ETV Bharat / state

মাজুলীৰ অফলামুখ পাৰঘাটত হ’ব টাৰ্মিনেল আৰু নদীৰ আন্তঃগাঁথনি বাবে বন্দৰ

author img

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 1:08 PM IST

Construct river terminal in Aphalamukh
মাজুলীটো নিৰ্মাণ হ’ব টাৰ্মিনেল আৰু নদীৰ আন্তঃগাঁথনি বাবে বন্দৰ

Construct river terminal in Aphalamukh : মাজুলীৰ বাবে এটা ভাল খবৰ ৷ কিয়নো অসমৰ চাৰিটা স্থানৰ লগতে মাজুলীটো নিৰ্মাণ হ’ব টাৰ্মিনেল আৰু নদীৰ আন্তঃগাঁথনি বাবে বন্দৰ ৷ এই চাৰিটা স্থানৰ ভিতৰত নাম আছে মাজুলীৰো ৷

মাজুলীৰ বাবে এটা ভাল খবৰ

মাজুলী, 2 মাৰ্চ : যোৰহাট মাজুলী দলং নিৰ্মাণৰ লগতে মাজুলীবাসীৰ বাবে আন এটা অত্যন্ত ভাল খবৰ ৷ কিয়নো অসমৰ চাৰিটা স্থানত নিৰ্মাণ হ’ব চাৰিটাকৈ টাৰ্মিনেল আৰু নদীৰ আন্তঃগাঁথনি বাবে বন্দৰ ৷ নদীৰ আন্তঃগাঁথনিৰ বাবে নিৰ্মাণ হ’বলগীয়া এই বন্দৰ মাজুলীৰ অফলামুখ পাৰঘাটত হ’ব বুলি থিৰাং কৰা হৈছে ।

তথ্য অনুসৰি, 1,70,49,52,125.77 কোটি টকা টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব এই প্ৰকল্পটো । উল্লেখ্য যে, মাজুলী-যোৰহাট সংযোগী ফেৰীঘাটৰ পাৰত হ’ব অত্যাধুনিক ব্যৱস্থা । বিশ্ব বেংক আৰু অসম চৰকাৰ পুঁজিৰে নিৰ্মাণ হ’ব এই বন্দৰকেইটা ।

জানিব পৰা মতে, 12 মাহৰ ভিতৰতে সম্পূৰ্ণ হ’ব এই বন্দৰ নিৰ্মাণৰ কাম । ডিভিপি পিআৰআইএল জেভি (DVP PRIL JV) নামৰ ঠিকাদাৰী সংস্থাই লাভ কৰিছে এই ঠিকাৰ কাম । এই কাম সম্পূৰ্ণ হ’লে নিমাতী ঘাটত দুখন জাহাজ আৰু মাজুলীৰ অফলামুখ ঘাটত এখন জাহাজ ৰাখিব পৰা ব্যৱস্থা উপলব্ধ হ'ব ।

লগতে যাত্ৰীৰ বাবে জিৰণি ঘৰ, বাৰিষা জাহাজ চলাচল কৰিব পৰাকৈ সুবিধা এই অত্যাধুনিক বন্দৰ থাকিব ৷ ইয়াৰ যোগেদি জনসাধাৰণে বুলি সেৱা লাভ কৰি পাৰিব । বন্দৰকেইটাৰ নিৰ্মাণ সম্পূৰ্ণ হ’লে বিদেশী পৰ্যটকসকল মাজুলীলৈ অহা যোৱাত সুবিধা হ’ব ৷ যাৰ জৰিয়তে পৰ্যটন খণ্ডৰ উন্নয়ন হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে ।

যাত্ৰীৰ বাবে সকলো উন্নতমানৰ সা-সুবিধা উপলব্ধ থাকিব প্ৰকল্প দুটাত । ইতিমধ্যে মাজুলীৰ অফলামুখ ঘাটত সা-সঁজুলি পেলাই আৰম্ভ কৰা হৈছে নিৰ্মাণৰ কাম । ইতিমধ্যে 20 বিঘা মাটি এই কামৰ বাবে আবন্টন দিয়া হৈছে । এই বন্দৰ নিৰ্মাণৰ বাবে ইতিমধ্যে আফলামুখ পাৰঘটৰ ফেৰী ৰাখোৱা স্থানৰ সলনিও কৰা হৈছে ।

ফেৰীঘাটৰ পৰা স্থানান্তৰিত কৰা হৈছে দোকান বজাৰসমূহো । সংবাদ মাধ্যমৰ আগত এই কথা উল্লেখ কৰে মাজুলী আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ লোক ৷

লগতে পঢ়ক : পদ্মশ্ৰী সন্মান লাভ কৰা পাৰ্বতী বৰুৱা-সৰ্বেশ্বৰ বসুমতাৰী-দ্ৰোণ ভূঞালৈ বিমল বড়াৰ শুভেচ্ছা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.