ETV Bharat / state

মহাবিদ্যালয় একত্রিকৰণৰ কোনো প্ৰস্তাৱ নাই চৰকাৰৰ : স্পষ্ট কৰিলে শিক্ষামন্ত্রীয়ে

author img

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 8:31 PM IST

College Amalgamation Assam
মহাবিদ্যালয় একত্রিকৰণ

College Amalgamation Assam: মহাবিদ্যাল একত্ৰিকৰণৰ সিদ্ধান্ত অস্বীকাৰ কৰিছে শিক্ষামন্ত্ৰীয়ে ৷ বিপৰীতে কম শিক্ষাৰ্থী থকা মহাবিদ্যালয়সমূহ ক্লাষ্টাৰিং কৰাৰ প্ৰস্তাৱহে আছে বুলি সদৰী কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ।

মহাবিদ্যালয় একত্রিকৰণৰ সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

গুৱাহাটী, 1 মাৰ্চ: শিক্ষাৰ্থী কম থকা মহাবিদ্যালয়সমূহ একত্ৰিকৰণ হ’ব বুলি উত্থাপিত অভিযোগ নস্যাৎ কৰিছে খোদ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । শুকুৰবাৰে কাহিলীপাৰাৰ সমগ্ৰ শিক্ষা অভিযানৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি শিক্ষামন্ত্ৰী ডাঃ পেগুৱে স্পষ্টভাৱে কয় যে মহাবিদ্যালয় একত্ৰিকৰণৰ কোনো প্ৰস্তাৱ চৰকাৰে লোৱা নাই ।

  • " class="align-text-top noRightClick twitterSection" data="">

মহাবিদ্যালয় একত্ৰিকৰণৰ বিপৰীতে কম শিক্ষাৰ্থী থকা মহাবিদ্যালয়সমূহ ক্লাষ্টাৰিং কৰাৰ প্ৰস্তাৱ চৰকাৰৰ আছে বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে সদৰী কৰে । ক্লাষ্টাৰিঙৰ যোগেদি কাষৰ মহাবিদ্যালয় দুখনৰ মাজত সমন্বয় গঢ়ি তোলা হ’ব যাতে নথকা বিভাগৰ সুবিধা আন শিক্ষাৰ্থীসকলে গ্ৰহণ কৰিব পাৰে । ক্লাষ্টাৰিঙৰ জৰিয়তে মহাবিদ্যালয় একত্ৰিকৰণ নহয় ।

দুয়োখন মহাবিদ্যালয়ে থাকিব যদিও শিক্ষাৰ্থীসকলে নিজৰ পচন্দৰ বিষয় পঢ়াৰ ক্ষেত্ৰত সুবিধা লাভ কৰিব । ৰাজ্যৰ উচ্চশিক্ষাৰ প্ৰসংগত তেওঁ কয় যে অসমৰ উচ্চশিক্ষাৰ গ্ৰ'ছ এনৰোলমেণ্ট ৰেচিঅ' (Gross Enrollment Ratio) সৰ্বভাৰতীয় পৰ্যায়ত যথেষ্ট কম । ২০২০-২১ বৰ্ষত অসমৰ চৰকাৰী-বেচৰকাৰী উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানসমূহৰ গ্ৰ’ছ এনৰোলমেণ্ট ৰেচিঅ' আছিল ১৭ শতাংশ । আনহাতে ২০২১-২২ বৰ্ষত এই হাৰ ১৬ শতাংশলৈ হ্ৰাস পায় ।

সৰ্বভাৰতীয় পৰ্যায়ত ইয়াৰ হাৰ ২৮ শতাংশ । এন ই পিৰ মতে এই হাৰ ৫০ শতাংশলৈ উন্নীত কৰিব লাগে আৰু সেয়া কৰিব পাৰিলে বিশ্বৰ পাঁচখন উন্নত ৰাষ্ট্ৰৰ এখন হ’ব ভাৰত । অসমত উচ্চশিক্ষাৰ এনৰোলমেণ্টৰ হাৰ কম হোৱা বিষয়টো বিশেষভাৱে চৰ্চা হোৱা বুলি সদৰী কৰি তেওঁ কয় যে মহাবিদ্যালয়সমূহত শিক্ষাৰ্থীৰ সংখ্যা প্ৰকৃততে কম হোৱা নাই । চৰকাৰী-বেচৰকাৰী মহাবিদ্যালয়সমূহে ডাটা জমা নিদিয়াৰ বাবেই এই সংখ্যা কম হৈ আছে ।

এই সন্দৰ্ভত অলপতে গুৱাহাটীৰ বি বৰুৱা কলেজত কৰ্মশাল অনুষ্ঠিত কৰা হয় বুলি সদৰী ডাঃ ৰণোজ পেগুৱে কয় যে ইয়াৰ পিচতে মহাবিদ্যালয়সমূহে ডাটা আপলোড কৰিছে । যাৰ ফলত শিক্ষাৰ্থীৰ সংখ্যা ৭০ হাজাৰ বৃদ্ধি পাইছে ।

তেওঁ কয় যে ডাটা আপলোড কৰাৰ বাবে এতিয়া আৰু মহাবিদ্যালয়ৰ শিক্ষকসকলৰ দৰমহা বন্ধ নহয় । ইয়াৰ বাবে বিত্ত বিভাগক জনোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে । পুনৰ এনে গাফিলতি কৰিলে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কয় শিক্ষামন্ত্ৰীগৰাকীয়ে ।

বহু মহাবিদ্যালয়, বিশ্ববিদ্যালয়ে সময়মতে তথ্য যোগদান নধৰাৰ পৰিপ্ৰেক্ষিতত এনে পৰিস্থিতি হৈছিল বুলি সদৰী কৰি তেওঁ কয় যে য‍াৰ বাবে ক্ষুব্ধ হৈ মুখ্যমন্ত্ৰীয়ে দৰমহা বন্ধৰ নিৰ্দেশ দিছিল । বৰ্তমান সকলো শিক্ষানুষ্ঠানে তথ্যসমূহ যোগান ধৰিছে বাবেই বিত্ত বিভাগক দৰমহা মুকলি কৰি দিয়াৰ কথা কোৱা হৈছে ।

এতিয়াৰে পৰা ৰাজ্যৰ সকলো চৰকাৰী-বেচৰকাৰী উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ সকলো তথ্য All India Survey on Higher Educationৰ পৰ্টেলত আপলোড কৰাটো বাধ্যতামূলক হ’ব । তেওঁ লগতে কয় যে কোনো মহাবিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত চৰকাৰে লোৱা নাই । মহাবিদ্যালয় একত্ৰিকৰণৰ পৰিৱৰ্তে ক্লাষ্টাৰ ব্যৱস্থাৰহে প্ৰস্তাৱ লৈছে ।

এই ব্যৱস্থাত সমীপত থকা দুই তিনিখন মহাবিদ্যালয় সামৰি লোৱা হ’ব । ইয়াৰ ফলত শিক্ষাৰ্থীয়ে সুবিধা অনুযায়ী উক্ত শিক্ষানুষ্ঠানসমূহত একেটা ক্লাষ্টাৰৰ ভিতৰত অতিৰিক্ত পাঠ্যক্ৰমৰ শিক্ষাগ্ৰহণ কৰিব পাৰিব ।

শিক্ষামন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে ৰাজ্যত ৫০০ৰ কম শিক্ষাৰ্থী থকা ৬৯ খন মহাবিদ্যালয় আছে । ক্লাষ্টাৰিঙৰ যোগেদি সকলো মহাবিদ্যালয়ে বৰ্তি থাকিব । আনহাতে কম শিক্ষাৰ্থী থকা বহু কন্যা মহাবিদ্যালয় আছে বুলি সদৰী কৰি তেওঁ কয় যে তেনে মহাবিদ্যালয়ক ছাত্ৰ-ছাত্ৰী উভয়ৰে ব্যৱস্থা কৰাৰ বাবে আহ্বান জনোৱা হৈছে । যাতে শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পায় ।

সেইদৰে শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি উচ্চশিক্ষাত হোষ্টেলৰ সংখ্যা বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰা হৈছে । তদুপৰি নতুন নতুন পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰাৰো পদক্ষেপ লোৱা হৈছে বুলি তেওঁ কয় ।

লগতে পঢ়ক: পাঠ্যক্ৰমৰ বাহিৰৰ প্ৰশ্নৰ ক্ষেত্রত শিক্ষাৰ্থীয়ে লাভ কৰিব সম্পূৰ্ণ নম্বৰ : শিক্ষামন্ত্রীৰ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.