ETV Bharat / state

কলগাছিয়াত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাত ব্যাপক দুৰ্নীতি

author img

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 10:29 PM IST

Road construction scam: বৰপেটা জিলাৰ মইনবড়ীত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আঁচনিৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে । পথ মেৰামতিৰ নামত সম্পূৰ্ণ ধন আত্মসাৎ কৰাৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে । বিভাগীয় তদন্তৰ দাবী ৰাইজৰ ।

Road construction scam
কলগাছিয়াত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাত ব্যাপক দুৰ্নীতি

কলগাছিয়াত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাত ব্যাপক দুৰ্নীতি

বৰপেটা,২ মাৰ্চ : প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে গ্ৰামাঞ্চলৰ বাটপথ উন্নীতকৰণৰ কাম হাতত লৈ আহিছে ৷ কিন্তু এই আঁচনিৰ অধীনত বিভিন্ন জিলাত দুৰ্নীতি সংঘটিত হোৱাৰ খবৰ পোৱা যায় । এইবাৰ বৰপেটা জিলাত এই আঁচনিৰ অধীনত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

অভিযোগ অনুসৰি জিলাখনৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত হাতছাৰাৰ পৰা সত্ৰ মইনবড়ী হৈ পশ্চিম মইনবড়ী লৈ যোৱা প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ মেৰামতিৰ কামত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে । পথ মেৰামতিৰ কাম নকৰাকৈয়ে ঠিকাদাৰে ধন আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে । ফলত বিভাগীয় নিবিদা লাভ কৰা ঠিকাদাৰৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ।

উল্লেখ্য যে ১১.৩৫ লাখ টকা ব্যয় সাপেক্ষে ১.৯৫ কি:মি: পথৰ মেৰামতিৰ কাম বিভাগীয়ভাৱে ৫ বছৰৰ বাবে আৱণ্টন দিয়া হৈছিল যদিও কোনো কাম নকৰাকৈয়ে ঠিকাদাৰজনে ধন আত্মসাৎ কৰি আহিছে বুলি ৰাইজে অভিযোগ কৰিছে । লক্ষণীয়ভাৱে আঁচনি নং-এএছ-০১-৩৪৩ যোগে আৱণ্টন দিয়া কামৰ ৫ বছৰ মেৰামতিৰ বাবে চৰকাৰে আৱণ্টন দিছে মুঠ ১১.৩৫ লাখ টকাৰ ।

ইয়াৰে ২০২০-২১ বৰ্ষত ০.৫৪৮ লাখ, ২০২১-২২ বৰ্ষত ০.৬২৮ লাখ, ২০২২-২৩ বৰ্ষত ২.৫১৮ লাখ, ২০২৩-২৪ বৰ্ষত ৩.১৫২ লাখ আৰু ২০২৪-২৫ বৰ্ষত ৪.৫০৩ লাখ টকা । এই ১.৯৫ কি:মি: পথত তিনিখনকৈ পুল থকা বুলি উল্লেখ আছে যদিও পুল নিৰ্মাণ নকৰা বুলিও অভিযোগ কৰিছে স্থানীয় একাংশ ৰাইজে । আনহাতে লোকসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে যোৱা এসপ্তাহ ধৰি পথটোৰ কাষে কাষে নাম মাত্ৰ মাটি পেলাই দায়িত্ব সামৰিছে ঠিকাদাৰে । ফলত ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে । সেয়েহে ৰাইজে বিভাগীয় তদন্তৰ দাবী তুলিছে ।

লগতে পঢ়ক :মাজুলীৰ অফলামুখ পাৰঘাটত হ’ব টাৰ্মিনেল আৰু নদীৰ আন্তঃগাঁথনি বাবে বন্দৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.