দাখিল কৰি সোমবাৰে বিয়লি ভগৱানৰূপী বগা ঘোঁৰা দুটা ঘৰলৈ লৈ যায় ।

ইফালে সচেতন মহলৰ মতে গাঁওখনৰ একাংশ লোকে চেলেং, গামোচা, ধূপ-ধূনা আদিৰে পূজা-অৰ্চনা কৰি এক অন্ধবিশ্বাস বিয়পাই দিছিল ৷ যাৰ ফলত গাঁৱৰ বদনাম হোৱা বুলি ক’বলৈ বিচাৰে । বিজ্ঞান আৰু আধুনিক প্ৰযুক্তিৰ সময়ত কেনেকৈ ঘোঁৰা ভগৱান হ’ল বুলিও প্ৰশ্ন কৰে ।

লগতে পঢ়ক: স্বয়ং ভগৱানৰ ৰূপত আহিল দুটা ঘোঁৰা: ক’ত এই ঘটনা ?

Last Updated :May 7, 2024, 10:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.