ETV Bharat / state

নিয়তিৰ নিষ্ঠুৰ পৰিহাস; নৱবৰ্ষৰ প্ৰথম দিনাই এটি পৰিয়াললৈ নামি আহিল অমানিশা: পৰিয়ালটোৰ কাষত উপস্থিত পীযুষ হাজৰীকা - Tragic incident in Titabor

author img

By ETV Bharat Assamese Team

Published : Apr 15, 2024, 12:34 PM IST

Updated : Apr 15, 2024, 3:03 PM IST

father committed suicide after hearing the news of the deaths of his son and niece in titabor
পুত্ৰ আৰু ভতিজাকৰ মৃত্যুৰ খবৰ সহিব নোৱাৰি আত্মহত্যা পিতৃৰ

Tragic incident in Titabor : পহিলা ব’হাগৰ দিনাই তিতাবৰত শোকাৱহ ঘটনা ৷ বহিঃৰাজ্যত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ দুজনকৈ যুৱকে ৷ দুই যুৱকৰ শোকত ম্ৰিয়মাণ হৈ চৰম পন্থা বাচি ল’লে পৰিয়ালটোৰ জ্যেষ্ঠ সদস্যই ৷ শোকাকুল পৰিস্থিতি সমগ্ৰ গাঁওখনত ৷ বৰ্তমানেও অসমলৈ অনা হোৱা নাই প্ৰাণ হেৰুওৱা দুই যুৱকৰ মৃতদেহ ৷ দুৰ্ভগীয়া পৰিয়ালটোৰ বাসগৃহত উপস্থিত মন্ত্ৰী পীযুষ হাজৰীকা আৰু বিজেপি বিধায়ক দিগন্ত কলিতা ৷ সকলো প্ৰকাৰৰ সহযোগিতা প্ৰদান কৰা হ’ব বুলি আশ্বাস প্ৰদান ৷

পুত্ৰ আৰু ভতিজাকৰ মৃত্যুৰ খবৰ সহিব নোৱাৰি আত্মহত্যা পিতৃৰ

যোৰহাট / তিতাবৰ, 15 এপ্ৰিল: ৰঙালীৰ আনন্দ-উছাহৰ মাজতে শোকাৱহ ঘটনা ৷ বিহুৰ প্ৰথম দিনটোতেই তিতাবৰৰ এটা পৰিয়াললৈ নামি আহিল অমানিশা ৷ পহিলা ব’হাগৰ দিনাই তিতাবৰত সংঘটিত হ’ল এটি হৃদয়বিদাৰক ঘটনা ৷ বিহুৰ আনন্দৰ মাজতেই একেদিনাই একেঘৰৰেই তিনিজনে চকু মুদিলে চিৰদিনলৈ । এক পথ দুৰ্ঘটনাই পৰিয়ালটিলৈ নমাই আনিলে ঘোৰ অন্ধকাৰ ৷

নৱবৰ্ষৰ প্ৰথম দিনাই এটি পৰিয়াললৈ নামি আহিল অমানিশা

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, তিতাবৰ খাৰখোৱা গাঁৱৰ দুই ককাই-ভাই অচ্যুত ৰঞ্জন গগৈ (21) আৰু পাপু গগৈয়ে (26) গোৱাত এটি কোম্পানীত কৰ্মৰত হৈ আছিল । বিয়লি কৰ্মস্থলীৰ পৰা নিজৰ থকা ঠাইলৈ দুই ভাতৃয়ে মটৰ চাইকেলেৰে উভতি আহোতেই সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাৰ ঘটনাটো । পথ দুৰ্ঘটনাটোত থিতাতে মৃত্যু ঘটে দুই ভাতৃৰ ।

Tragic incident in Titabor
পাপু গগৈ

পুত্ৰ আৰু ভতিজাকৰ মৃত্যুৰ খবৰ পায় শোকত বিহ্বল হৈ পৰে অচ্যুত ৰঞ্জন গগৈ আৰু পাপু গগৈৰ পৰিয়াল ৷ পুত্ৰ-ভতিজাকৰ মৃত্যুৰ দুখ সহিব নোৱাৰি পাপু গগৈৰ পিতৃ অনিল গগৈয়ে সোমবাৰৰ নিশা প্ৰায় 8 বজাত চৰম পন্থাক আঁকোৱালি লয় ।

Tragic incident in Titabor
অচ্যুত ৰঞ্জন গগৈ

একেটা পৰিয়ালৰ তিনিজনকৈ লোকৰ অকাল মৃত্যুত এতিয়া তিতাবৰ খাৰখোৱা গাঁৱত সৃষ্টি হৈছে এক শোকাকুল পৰিৱেশৰ । অন্যহাতে গোৱাত দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লোৱা দুই যুৱকৰ মৃতদেহ ঘৰলৈ আনিবলৈ আৰ্থিকভাৱে সক্ষম নহয় পৰিয়ালৰ লোক ।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈ, তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ বৰুৱাক বহিঃৰাজ্যত প্ৰাণ হেৰুওৱা দুই যুৱকৰ মৃতদেহ ৰাজ্যলৈ ঘূৰাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ভুক্তভোগী পৰিয়ালৰ লোকে ।

আনহাতে, আহ্বান জনোৱাৰ পাচতে মৃত যুৱক পাপু গগৈ আৰু অচ্যুৎ ৰঞ্জন গগৈৰ বাসগৃহত উপস্থিত হয় মন্ত্ৰী মন্ত্ৰী পীযুষ হাজৰীকা আৰু বিজেপি বিধায়ক দিগন্ত কলিতা ৷ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে পীযুষ হাজৰীকাই । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যক্ষভাৱে সমগ্ৰ বিষয়টোক যথেষ্ট গুৰুত্ব আৰোপ কৰি মঙলবাৰৰ সন্ধিয়াৰ ভিতৰত দুয়োজনৰে মৃতদেহ সুদূৰ গোৱাৰ পৰা এখন ফ্লাইটযোগে প্ৰথমে গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰলৈ অনাৰ ব্যৱস্থা কৰি দিছে বুলি জনাই মন্ত্ৰী হাজৰীকাই ৷

সন্ধিয়াৰ ভিতৰত মৃতদেহ তিতাবৰ এলেঙী খাৰখোৱা বাসগৃহত পাবহি বুলি জানিবলৈ দিয়াৰ লগতে প্ৰয়োজনত মুখ্যমন্ত্ৰীৰ সহযোগত সকলো সহযোগিতা প্ৰদান কৰিব বুলিও আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: বৰপেটাৰোড-মৰাণত ভয়াৱহ পথ দুৰ্ঘটনাত নিহত তিনি যুৱক - Road accident in Assam

Last Updated :Apr 15, 2024, 3:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.