ETV Bharat / state

নাহৰফুটুকীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত শ্ৰমিকৰ মৃত্যুৰে যুঁজ - LEOPARD TERROR IN Mariyani

author img

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 8:37 PM IST

Tiger attack in Jorhat : নাহৰফুটুকীৰ আতংকই নিদ্ৰাহৰণ কৰিছে মৰিয়নীবাসীৰ ৷ কঠালগুৰি চাহ বাগিচাত কেইবাটাও নাহৰফুটুকীয়ে বাহৰ পতাৰ খবৰ পোৱা গৈছে ৷ কিছুদিন পূৰ্বেও মৰিয়নীৰ নকছাৰীত পিঞ্জৰাবদ্ধ হৈছিল দীৰ্ঘদিনে উপদ্ৰৱ চলাই থকা এটা নাহৰফুটুকী ।

LEOPARD TERROR IN Mariyani
আতংকই বিৰাজ কৰিছে মৰিয়নীত (Etv Bharat Assam)

যোৰহাট, 2 জুন: যোৰহাট জিলাত বিগত কিছুদিনৰে পৰা অব্যাহত আছে নাহৰফুটুকীৰ আতংক ৷ জিলাখনৰ বহুকেইটা স্থানত নাহৰফুটুকীৰ আক্ৰমণৰ ঘটনাৰ খবৰ ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশ পাইছে ৷ এইবাৰৰ মৰিয়নীত নাহৰফুটুকীৰ মুক্ত বিচৰণৰ খবৰ গম পোৱা গৈছে ৷

মৰিয়নীত নাহৰফুটুকীৰ আক্ৰমণ (Etv Bharat Assam)

মৰিয়নীৰ কঠালগুৰি চাহ বাগিচাত মলত্যাগৰ বাবে নিজ ভাতৃৰ সৈতে বাহিৰলৈ যোৱা এজন শ্ৰমিকক আক্ৰমণ কৰে এটা নাহৰফুটুকীয়ে ৷ দেওবাৰে সংঘটিত এই ঘটনাত গুৰুতৰভাৱে আহত হয় বাগিচাখনৰ 8নং লাইনৰ পৰেশ তেলেংগা নামৰ শ্ৰমিকজন ৷

লগতে পঢ়ক: মৰিয়নীত নাহৰফুটুকী পিঞ্জৰাবদ্ধ - Leopard Caged In Mariani

নাহৰফুটুকীৰ আক্ৰমণত আহত হৈ শ্ৰমিকজন ঘটনাস্থলীতে পৰি ৰয় ৷ এই আক্ৰমণৰ ফলত শ্ৰমিকজনে মুখ, ডিঙি, কঁকাল আৰু মূৰত গুৰুতৰভাৱে আঘাত পায় ৷ নাহৰফুটুকীটোৱে পৰেশ তেলেংগাৰ মুখৰ পৰা এটা অংশ এৰুৱাই নিয়ে বুলি জানিব পৰা গৈছে ৷

বাঘৰ আক্ৰমণত আঘাতপ্ৰাপ্ত শ্ৰমিকজনক প্ৰথমে মৰিয়নী প্ৰাথমিক চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও আঘাত গুৰুতৰ হোৱা বাবে ততালিকে প্ৰেৰণ কৰা হয় যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৷ সম্প্ৰতি সংকটজনক অৱস্থাত মৃত্যুৰে যুঁজি চিকিৎসাধীন হৈ আছে শ্ৰমিকজন ৷

লগতে পঢ়ক: প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ, স্বস্তিৰ নিশ্বাস ৰাইজৰ - Leopard Scares

উল্লেখ্য যে, বাগিচাখনত কেইবাটাও নাহৰফুটুকীয়ে বিচৰণ কৰি থকা বুলি বাগিচাখনৰ শ্ৰমিকসকলে জানিবলৈ দিছে ৷ যাৰ বাবে এক ভয়াৰ্ত পৰিৱেশৰ মাজেৰে দিন কটাবলগীয়া হৈছে বাগিচাখনত কৰ্মৰত শ্ৰমিক তথা তেওঁলোকৰ পৰিয়ালসমূহে ৷

আন এক চিন্তনীয় বিষয় হৈ পৰিছে মুকলিত মলত্যাগৰ বিষয়টো ৷ ৰাজ্য চৰকাৰে বিভিন্ন সময়ত অনাময় আঁচনি গ্ৰহণ কৰাৰ লগতে ঘৰে ঘৰে সুলভ শৌচালয় নিৰ্মাণ কৰি দিছিল ৷ কিন্তু তাৰপিছতো এইসকল লোকে নিজ ঘৰত শৌচালয় নথকাত দীৰ্ঘদিনৰ পৰা বাহিৰতে মলত্যাগ কৰি আহিছে ৷ যাৰ বাবে কলেৰা, হাইজা আদি ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱাৰ আশংকা কৰা হৈছে ৷ যিয়ে অঞ্চলটোৰ বাবে হৈ পৰিছে চিন্তাৰ কাৰণ ৷

লগতে পঢ়ক: কলেৰা-ডায়েৰীয়াৰ প্ৰাদুৰ্ভাৱ : মন্ত্ৰী সঞ্জয় কিষাণৰ বিশেষ পৰ্যালোচনা সভা - Cholera Cases

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.