ETV Bharat / state

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ 11 গৰাকী কাৰ্যনিৰ্বাহক সদস্যৰ শপত গ্ৰহণ

author img

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 6:35 PM IST

NCHAC oath taking ceremony
NC hills autonomous council

NC hills autonomous council: উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ 11 গৰাকী কাৰ্যনিৰ্বাহক সদস্যই বৃহস্পতিবাৰে শপতগ্ৰহণ কৰে ৷ ডিমা হাছাও জিলাৰ আয়ুক্ত সীমান্ত কুমাৰ দাসে পাঠ কৰায় শপত বাক্য ৷

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ সদস্যৰ শপতগ্ৰহণ

হাফলং, 15 ফেব্ৰুৱাৰী: উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰায় এমাহ পিচত পৰিষদখনৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাৰ নেতৃত্বত 11 গৰাকী কাৰ্যনিবাহক সদস্যই বৃহস্পতিবাৰে শপত গ্ৰহণ কৰে ৷ ডিমা হাছাও জিলাৰ হাফলং জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই শপতগ্ৰহণ অনুষ্ঠান । অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ অনুমোদনৰ পিচতে এই শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয় ।

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ ইতিহাসত এই প্ৰথমবাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যনিবাহক সদস্যই শপতগ্ৰহণ কৰে । উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ 11 গৰাকী কাৰ্যনিবাহক সদস্যক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰায় ডিমা হাছাও জিলাৰ জিলা আয়ুক্ত সীমান্ত কুমাৰ দাসে ।

উল্লেখযোগ্য প্ৰাথমিক অৱস্থাত 14 গৰাকী কাৰ্যনিৰ্বাহক সদস্যৰ ঠাইত মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই 11 গৰাকী বিজেপি সদস্যক কাৰ্যনিৰ্বাহক সমিতিত অন্তৰ্ভুক্ত কৰে । পোনপ্ৰথমবাৰৰ বাবে মহিলা সদস্যক উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য হিচাবে অন্তৰ্ভুক্ত কৰা হয় ।

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মাহুৰ সমষ্টিৰ পৰা জয়ী হোৱা প্ৰবীতা জহৰিক কাৰ্যনিৰ্বাহক সমিতিত স্থান দিয়া হয় । বাকী যি 10 গৰাকী পৰিষদৰ সদস্যক উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যনিৰ্বাহ সমিতিত অন্তৰ্ভুক্ত কৰা হৈছে তেওঁলোক হৈছে নিৰঞ্জন হোজাই, আমেন্দু হোজাই, মনজিত নাইডিং, বিশ্বজিৎ দাওলাগাপু, দেৱজিৎ বাটাৰি, ধনপাইনন থাওচেন, চেমুৱেল চাংচন, পাৱদামমিং নৃয়ামে, জছমথাং মাৰ, চেমিছিং ইংতি ।

ইপিনে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নতুন কাৰ্যনিৰ্বাহক সদস্যসকলৰ শপত গ্ৰহণ অনুষ্ঠানৰ পিচতে সাংবাদিকৰ আগতে দেৱলাল গাৰ্লোচাই কয় যে আজি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ প্ৰাথমিক অৱস্থাত 11 গৰাকী কাৰ্যনিৰ্বাহক সদস্যই শপত গ্ৰহণ কৰে । বাকী থকা 3 গৰাকী কাৰ্যনিৰ্বাহৰ সদস্যক সমিতিত অন্তৰ্ভুক্ত কৰা হ’ব লোকসভা নিৰ্বাচনৰ পিচত ।

তেওঁ লগতে কয় যে লোকসভা নিৰ্বাচনৰ পিচত পৰিষদৰ কোন সমষ্টিত বিজেপিয়ে ভাল ফলাফল দেখুৱাই সেয়া নিৰীক্ষণ কৰি বাকী তিনি গৰাকী কাৰ্যনিৰ্বাহক সদস্যক অন্তৰ্ভুক্ত কৰা হ’ব সমিতিত । দেৱলাল গাৰ্লোচাই আৰু কয় যে আজি যিসকলে কাৰ্যনিৰ্বাহক সদস্য হিচাবে শপত লৈছে তেওঁলোকে অহা পাঁচবছৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতি আৰু ডিমা হাছাও জিলাৰ উন্নয়নৰ স্বাৰ্থত কাম কৰি যাব বুলি তেওঁ আশাবাদী ।

আনহাতে প্ৰবীতা জহৰিয়ে ৰাজ্যৰ হকে কাম কৰি যোৱাৰ বাবে তেওঁক যি সুযোগ প্ৰদান কৰা হৈছে, তাৰ বাবে মুখ্য কাৰ্যনিৰ্বাহক সদস্য দেৱলাল গাৰ্লোচাক ধন্যবাদ জনায় ৷ তেওঁ কয় যে ডিমা হাছাও জিলাৰ উন্নয়নৰ বাবে তেওঁ কাম কৰি যাব । 15 বছৰ পিচত মাহুৰ সমষ্টিৰ কোনো সদস্য উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যনিৰ্বাহক সমিতিত অন্তৰ্ভুক্ত হৈছে । বিশেষকৈ মাহুৰ সমষ্টিৰ উন্নয়নৰ বাবে তেওঁ কাম কৰি যাব বুলি প্ৰতিশ্ৰুতি দিয়ে ।

লগতে পঢ়ক: ভূপেন বৰাৰ বাবে আৰু এটা বেয়া খবৰ: মুখ্যমন্ত্ৰীক গোপনে সাক্ষাৎ দাদু টায়েৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.