ETV Bharat / state

'ৱাইড এংগল' ত ফটো সাংবাদিকৰ ৰূপত তপন দাস - New Assamese film

author img

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 10:35 PM IST

New Assamese film: শুকুৰবাৰে মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি ৱাইড এংগল । অসম আন্দোলনৰ পটভূমিত এগৰাকী ফটো সাংবাদিকৰ সংগ্ৰামৰ কাহিনীৰে নিৰ্মাণ কৰা ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা তপন দাসে । বৃহস্পতিবাৰে পাঞ্জাবাৰীৰ আইদেউ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ছবিখনৰ প্ৰিমিয়াৰ শ্ব' ।

New Assamese film Wide Angle to release on March 22
'ৱাইড এংগল' ত ফটো সাংবাদিকৰ ৰূপত তপন দাস

'ৱাইড এংগল' ত ফটো সাংবাদিকৰ ৰূপত তপন দাস

গুৱাহাটী,২১ মাৰ্চ: শুকুৰবাৰে ছবিগৃহলৈ আহিব বহু প্ৰত্যাশিত ছবি 'ৱাইড এংগল' । য'ত জীৱন্ত হ'ব জুইয়ে পোৰা '৮৩ ৰ বহু সঁচা ছবি । এগৰাকী সত্যনিষ্ঠ তথা সাহসী ফটো সাংবাদিকৰ ৰূপত অভিনয় কৰা জনপ্ৰিয় অভিনেতা তপন দাসৰ জীৱন্ত অভিনয়ে পুনৰুজ্জীৱিত কৰিব সেইসময়ৰ এগৰাকী সাংবাদিকৰ জীৱনক ।

  • " class="align-text-top noRightClick twitterSection" data="">

অসম আন্দোলনৰ পটভূমিত এগৰাকী ফটো সাংবাদিকৰ সংগ্ৰামৰ কাহিনীৰে নিৰ্মাণ কৰা নতুন অসমীয়া ছবি ৱাইড এংগলত এগৰাকী ফটো সাংবাদিকৰ ৰূপত দৰ্শকে দেখা পাব অভিনেতাগৰাকীক । শুকুৰবাৰে ৰাজ্যৰ প্ৰায় ১২০ টা ছবিগৃহতে মুক্তি লাভ কৰিবলগীয়া এই ছবিখনৰ এটা অন্যতম চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে । স্বাৱলম্বন মিডিয়া এণ্ড এণ্টাৰটেইনমেন্ট'ৰ বেনাৰত অসম আন্দোলনৰ পটভূমিত এগৰাকী ফটো সাংবাদিকৰ সংগ্ৰামৰ কাহিনীৰে নিৰ্মাণ কৰা এই প্রযোজনা কৰিছে দেৱজ্যোতি বৰাই ।

আনহাতে ডঃ নগেন শইকীয়াৰ গল্পৰ আধাৰত নিৰ্মাণ কৰা ছবিখনৰ পৰিচালনা কৰিছে জয়ন্ত নাথে । লগতে ছবিখনত অভিনয় কৰিছে গীতাৱলী ৰাজকুমাৰী, দীপাংকৰ ৰয়, জগন্নাথ অগ্নিবৰা, পুষ্পাঞ্জলি শইকীয়া, চবিনা য়াছমিন, তৰুণ পৰীক্ষিত বৰুৱা, মানস বৰঠাকুৰ, দিগন্ত হাজৰিকা, আচিকুৰ বহমান, লক্ষ্যজিৎ শইকীয়া, অংকুৰ গগৈ, মনদীপ বৰা, দেৱাংগ প্রিয়ম দত্ত, ঋতুৰাজ গগৈ, ৰীতামণি শইকীয়া, অপূর্ব দত্ত, বুধিন শইকীয়া, প্রীতমজ্যোতি শইকীয়া, জিতু নেওগ, প্রিয়া বৰা, পূজাৰাণী দাস, প্রাচুর্য ঠাকুৰীয়াকে ধৰি বহু কেইগৰাকী ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।

বৃহস্পতিবাৰ পাঞ্জাবাৰীৰ আইদেউ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ছবিখনৰ প্ৰিমিয়াৰ শ্ব' । প্ৰিমিয়াৰ শ্ব' উপস্থিত থাকে মন্ত্ৰী যোগান মোহন, বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামী, প্রাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তকে ধৰি ছবিখনৰ লগত জড়িত অভিনেতা-অভিনেত্ৰী, কলা-কুশলী সকলৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি । ছবিখন অসমৰ ৰাইজে আদৰি ল'ব বুলি আশাবাদী ছবিখনৰ সৈতে জড়িত কলা-কুশলীসকল ।

লগতে পঢ়ক: শীঘ্ৰেই আহি আছে Reels ৰ আধাৰত নিৰ্মিত ৱেব চিৰিজ মইনা কলিজা; ক’ত, কেতিয়া চাব পাৰিব জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.