ETV Bharat / state

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ : ভোটকেন্দ্ৰলৈ ৰাওনা বিষয়া-নিৰাপত্তা বাহিনীৰ দল - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 6:20 AM IST

Lok Sabha Election 2024: ১৯ এপ্ৰিলত ৰাজ্যৰ ৫ টা লোকসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । প্ৰতিটো সমষ্টিৰ ভোটকেন্দ্ৰসমূহ সাজু কৰি তোলা হৈছে । প্ৰিজাইডিং বিষয়া, প'লিং বিষয়াকে ধৰি নিৰাপত্তা বাহিনীৰ দল ভোটকেন্দ্ৰসমূহলৈ ৰাওনা হৈছে ।

Lok Sabha Election 2024
ভোটকেন্দ্ৰলৈ ৰাওনা বিষয়া-নিৰাপত্তা বাহিনীৰ দল

ভোটকেন্দ্ৰলৈ ৰাওনা বিষয়া-নিৰাপত্তা বাহিনীৰ দল

নিউজ ডেস্ক,১৮ এপ্ৰিল : ৰাজ্যৰ ৫ টা সমষ্টিত শুকুৰবাৰে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । নিৰ্বাচন আয়োগে নিৰ্বাচনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে । ইতিমধ্যে প'লিং বিষয়া, প্ৰিজাইডিং বিষয়াকে ধৰি আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ দল ভোটকেন্দ্ৰ তথা গন্তব্য স্থানলৈ ৰাওনা হৈছে । ১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত জোনাই বিধানসভা সমষ্টিটো নিৰ্বাচনী বিষয়া-কৰ্মচাৰীৰ দলসমূহে নিজ নিজ ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে ।

পুৱাৰে পৰা মহকুমাধিপতি কাৰ্যালয়ৰ পৰা ই ভি এমৰ লগতে যাৱতীয় নথিপত্ৰ আদি লৈ প্ৰিজাইডিং বিষয়া, প'লিং বিষয়াকে ধৰি নিৰাপত্তা বাহিনীৰ দলবোৰ ভোটকেন্দ্ৰসমূহলৈ ৰাওনা হৈছে l উল্লেখ্য যে জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত মুঠ ২৩৩ টা ভোটকেন্দ্ৰত মুঠ ২,১৫,০৬৬ গৰাকী ভোটাৰ আছে । ইয়াৰে পুৰুষ ভোটাৰ ১,০৭,১৭৩ গৰাকী আৰু মহিলা ভোটাৰ ১,০৭,৮৯৩ গৰাকী ।

এইবাৰ প্ৰথমবাৰলৈ জোনাই সমষ্টিত পুৰুষতকৈ মহিলা ভোটাৰৰ সংখ্যা বেছি হোৱা দেখা গৈছে । জোনাই বিধানসভা সমষ্টিক ২৫ টা ছেক্টৰ আৰু ৭ টা জ'নত ভাগ কৰি নিৰ্বাচন পৰিচালনা কৰা হ'ব । ইয়াৰ অতিকৈ দুৰ্গম ৩ নং শিৱগুৰি এল পি স্কুল ভোটকেন্দ্ৰক এটা ছেক্টৰ, মেছাকী চাপৰিৰ ৯২ নং, ৯৩ নং আৰু ৯৪ নং ভোটকেন্দ্ৰ ৩ টাক এটা ছেক্টৰ আৰু মৌজা চপৰিৰ একমাত্ৰ ভোটকেন্দ্ৰক এটা ছেক্টৰ হিচাপে পৰিচালনা কৰি ভোটগ্ৰহণৰ সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

ইফালে ১৬ নং নেপালী বস্তি এল পি স্কুল ভোটকেন্দ্ৰ আৰু ১৯ নং জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় ভোটকেন্দ্ৰক আদৰ্শ ভোটকেন্দ্ৰ হিচাপে স্থাপন কৰাৰ লগতে ১০ টা ভোটকেন্দ্ৰ কেৱল মহিলা প'লিং প্ৰিজাইডিং বিষয়াৰ দ্বাৰা ভোটগ্ৰহণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । নিৰ্বাচনৰ বিভিন্ন কোষ পৰিচালনাৰ লগতে প'লিং-প্ৰিজাইডিং বিষয়া আৰু নিৰাপত্তাৰক্ষীসকলক গন্তব্য স্থানলৈ লৈ যাবলৈ ৩০২ খন সৰু-বৰ বাহন ব্যৱহাৰ কৰা হৈছে ।

মাজুলীৰো ১১ টা অতি দুৰ্গম ভোটকেন্দ্ৰলৈ প'লিং-প্ৰিজাইডিং বিষয়াসকল ৰাওনা হৈছে । অফলামুখ ফেৰীঘাটৰ পৰা নাৱেৰে ৰাওনা হৈছে বিষয়াসকল । আহতগুৰি, কাৰ্তিক চাপৰি, ডব্লি চাপৰিকে ধৰি মুঠ ১১ টা ভোটকেন্দ্ৰলৈ বিষয়াসকলে ইভিএম আৰু যাৱতীয় সামগ্ৰী লৈ ৰাওনা হৈছে । জানিব পৰা মতে আহতগুৰি ভোটকেন্দ্ৰসমূহৰ বিষয়াসকলে ট্রেক্টৰত উঠি ভোটকেন্দ্ৰলৈ যাব লাগিব ।

শিৱসাগৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ পৰাও নিজ নিজ ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে বিষয়াসকল । জিলাখনত মুঠ ৪৮১ টা ভোটকেন্দ্ৰ থকাৰ বিপৰীতে ৫২৫ গৰাকী প্ৰিজাইডিং বিষয়া আৰু ১৬০৭ গৰাকী প'লিং বিষয়া নিয়োগ কৰা হৈছে । ডিমৌ বিধানসভা সমষ্টিত ২১২ টা আৰু শিৱসাগৰ সমষ্টিত ২৬৯ টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে । শিৱসাগৰ নিৰ্বাচনী জিলাত আছে ৩,৮৪,২২৭ গৰাকী ভোটাৰ । ‌ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ১,৮৯,৯৬৭ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা ১,৯৪,২৫৮ গৰাকী । তৃতীয় লিংগৰ ভোটাৰ আছে ২ গৰাকী ।

নিৰ্বাচনী জিলাখনত মুঠ ৮ টা ভোটকেন্দ্ৰ পৰিচালনা কৰিব কেৱল মহিলাই । ‌শিৱসাগৰ সমষ্টিত ২৮ গৰাকী আৰু ডিমৌ সমষ্টিত ২২ গৰাকী ছেক্টৰ বিষয়া নিয়োগ কৰা হৈছে । শিৱসাগৰ নিৰ্বাচনী জিলাত আদৰ্শ ভোটকেন্দ্ৰৰ সংখ্যা ৬ টা ।

শোণিতপুৰ জিলাৰ ৫ টা বিধানসভা সমষ্টিৰ নির্দিষ্ট ভোটকেন্দ্ৰসমূহলৈও প্ৰিজাইডিং বিষয়া, প'লিং বিষয়া আৰু নিৰাপত্তা বাহিনীৰ দলবোৰ ৰাওনা হৈছে । জিলাখনত মুঠ ১১০০ টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে । ১৫০ টা ভোটকেন্দ্ৰ মহিলাসকলৰ দ্বাৰা পৰিচালনা কৰা হ'ব । বিশেষভাৱে সক্ষম বিষয়াৰ দ্বাৰা পৰিচালিত হ'ব ৩ টা ভোটকেন্দ্ৰ আৰু ৯ টা ভোটকেন্দ্ৰ যুৱ বিষয়াৰ দ্বাৰা পৰিচালিত হ'ব ।

তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ পৰাই নিৰ্বাচনৰ বিষয়াৰ দলবোৰ গন্তব্য স্থানলৈ ৰাওনা হৈছে । শোণিতপুৰ লোকসভা সমষ্টিৰ মুঠ ১৬,২৫,৩৬৪ গৰাকী ভোটাৰৰ ভিতৰত শোণিতপুৰ জিলাৰ ৫ টা বিধানসভা সমষ্টিত মুঠ ভোটাৰ হৈছে ৯,৫১,২৮৫ গৰাকী । জিলাখনৰ মুঠ পুৰুষ ভোটাৰ ৪,৭৩,০৩৭ গৰাকী আৰু মহিলা ভোটাৰ হৈছে ৪,৭৮,২৪৮ গৰাকী । ৫ টা আদৰ্শ ভোটকেন্দ্ৰ, ১০ টা যুৱ ভোটকেন্দ্ৰ আৰু ৩ টা বিশেষভাৱে সক্ষম লোকৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে । নিৰ্বাচনত মুঠ ৪৪০০ গৰাকী বিষয়া-কৰ্মচাৰী নিয়োগ কৰা হৈছে আৰু ২০ শতাংশ অতিৰিক্ত হিচাপে থাকিব । ১১৮ গৰাকী ছেক্টৰ বিষয়া আৰু ২৪ গৰাকী জ'নেল বিষয়া নিয়োগ কৰা হৈছে ।

ধেমাজি জিলাখনৰ বাবেও প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । ধেমাজি গ্ৰামোন্নয়ন অভিকৰণ কাৰ্যালয়ৰ প্ৰাংগনত পুৱাই উপস্থিত হয় প্ৰিজাইডিং বিষয়া, প'লিং বিষয়া, আৰক্ষী আৰু জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী ৷ কটকটীয়া নিৰাপত্তাৰ মাজত পুৱা ৫:১৫ বজাত ষ্ট্ৰং ৰূম খোলাৰ পিচত ৮ বজাৰ পৰা বিষয়াসকলৰ মাজত ইভিএম আৰু আন আন সামগ্ৰী বিতৰণ আৰম্ভ কৰা হয় ৷ তাৰ পিচত ধেমাজি কাছাৰী ময়দানত স্থাপন কৰা পৰিবহণ কক্ষৰ পৰা নিজ নিজ নম্বৰৰ বাহনেৰে নিৰ্দিষ্ট ভোটকেন্দ্ৰলৈ ৰাওনা হয় বিষয়াসকল ৷ ধেমাজি বিধানসভা সমষ্টিত ১৯২ টা ভোটকেন্দ্ৰ আৰু চিচিবৰগাঁও বিধানসভা সমষ্টিত ২০১ টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে ।

লগতে পঢ়ক :অৰুণাচলৰ চীন-তিব্বত সীমান্তত অৱস্থিত এটা দুৰ্গম ভোট কেন্দ্ৰলৈ ভোটগ্ৰহণৰ বাবে ৰাওনা নিৰ্বাচনী বিষয়াৰ দল - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.