ETV Bharat / state

জল জীৱন মিছন আৰু উচ্চ শিক্ষা সঞ্চালকালয়ৰ মাজত বুজাবুজি চুক্তি

author img

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 8:06 PM IST

MoU between Jal Jeevan Mission and Directorate of Higher Education
বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠান

MoU between JJM DHE: জল জীৱন মিছন আৰু উচ্চ শিক্ষা সঞ্চালকালয়ৰ মাজত মঙলবাৰে সম্পন্ন হৈ যায় বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠান ৷

কৈলাশ কাৰ্তিকৰ ভাষ্য

গুৱাহাটী, ৫ মাৰ্চ : জল জীৱন মিছন আৰু উচ্চ শিক্ষা সঞ্চালকালয়ৰ মাজত সম্পন্ন হ’ল বুজাবুজিৰ চুক্তি । মহানগৰীৰ বশিষ্ঠস্থিত অসম জল কেন্দ্ৰত মঙলবাৰে অনুষ্ঠিত হৈ যায় এই চুক্তি স্বাক্ষৰ অনুষ্ঠান । বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত উপস্থিত থাকে জল জীৱন মিছনৰ পৰিচালন সঞ্চালক কৈলাশ কাৰ্তিকৰ উপৰিও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কেইবাগৰাকীও বিষয়া ।

  • " class="align-text-top noRightClick twitterSection" data="">

এই চুক্তিৰ জৰিয়তে উচ্চ শিক্ষা সঞ্চালকালয়ৰ অন্তৰ্গত মহাবিদ্যালয়সমূহৰ বিজ্ঞান শাখাৰ কেমেষ্ট্ৰী, বায়’কেমেষ্ট্ৰী, মাইক্ৰ’বায়’লজী পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলে ব্যৱহাৰ কৰিব পাৰিব জল জীৱন মিছনৰ পৰীক্ষাগাৰসমূহ । লগতে এই শিক্ষাৰ্থীসকলে পানীৰ বিশুদ্ধতাৰ লগতে আন আন দিশ সামৰি কৰিব পাৰিব গৱেষণা । বিশুদ্ধ খোৱাপানী সন্দৰ্ভত দুয়োটা বিভাগেই ৰাইজৰ মাজত সৃষ্টি কৰিব সজাগতাৰ । যিকোনো ধৰণৰ পানীৰ পৰীক্ষাৰ কাৰণে তেওঁলোকে লেবৰেটৰী ব্যৱহাৰ কৰিব পাৰিব ৷ পৰীক্ষা-নিৰীক্ষাৰ লগতে ইনটাৰ্ণশ্বীপ কৰিব পৰাৰ কথাও ঘোষণা কৰে জল জীৱন মিছনৰ পৰিচালন সঞ্চালক কৈলাশ কাৰ্তিকে ৷

উল্লেখ্য যে, ৰাজ্যৰ ২৪ হাজাৰ গাঁৱত ইতিমধ্যেই জল জীৱন মিছনৰ উদ্যোগত ৫ জনীয়া মহিলা গোট সৃষ্টি কৰা হৈছে ৷ এই গোটসমূহে মাহে মাহে পানীৰ পৰীক্ষা নিৰীক্ষাৰ কাম কৰি আছে । আনহাতে জল জীৱন মিছনৰ অধীনত গাঁও অঞ্চলৰ পানী যোগান আঁচনিসমূহত কৰ্মৰত কৰ্মচাৰীসকলক জলমিত্ৰ হিচাপে নিযুক্তি দিয়া হৈছে । কিন্তু মহানগৰীত থকা পানী যোগান আঁচনিসমূহৰ কৰ্মচাৰীসকলক কি ব্যৱস্থা কৰা হ’ব বুলি উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত মিছনৰ পৰিচালন সঞ্চালক কৈলাশ কাৰ্তিকে কয় যে যদি বয়স উকলি যোৱা নাই মহানগৰীত থকা কৰ্মচাৰী সকলকো তেওঁলোকৰ কৰ্মযোগ্যতাৰ ভিত্তিত জলমিত্ৰ হিচাপে নিযুক্তি দিয়া হ’ব ।

লগতে পঢ়ক : কলিয়াবৰত জল জীৱনৰ টেপৰ পৰা নোলায় পানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.