ETV Bharat / state

আন্তৰ্জাতিক নাৰী দিৱস: স্ব-মহিমাৰে উদ্ভাসিত অসমৰ ৫ গৰাকী মহিলা

author img

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 6:54 PM IST

International Womens Day 2024
স্বমহিমাৰে উদ্ভাসিত অসমৰ ৫ গৰাকী মহিলা

International Womens Day 2024: আন্তৰ্জাতিক নাৰী দিৱসৰ দিনটোত বেছিকৈ চৰ্চিত হৈছে কেইগৰাকীমান মহিলা । যাৰ কৰ্ম, সাহস আৰু সফলতাই সকলোকে আনন্দিত কৰি আহিছে । আজি অসমৰ তেনে ৫ গৰাকী নাৰীৰ বিষয়ে এই বিশেষ প্ৰতিবেদন ।

গুৱাহাটী,৮ মাৰ্চ : আজি আন্তৰ্জাতিক নাৰী দিৱস । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীতো নাৰী দিৱস উদযাপন কৰা হৈছে । এই নাৰী দিৱসৰ দিনটোতে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সমাদৰ লাভ কৰা কেইগৰাকীমান মহিলাক আজি ৰাজ্যবাসীয়ে স্মৰণ কৰিছে ।

১. বীৰুবালা ৰাভা : বিগত দুটা দশক ধৰি ডাইনী হত্যাৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সজাগতা অনাৰ লগতে অসমত ডাইনী সন্দেহত আতিশয্যৰ মুখামুখি হোৱা বহুলোকক সহায় কৰি আহিছে পদ্মশ্ৰী বীৰুবালা ৰাভাই । ১৯৫৪ চনত গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তৰ ভিতৰুৱা গাঁও ঠাকুৰভিলাত এটি সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰা বীৰুবালা ৰাভাই সৰুৰে পৰা বিভিন্ন সামাজিক কামত জড়িত থাকি ভাল পাইছিল ।

২০০০ চনৰ পৰাই তেওঁ সমাজত প্ৰচলিত ডাইনী প্ৰথাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছিল । প্ৰথমতে গোৱালপাৰা জিলাত আৰু পিচত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ডাইনী হত্যাৰ বিৰুদ্ধে জনসচেতনতা আনিবলৈ যোৱা দুটা দশক ধৰি তেওঁ সংগ্ৰাম কৰি আহিছে । বৰ্তমানলৈ বীৰুবালা ৰাভাই প্ৰায় ৩৪ গৰাকী লোকৰ প্ৰাণৰক্ষা কৰিছে । ২০১১ চনত ডাইনী হত্যাৰ বিৰুদ্ধে তেওঁ গোৱালপাৰা জিলাত মিছন বীৰুবালা আৰম্ভ কৰিছিল । ২০১২ চনৰ ৩০ অক্টোবৰত এই মিছনক ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিয়া হয় । তেওঁক ভাৰত চৰকাৰে ২০২১ চনত চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে ।

২. পার্বতী বৰুৱা : এইবছৰ অসমৰ পৰা পদ্মশ্রী বঁটা লাভ কৰিছে এগৰাকী সফল মহিলাই । এই মহিলাগৰাকী হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা মাউত পার্বতী বৰুৱা । বৰুৱাৰ বন্যপ্ৰাণী সংৰক্ষণত ভূমিকা অনবদ্য । হস্তী-মানৱৰ সংঘাত নিৰাময়ৰ ক্ষেত্ৰত ৩ খন ৰাজ্যৰ চৰকাৰক পার্বতী বৰুৱাই আগবঢ়াই আহিছে সমিধান । হাতী চিকাৰ বা হাতী ধৰি প্ৰশিক্ষণ দিয়াৰ কামৰ সৈতে জড়িত থকা পার্বতী বৰুৱা সমগ্ৰ বিশ্বত 'কুইন অৱ দ্য এলিফেণ্টছ' ৰূপে পৰিচিত । ১৯৬৭ চনত জন্মগ্ৰহণ কৰা বৰুৱাই ১৪ বছৰ বয়সতে প্ৰথমবাৰৰ বাবে হাতী ধৰিছিল । পাৰ্বতী বৰুৱাৰ তত্বাৱধান তথা নিৰ্দেশনাত বৰ্তমানলৈকে ৪০০তকৈও অধিক সংখ্যক হাতীক প্ৰশিক্ষণ দিয়া হৈছে ।

৩. লাভলীনা বৰগোঁহাই : গোলাঘাট জিলাৰ বাৰমুখীয়া গাঁৱত জন্মগ্ৰহণ কৰা লাভলীনা বৰগোঁহাই আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্সাৰ । ২০১৬ চনৰ পৰাই আন্তৰ্জাতিক পৰ্যায়ত বক্সিঙত ভাৰতক প্ৰতিনিধিত্ব কৰি অহা লাভলীনাই ২০১৭ত মহিলাৰ এছিয়ান চেম্পিয়নশ্বিপ বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক আৰু ২০১৮ চনৰ নতুন দিল্লীত অনুষ্ঠিত হোৱা বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল ।

অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথমগৰাকী মহিলা লাভলীনাই ২০২১ চনত অনুষ্ঠিত টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰে । ২০২০ চনত তেওঁক ভাৰত চৰকাৰে অৰ্জুন বঁটা প্ৰদান কৰে । ২০২১ বৰ্ষত লাভলীনাক ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান 'মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা'ৰে সন্মানিত কৰা হয় ।

৪. হিমা দাস : আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসমৰ আন এগৰাকী খেলুৱৈ হৈছে ধিং এক্সপ্ৰেছখ্যাত হিমা দাস । ২০১৮ চনত হিমা দাসে আন্তঃৰাষ্ট্ৰীয় এথলেটিকছ সন্থাৰ বিশ্ব চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰে । ২০১৮ চনত আন্তঃৰাষ্ট্ৰীয় এথলেটিকছ সন্থাৰ বিশ্ব চেম্পিয়নশ্বিপ প্ৰতিযোগিতাৰ ৪০০ মিটাৰ দৌৰত সোণৰ পদক লাভ কৰি ট্ৰেক আৰু ফিল্ড ইভেণ্টত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে কৃতিত্ব অৰ্জন কৰে । ২০১৮ চনত এছিয়ান গেমছ ২০১৮ত মহিলাৰ ৪০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় ।

৫. নয়নমণি শইকীয়া : কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া ক্ৰীড়াবিদ হৈছে নয়নমণি শইকীয়া । অসম কন্যা নয়নমণি শইকীয়া আন্তঃৰাষ্ট্ৰীয় লন বল খেলুৱৈ । যিয়ে কমনৱেলথ গেমছৰ তিনিটা সংস্কৰণতে ভাৰতক প্ৰতিনিধিত্ব কৰিছে । ২০১৪, ২০১৮ আৰু ২০২২ চনৰ কমনৱেলথ গেমছত তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰিছে । ২০২২ চনত বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত নয়নমণি শইকীয়াই দলীয় শাখাত সোণৰ পদক লাভ কৰে ।

নাৰী দিৱসৰ দিনটোত এইসকল নাৰীৰ সাহসী পদক্ষেপ আৰু সফলতাক লৈ আজি অসমবাসী গৌৰৱান্বিত । এয়া মাত্ৰ কেইটামান উদাহৰণ । অসমৰ প্ৰতিটো কোণতে এনে একাংশ নাৰী আছে যিয়ে প্ৰতিটো সময়তে দেশৰ বাবে সমাজৰ বাবে কাম কৰি আছে ।

লগতে পঢ়ক :সোঁতৰ বিপৰীতে খোজ পেলাই স্বাৱলম্বী হোৱা দুগৰাকী মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.