ETV Bharat / state

লখিমপুৰত দুটাকৈ সমষ্টিত ভূমি পট্টা বিতৰণ মন্ত্রী ৰণোজ পেগুৰ

Land pattas distribution in Lakhimpur: শনিবাৰে লখিমপুৰৰ দুটাকৈ সমষ্টিত মিছন বসুন্ধৰা ২.o ৰ অধীনত ভূমি পট্টা বিতৰণ কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । লখিমপুৰ জিলাৰ 75 নং নাওবৈছা বিধানসভা সমষ্টি আৰু 74 নং ৰঙানদী বিধানসভা সমষ্টিৰ হিতাধিকাৰীসকলৰ মাজত বিতৰণ কৰা হয় এই পট্টা ৷

land pattas distribution by Minister Ranoj pegu in Lakhimpur
লখিমপুৰত দুটাকৈ সমষ্টিত ভূমিপট্টা বিতৰণ মন্ত্রী ৰণোজ পেগুৰ
author img

By ETV Bharat Assamese Team

Published : February 25, 2024 at 7:04 AM IST

2 Min Read
Choose ETV Bharat
লখিমপুৰত দুটাকৈ সমষ্টিত ভূমিপট্টা বিতৰণ মন্ত্রী ৰণোজ পেগুৰ

লখিমপুৰ, 25 ফেব্ৰুৱাৰী : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে শনিবাৰে লখিমপুৰৰ দুটাকৈ সমষ্টিত মিছন বসুন্ধৰা ২.o ৰ অধীনত ভূমি পট্টা বিতৰণ কৰা হয় ৷ ভূমি পট্টা বিতৰণ কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । শনিবাৰে লখিমপুৰ জিলাৰ 75 নং নাওবৈছা বিধানসভা সমষ্টিৰ অন্তৰ্গত সোণৰ ঢেঁকী খেলপথাৰত 3244 জন ব্যক্তিক আৰু 74 নং ৰঙানদী বিধানসভা সমষ্টিৰ অন্তৰ্গত1352 গৰাকী খিলঞ্জীয়া ব্যক্তিক মিছন বসুন্ধৰা মিছন 2.0 ৰ অধীনত ভূমি পট্টা প্ৰদান কৰা হয়।

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়, "ভূমি অধিকাৰ প্ৰদানেৰে খিলঞ্জীয়া জনগোষ্ঠীক সৱলীকৰণ অসম চৰকাৰৰ এক বৃহৎ যুগান্তকাৰী পদক্ষেপ । এটা সময়ত ৰাজ্যখনত বসবাস কৰি থকা খিলঞ্জীয়া জনসাধাৰণে সুদীর্ঘ সময় ধৰি নিজৰ দখলত থকা মাটিৰ ওপৰত আইনগতভাৱে অধিকাৰ লাভ কৰা নাছিল’’ ।

তেওঁ আৰু কয়, ‘‘আনকি নিজৰ দখল বুলি দাবী কৰিব পৰাকৈ নথিভুক্ত ভূমিৰো ৰেকৰ্ড নাছিল । এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ভূমিৰ অধিকাৰ আইনখনৰ সংশোধন কৰে আৰু ভুমিহীন খিলঞ্জীয়া লোকসকললৈ ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ সিদ্ধান্ত লয়’’ ।

লগতে তেওঁ কয়, ‘‘এই প্ৰক্ৰিয়াৰ জৰিয়তে খিলঞ্জীয়া ভূমিহীন লোকসকলে ভূমিৰ চৰকাৰী নথিপত্ৰ লাভ কৰিবলৈ সক্ষম হ'ব । ভূমি পট্টাসমূহে ভূমিৰ গৰাকীসকলক নিজ মাটিৰ মালিকীস্বত্ব আহৰণৰ সুযোগ প্রদান কৰিব । তেওঁলোকে বেংক ঋণকে ধৰি বিভিন্ন সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব’’ ।

মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা, অৰুণোদয় আদি আঁচনিৰ পৰা বঞ্চিত হোৱা ব্যক্তিক পুনৰ পোৱাৰ আশ্বাস প্ৰদান কৰে । জিলা আয়ুক্ত কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়িকা জুনুমা কোঁচে আঁতধৰা পট্টা বিতৰণ অনুষ্ঠানটিত আদৰণি ভাষণ প্ৰদান কৰে জিলা আয়ুক্ত গায়ত্ৰী হ্যালিঙে ।

  • " class="align-text-top noRightClick twitterSection" data="">

উক্ত ভূমি পট্টা বিতৰণৰ কাৰ্যসূচীত সাংসদ প্ৰদান বৰুৱা, জিলা উন্নয়ন আয়ুক্ত উৎপল বৰা, জিলা অতিৰিক্ত আয়ুক্ত, টিকুমণি বৰা, বিশিষ্ট সমাজকৰ্মী ফণীধৰ বৰুৱা, প্ৰদীপ কুমাৰ দত্ত আৰু ৰাজহ চক্ৰ বিষয়াসকলৰ লগতে হিতাধিকাৰীসকল উপস্থিত থাকে ।

লগতে পঢ়ক : ভাটৌ কোন ? কাৰ বাবে বিজেপিত ঠাই নাই বুলি ক’লে জয়ন্ত মল্লবৰুৱাই ?