ETV Bharat / state

শোচনীয় অৱস্থাত ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান, শিক্ষাৰ্থীৰ অভাৱত পুনৰ বন্ধ হ'ব বহু বিদ্যালয় - Assam schools closed

author img

By ETV Bharat Assamese Team

Published : May 12, 2024, 2:03 PM IST

Many schools will be closed in Assam : বিদ্যালয়সমূহৰ পৰিদৰ্শকলৈ মাধ্যমিক শিক্ষা সঞ্চালকৰ পত্ৰ ৰাজ্যৰ ৯৬খন বিদ্যালয় বন্ধৰ নিৰ্দেশ । ইয়াৰ ভিতৰত আছে ৭৯ খন হাইস্কুল আৰু ১৭খন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল । ধেমাজিত বন্ধ হ'ব সর্বাধিক ২১ খন বিদ্যালয় । সমগ্ৰ শিক্ষাৰ কাৰ্যবিৱৰণীত উন্মোচিত ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ শোচনীয় ছবি । ১৪০ খন বিদ্যালয়ত নামভৰ্তি কৰা নাই এজনো শিক্ষার্থীয়ে । ৩০৭৪ খন বিদ্যালয় চলি আছে এজনীয়া শিক্ষকেৰে । প্ৰায় ২৮ শতাংশ বিদ্যালয়তে শিক্ষক-শিক্ষার্থীৰ আনুপাতিক হাৰ সন্তোষজনক নহয় ।

Many schools at risk of closing due to lack of students in Assam
শোচনীয় অৱস্থাত ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান (Google)

গুৱাহাটী, ১২ মে’ : শিক্ষার্থীৰ অভাৱত ৰাজ্যৰ হাজাৰ হাজাৰ চৰকাৰী শিক্ষানুষ্ঠান পুনৰ বন্ধ হৈ পৰাৰ উপক্ৰম হৈছে । শিক্ষার্থীৰ অভাৱত ইতিমধ্যে প্রায় ৮ হাজাৰ চৰকাৰী শিক্ষানুষ্ঠান বন্ধ কৰি দিয়া হৈছে । কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগক নির্দিষ্ট সংখ্যক শিক্ষার্থী নথকা বিদ্যালয় বন্ধ কৰি একত্ৰীকৰণ কৰিবলৈ পুনৰ নিৰ্দেশনা জাৰি কৰিছে ।

পুনৰ বন্ধ হ'ব ৰাজ্যৰ ৯৬ খন শিক্ষানুষ্ঠান :

অপ্রাদেশীকৃত বিদ্যালয় প্ৰাদেশিকীকৰণৰ দাবীত শিক্ষক সকলৰ আন্দোলন অব্যাহত থকাৰ সময়তে ২০২১ চনত প্ৰাদেশিকীকৰণ কৰা বৃহৎ সংখ্যক শিক্ষানুষ্ঠান বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিদ্যালয় শিক্ষা বিভাগে । শিক্ষাৰ্থীৰ অভাৱত ইতিমধ্যে ৮ হাজাৰৰো অধিক শিক্ষানুষ্ঠান ৰাজ্য চৰকাৰে বন্ধ কৰি দিয়াৰ পাচত মাধ্যমিক শিক্ষাৰ সঞ্চালকে শেহতীয়াকৈ আকৌ ৯৬ খন প্ৰাদেশীকৃত হাইস্কুল, ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে ।

Many schools at risk of closing due to lack of students in Assam
শিক্ষাৰ্থীৰ অভাৱত পুনৰ বন্ধ হ'ব বহু বিদ্যালয় (Google)

এই শিক্ষানুষ্ঠানসমূহ বন্ধ কৰি আন বিদ্যালয়ত চামিল কৰাৰ সিদ্ধান্ত লৈছে মাধ্যমিক শিক্ষাৰ সঞ্চালকে । ২০১৭ চনৰ প্ৰাদেশিকীকৰণ আইনৰ ২০১৮ চনৰ সংশোধনীৰ ভিত্তিত প্ৰাদেশীকৃত এই শিক্ষানুষ্ঠানসমূহ বন্ধ কৰিবলৈ ৰাজ্যৰ সকলো জিলাৰ বিদ্যালয় পৰিদৰ্শক সকললৈ ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰা হৈছে ।

ক'ত কিমান বিদ্যালয় হ'ব একত্রিকৰণ :

  • ৰাজ্যত ২০১৭ চনৰ আইনৰ আধাৰত প্ৰাদেশিকীকৰণৰ মৰ্যাদা লাভ কৰা মুঠ ৫১০ খন হাইস্কুল আৰু ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ভিতৰত বি টি এ ডিত আছে ৩৮ খন
  • কার্বি আংলং, ডিমা হাছাওৰ লগতে ভৈয়ামত থকা মুঠ ৪৭২ খন বিদ্যালয়ৰ পৰা হাইস্কুল ৭৯ খন, ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল ১৭ খন স্থায়ীভাৱে বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে
  • বন্ধ কৰি দিয়া এই শিক্ষানুষ্ঠান সমূহত থকা শিক্ষার্থী, শিক্ষক আৰু কর্মচাৰীসকল ওচৰৰ স্ব-নিৰ্ভৰ হৈ থকা বিদ্যালয়লৈ স্থানান্তৰ কৰা হ'ব
    Many schools at risk of closing due to lack of students in Assam
    শিক্ষাৰ্থীৰ অভাৱত পুনৰ বন্ধ হ'ব বহু বিদ্যালয় (Google)
  • মাধ্যমিক শিক্ষা সঞ্চালকালয়ে শিক্ষানুষ্ঠান বন্ধ কৰাৰ বাবে প্ৰস্তুত কৰা তালিকাত সর্বাধিক ধেমাজি জিলাৰ শিক্ষানুষ্ঠান আছে
  • ধেমাজি জিলাত ২১ খন হাইস্কুল আৰু ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আছে
  • ১১ খনকৈ শিক্ষানুষ্ঠান বন্ধ হ'ব বৰপেটা আৰু লখিমপুৰত
  • ধেমাজি, লখিমপুৰৰ দৰে জিলাত বৃহৎ সংখ্যক হাইস্কুল আৰু ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল বন্ধ কৰি দি আন বিদ্যালয়ত চামিল কৰাৰ পদক্ষেপৰ ফলত শিক্ষাৰ্থীৰ বাবে দূৰত্ব বাঢ়ি যোৱাৰ ফলত আধাতে বিদ্যালয় এৰা শিক্ষার্থীৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে
  • কামৰূপত ১০ খন, বঙাইগাঁৱত ৯ খন, ধুবুৰীত ৭ খন, যোৰহাট আৰু শিৱসাগৰত ৪ খনকৈ বিদ্যালয় বন্ধ হ'ব
  • তিনিখনকৈ বিদ্যালয় বন্ধ হ'ব গোৱালপাৰা, মৰিগাঁও আৰু দক্ষিণ শালমাৰাত
  • গোলাঘাট আৰু নলবাৰীত দুখনকৈ শিক্ষানুষ্ঠান বন্ধ হ'ব
  • এখনকৈ শিক্ষানুষ্ঠান বন্ধ হ'ব হাইলাকান্দি, কাৰ্বি আংলং, কৰিমগঞ্জ, নগাঁও, শোণিতপুৰ আৰু তিনিচুকীয়াত

এনেদৰে ৰাজহুৱা খণ্ডৰ বিদ্যালয়সমূহ এখনৰ পাচত আনখনকৈ বন্ধ হোৱাটো শুভ লক্ষণ নহয় ।

Many schools at risk of closing due to lack of students in Assam
শোচনীয় অৱস্থাত ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান (Google)

কেনে অৱস্থাত আছে ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানসমূহ :

  • কেন্দ্ৰীয় চৰকাৰে অসমত ২০২৪-২৫ বৰ্ষত সমগ্ৰ শিক্ষাৰ বাৰ্ষিক কৰ্ম আঁচনি আৰু বাজেট অনুমোদনৰ বাবে অনুষ্ঠিত কৰা বৈঠকৰ কাৰ্যবিৱৰণীত কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য প্রকাশ হৈছে । ৰাজ্যৰ চৰকাৰী শিক্ষা ব্যৱস্থাৰ পয়ালগা ৰূপ উক্ত কাৰ্যবিৱৰণীত উন্মোচিত হৈছে ।
  • ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ প্ৰসাৰৰ বিপৰীতে চৰকাৰী খণ্ডৰ বিদ্যালয়ত প্ৰয়োজনীয়সংখ্যক শিক্ষার্থী নথকাত ইতিমধ্যে প্রায় ৮ হাজাৰ চৰকাৰী শিক্ষানুষ্ঠান একত্ৰীকৰণৰ নামত বন্ধ কৰি দিয়া হৈছে ।
  • সমগ্ৰ শিক্ষাৰ বাৰ্ষিক পৰিকল্পনা আৰু বাজেট অনুমোদনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰকল্প অনুমোদন পৰিষদৰ বৈঠকৰ কাৰ্যবিৱৰণীত শিক্ষক-শিক্ষার্থীৰ আনুপাতিক হাৰ য'ত প্ৰতিকূল নহয় সেই বিদ্যালয়বোৰ বন্ধ কৰি একত্ৰীকৰণৰ নিৰ্দেশ দিয়া হৈছে ।
  • কেন্দ্রীয় বিদ্যালয় শিক্ষা দপ্তৰে প্রকল্প অনুমোদন পৰিষদৰ বৈঠকৰ কাৰ্যবিৱৰণীত উল্লেখ কৰে যে ৰাজ্যত মুঠ ৪৫৪৯০ খন বিদ্যালয় আছে । ইয়াৰ ভিতৰত ১৪০খন বিদ্যালয়ত এগৰাকীও শিক্ষার্থীয়ে নামভৰ্তি কৰা নাই ।
  • ৰাজ্য চৰকাৰে শিক্ষক নিযুক্তি দি শিক্ষকৰ অভাৱ দূৰ কৰাৰ চেষ্টা চলাইছে যদিও কাৰ্যবিৱৰণীত উল্লেখ কৰা অনুসৰি ৩০৭৪ খন বিদ্যালয় এজনীয়া শিক্ষকৰে পাঠদান চলি আছে ।
  • শিক্ষক-শিক্ষার্থীৰ আনুপাতিক হাৰ ২৭.৪৩ শতাংশ বিদ্যালয়ত আশানুৰূপ নহয় ।
  • ৰাজ্যৰ শিক্ষা সচিব আৰু সমগ্ৰ শিক্ষাৰ মিছন সঞ্চালকলৈ দিয়া নির্দেশ অনুসৰি বিদ্যালয় একত্ৰীকৰণ নিশ্চিত কৰাটো প্রয়োজন ।
  • বিশেষকৈ প্রাথমিক বিদ্যালয়ত শিক্ষকৰ অভাৱ দূৰ কৰিবলৈ নির্দেশ দিয়া হৈছে ।
  • তদুপৰি কাৰ্যবিৱৰণীত আধাতে বিদ্যালয় এৰা শিক্ষার্থীৰ হাৰ কমাতকৈ বৃদ্ধি হোৱাত উদ্বেগ প্রকাশ কৰা হৈছে ।
  • ২০২০-২১ৰ পৰা ২০২১-২২ বৰ্ষত নিম্ন প্রাথমিকত ৬.০২ শতাংশ আৰু উচ্চ প্রাথমিকত ৮.৮২ শতাংশ আধাতে বিদ্যালয় এৰি যোৱা শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি হৈছে ।
  • শিক্ষার্থীয়ে আধাতে বিদ্যালয় এৰা ৰোধ কৰিবলৈ গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বিষয়ে সময়ে সময়ে প্রতিবেদন দাখিল কৰিবলৈও নির্দেশ দিয়া হৈছে
  • ইতিপূৰ্বে ৰাজ্যত ৬,০৩২খন প্রাথমিক, ২০৩৪খন উচ্চ প্ৰাথমিক আৰু ২১৪খন হাইস্কুল আৰু উচ্চত মাধ্যমিক একত্ৰীকৰণৰ নামত বন্ধ কৰি হৈছে ।

লগতে পঢ়ক :

মহাবিদ্যালয় একত্রিকৰণৰ কোনো প্ৰস্তাৱ নাই চৰকাৰৰ : স্পষ্ট কৰিলে শিক্ষামন্ত্রীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.