ETV Bharat / state

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ষষ্ঠ দীক্ষান্ত সমাৰোহ সম্পন্ন

author img

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 10:51 PM IST

KKHOU Convocation Programme : ডিগ্রী লাভ কৰা শিক্ষাৰ্থীসকলৰ ভিতৰত ৭৫ বছৰীয়া চন্দ্রপ্রভা মহন্তই স্নাতক আৰু ৭২ বছৰীয়া মহেন্দ্ৰ ভূঞাই স্নাতকোত্তৰ ডিগ্রী লাভ কৰে ।

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ষষ্ঠ দীক্ষান্ত সমাৰোহ
কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ষষ্ঠ দীক্ষান্ত সমাৰোহ

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ষষ্ঠ দীক্ষান্ত সমাৰোহ

গুৱাহাটী, ৫ মার্চ : কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত মঙলবাৰে অনুষ্ঠিত হয় ষষ্ঠ দীক্ষান্ত সমাৰোহ । বিশ্ববিদ্যালয়খনৰ খানাপাৰাস্থিত নৱনির্মিত প্রেক্ষাগৃহত অনুষ্ঠিত হয় কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ এই দীক্ষান্ত সমাৰোহ । এক গাম্ভীর্যপূর্ণ পৰিৱেশত অনুষ্ঠিত দীক্ষান্ত সমাৰোহত উপস্থিত থাকে বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া ।

  • " class="align-text-top noRightClick twitterSection" data="">

ৰাজ্যপাল তথা আচাৰ্যগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ পৰা বিভিন্ন পাঠ্যক্রমত উত্তীর্ণ শিক্ষার্থীসকলক ডিগ্রী প্রদান কৰে । আনহাতে, এই সমাৰোহত মুখ্য অতিথিৰূপে উপস্থিত থাকে হাৰিয়ানা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ 'প্রো-ভাইচ চেন্সেলৰ', অধ্যাপক সুষমা যাদৱ ।

উল্লেখ্য যে এই দীক্ষান্ত সমাৰোহত বিশ্ববিদ্যালয়খনৰ পৰা বিভিন্ন বিভাগত উত্তীৰ্ণ মুঠ ১০,৮৮০ গৰাকী শিক্ষার্থীক বিভিন্ন পাঠ্যক্ৰমৰ বাবে ডিগ্রী, ডিপ্লমা আৰু চার্টিফিকেট প্রদান কৰা হয় । ইয়াৰে ভিতৰত ১৩ গৰাকীয়ে পিএইচডি, ১৩ গৰাকীয়ে এমফিল, ৫,৪৬৪ গৰাকীয়ে স্নাতক, ৫,৩২২ গৰাকীয়ে স্নাতকোত্তৰ ডিগ্রী আৰু ৬৮ গৰাকীয়ে স্নাতকোত্তৰ ডিপ্লমা লাভ কৰে । এটা কথা উল্লেখনীয় যে মুঠ ডিগ্রীপ্রাপকসকলৰ ভিতৰত ৪৯ শতাংশই হৈছে মহিলা শিক্ষার্থী ।

এই দীক্ষান্ত সমাৰোহত বিভিন্ন পাঠ্যক্ৰমত শীর্ষস্থান লাভ কৰা মুঠ ২৮ গৰাকী শিক্ষার্থীক স্বর্ণপদক প্রদান কৰা হয় । উল্লেখ্য যে ডিগ্রী লাভ কৰা শিক্ষাৰ্থীসকলৰ মাজত কেইবাগৰাকী বয়োজ্যেষ্ঠ নাগৰিকো আছে । তেওঁলোকৰ মাজৰে ৭৫ বছৰীয়া চন্দ্রপ্রভা মহন্তই স্নাতক আৰু ৭২ বছৰীয়া মহেন্দ্ৰ ভূঞাই স্নাতকোত্তৰ ডিগ্রী লাভ কৰে । ইয়াৰ উপৰি এই দীক্ষান্ত সমাৰোহত অসমৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ থকা সাতগৰাকী কাৰাবন্দী শিক্ষার্থীকো ডিগ্রী প্রদান কৰা হয় ।

লগতে পঢ়ক :জল জীৱন মিছন আৰু উচ্চ শিক্ষা সঞ্চালকালয়ৰ মাজত বুজাবুজি চুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.