ETV Bharat / state

বালিজানৰ শোকাৱহ বাছ দুৰ্ঘটনাত আহত ধীৰেণ বৰাৰ চিকিৎসাধীন অৱস্থাত মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 4:37 PM IST

Dergaon tragic bus accident
Bus accident in Dergaon

Dergaon tragic bus accident: দেৰগাঁৱৰ বালিজানত সংঘটিত হোৱা ভয়াৱহ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন লোকৰ মৃত্যু ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু লোকজনৰ ৷ মৃতকৰ সংখ্যা 13 জনলৈ বৃদ্ধি ৷

বালিজানৰ শোকাৱহ বাছ দুৰ্ঘটনা

গোলাঘাট, 22 ফেব্ৰুৱাৰী: চলিত বৰ্ষৰ আৰম্ভণিতেই 3 জানুৱাৰীৰ পুৱতি নিশা গোলাঘাট জিলাৰ দেৰগাঁৱৰ বালিজানত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাটোৰ স্মৃতি আজিও ৰাজ্যবাসীৰ মনত সজীৱ হৈ আছে ৷ এখন যাত্ৰীবাহী বাছ আৰু এখন কয়লা পৰিবাহী ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত থিতাতে নিহত হৈছিল অভিশপ্ত বাছখনত থকা 11 গৰাকী যাত্ৰীৰ লগতে ট্ৰাকখনৰ চালকজনৰ ৷ কিন্তু সেই দুৰ্ঘটনাত মৃতকৰ সংখ্যা বৰ্তমান 13 জনলৈ বৃদ্ধি পালে ৷ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱা বচা ভৰলুৱা গাঁৱৰ ধীৰেণ বৰা নামৰ লোকজনৰ চিকিৎসাধীন অৱস্থাতে বুধবাৰে মৃত্যু ঘটে ৷

যোৱা 3 জানুৱাৰীৰ পৰা যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল ধীৰেণ বৰা ৷ কিন্তু পৰৱৰ্তী সময়ত তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ চিকিৎসালয়ৰ বিচনাত মৃত্যুৰ সৈতে যুঁজ দি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে ব্যক্তিগৰাকীয়ে ৷

ধীৰেণ বৰাৰ মৃত্যুৱে বচা ভৰলুৱা গাঁওবাসীৰ বুকুত থকা কেঁচা ঘাঁ ডোখৰ যেন আকৌ এবাৰ কাঁইটেৰে হানি দিলে ৷ চকুৰ আগতে 12 খনকৈ চিতা একেলগে জ্বলাৰ কৰুণ দৃশ্যৰ সাক্ষী হৈ ৰোৱা লোকসকলক এই খবৰে নিৰ্বাক কৰি পেলালে ৷ ধীৰেণ বৰাৰ মৃতদেহ বৃহস্পতিবাৰে সন্ধিয়া নিজ ঘৰলৈ অনা হ’ব ৷

উল্লেখ্য যে যোৱা 3 জানুৱাৰীৰ পুৱতি নিশা গোলাঘাটৰ বচা ভৰলুৱা গাঁৱৰ পৰা একাংশ লোকে তিনিচুকীয়াৰ বৰডুবিত থকা টিলিঙা মন্দিৰ দৰ্শনৰ উদ্দেশ্যে যাত্ৰা কৰিছিল ৷ কিন্তু তেওঁলোকে জনা নাছিল যে সেই পুৱাটো তেওঁলোকৰ বাবে আছিল অভিশপ্ত ৷ বচা ভৰলুৱাৰ পৰা গৈ দেৰগাঁৱৰ বালিজান পোৱাৰ সময়তেই সমুখৰ পৰা আহি থকা এখন কয়লা পৰিবাহী ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হয় বাছখনৰ ৷ দুয়োখন বাহনে ইমানেই জোৰত খুন্দা মাৰে যে, বাছখনৰ সমুখভাগ চূৰমাৰ হৈ যায় ৷

দুৰ্ঘটনাটোত বাছখনত থকা শিশুসহ 11 গৰাকী যাত্ৰীৰ থিতাতে মৃত্যু ঘটে ৷ ইফালে ট্ৰাকখনৰ চালকজনেও এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল ৷ ধীৰেণ বৰাৰ মৃত্যুৰ লগে লগে মৃতকৰ তালিকাখনত আৰু এটা নাম সংযোগ হ’ল ৷ সেইদিনা বচা ভৰলুৱা গাঁৱত একেলগে জ্বলিছিল 11 খন চিতা ৷ দুৰ্ঘটনাটোৱে গাঁওবাসীৰ মনৰ পৰা ইংৰাজী নতুন বছৰৰ লগতে ভোগালীৰ আনন্দও কাঢ়ি লৈ যায় ৷ চিৰদিনলৈ মচি পেলায় বহুকেইটা পৰিয়ালৰ মুখৰ পৰা আনন্দৰ হাঁহি ৷

লগতে পঢ়ক: NSCN-IM ৰ কেডাৰ খামপাই কন্যাকক গুলী কৰি হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.