ETV Bharat / state

চোৰক গুলীওৱা জোৱানক ঘূৰাই পঠিয়ালে যোৰহাট আৰক্ষীয়ে - Jorhat Police Firing

author img

By ETV Bharat Assamese Team

Published : May 10, 2024, 9:09 PM IST

Firing on thief in Jorhat: চোৰক গুলীবিদ্ধ কৰা দুই জোৱানক বেটালিয়নলৈ ঘূৰাই পঠিয়ালে যোৰহাট আৰক্ষীয়ে ৷ তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ ৷

Firing on thief in Jorhat
আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰৰ সংবাদমেল (ETV Bharat Assam)

আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰৰ সংবাদমেল (ETV Bharat Assam)

যোৰহাট, ১০ মে’: ৫ মে’ত যোৰহাটৰ ৰান্ধনীজানৰ কুশ কুটুম নামৰ এজন যুৱকক আৰক্ষীয়ে গুলীবিদ্ধ কৰা ঘটনাৰ সন্দৰ্ভত ১১ নং এপিবিএনৰ জোৱান অনুজ খনিকৰ আৰু লেন্সনায়ক ত্ৰিদীপ দাসক বেটালিয়ানটোলৈ ঘূৰাই পঠিওৱা হৈছে । চুৰিৰ ঘটনাত অভিযুক্ত কুশ কুটুম নামৰ এজন যুৱক হেণ্ডকাফসহ অনুজৰ জিম্মাৰ পৰা পলায়ন কৰিছিল আৰু পৰৱৰ্তী সময়ত ত্ৰিদীপ দাসে গুলীচালনা কৰিছিল ।

যোৰহাটৰ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰই শুকুৰবাৰে এক সংবাদমেলযোগে জানিবলৈ দিয়ে যে, সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তিনিটাকৈ গোচৰ পঞ্জীয়ন কৰা হৈছে । পানীৰ মটৰ চুৰি ঘটনাৰ সন্দৰ্ভত পুলিবৰ আৰক্ষী থানাত ৩৮০ ধাৰাৰ অধীনত ৬০/২০২৪ নম্বৰত এটা গোচৰ পঞ্জীয়ন হৈছে ।

ইয়াৰ বিপৰীতে গুলীচালনাৰ বিষয়টোৰ সন্দৰ্ভত কুশ কুটুমৰ পৰিয়ালে দিয়া এজাহাৰৰ ভিত্তিত ৬৩/২০২৪ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩২৫/৩২৬/৩০৮/৩৪ ধাৰাত আন এক গোচৰ পঞ্জীয়ন কৰা হৈছে ।

ইফালে হেণ্ডকাফসহ পলায়ন কৰা ঘটনাৰ সন্দৰ্ভত অনুজ খনিকৰে দাখিল কৰা এজাহাৰৰ ভিত্তিত যোৰহাট সদৰ থানত ১৫৩/২০২৪ নম্বৰত ২২৪ ধাৰাত এটা গোচৰ পঞ্জীয়ন হোৱা বুলি সাংবাদমেলত আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে ।

সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে, যোৱা ৫ মে’ত এটা পানীৰ মটৰ চুৰি ঘটনা সংঘটিত হৈছিল । উক্ত ঘটনাত কুশ কুটুম, গোপাল দাস, বুবু দাস আৰু এগৰাকী নাবালকক আটক কৰা হৈছিল আৰু পিচদিনা আদালতৰ হাজিৰ কৰোৱা হৈছিল । আদালতে কিশোৰগৰাকীক শিশু কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ লগতে গোপাল আৰু বুবুক ন্যায়িক জিন্মাত দিয়াৰ উপৰিও অভিযুক্ত কুশ কুটুমক এদিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়ে ।

তিনিওকে এখন গাড়ীত যোৰহাটৰ কেন্দ্ৰীয় কাৰাগাৰৰ চৌহদলৈ নিয়া হৈছিল আৰু কাৰাগাৰৰ চৌহদৰ পৰাই কুশ কুটুমে হেণ্ডকাফসহ পলায়ন কৰে । ইয়াৰ পিচত যোৱা ৬ মে’ত ঘৰত আশ্ৰয় লৈ থকা অৱস্থাত আৰক্ষীৰ দলটো কুশৰ ৰান্ধনীজানৰ ঘৰত উপস্থিত হোৱাৰ উমান পাই তেওঁ পিচফালে পলায়ন কৰাৰ সময়তে ত্ৰিদীপ দাসে গুলীচালনা কৰে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদমেলত উল্লেখ কৰে ৷

যোৰহাটৰ আৰক্ষী অধীক্ষক গৰাকীয়ে লগতে কয় যে, কুশ কুটমৰ গাত দুটা নহয়, এটা গুলীহে লাগিছিল । উক্ত চুৰি ঘটনাৰ লগত কুশ কুটুমৰ ভাতৃ লব কুটুমো জড়িত থকা বুলি কৈ ঘটনাৰ সন্দৰ্ভত এতিয়াও তদন্ত অব্যাহত থকা বুলি মন্তব্য কৰে আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰই ।

এই ঘটনাৰ বিতং তথ্য বিচাৰি আদালতে আৰক্ষীক নিৰ্দেশ দিয়াৰ পিচত ইতিমধ্যে সবিশেষ তথ্য আদালতত জমা দিয়া বুলি কয় আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

লগতে পঢ়ক: আৰক্ষীৰ এনকাউন্টাৰৰ বলি কুশ কুটুমক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ; পৰিয়ালে বিচাৰিছে ন্যায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.