ETV Bharat / state

আছুৰ সম্বৰ্ধনা পত্ৰত বিশিষ্ট সাহিত্যিকৰ পৰিচয়ৰ বিভ্ৰান্তি, নেটিজেনৰ চৰ্চা - AASU BIHU IN Latasil

author img

By ETV Bharat Assamese Team

Published : Apr 14, 2024, 12:49 PM IST

identity of Dr Pranabjyoti Deka wrongly mentioned in AASU felicitation
আছুৰ সম্বৰ্ধনা পত্ৰত বিশিষ্ট সাহিত্যিকৰ পৰিচয়ৰ বিভ্ৰান্তি, নেটিজেনৰ চৰ্চা

AASU bihu in Latasil: পুনৰ বিতৰ্কৰ আৱৰ্তত জাতীয় সংগঠন আছু । আছুৰ সম্বৰ্ধনা পত্ৰত বিশিষ্ট সাহিত্যিক ড৹ প্ৰণৱজ্যোতি ডেকাৰ পৰিচয়ৰ বিভ্ৰান্তি ৷ অসমীয়াৰ পৰিৱৰ্তে নেপালী ভাষাৰ লেখিকা বুলি উল্লেখ আছুৰ ৷ ক্ষোভিত সচেতন মহল ৷

গুৱাহাটী, 14 এপ্ৰিল: আছুৱে ভুলকৈ উল্লেখ কৰিলে বিশিষ্ট সাহিত্যিক তথা 2023 বৰ্ষত সাহিত্য অকাডেমী বঁটা প্ৰাপক সাহিত্যিক ড৹ প্ৰণৱজ্যোতি ডেকাৰ পৰিচয় ৷ মানপত্ৰখনত সাহিত্য অকাডেমী বঁটা প্ৰাপকৰ সলনি সাহিত্য অকাডেমী যুৱ বঁটা প্ৰাপক বুলি উল্লেখ কৰিলে আছুৱে । আশ্চৰ্যজনকভাৱে আছুৰ সম্বৰ্ধনা মানপত্ৰখনত সাহিত্যিকগৰাকীক অসমীয়াৰ পৰিৱৰ্তে নেপালী ভাষাৰ লেখিকা, কবিয়িত্ৰী বুলি উল্লেখ কৰিলে আছুৱে ।

উল্লেখ কৰা প্ৰয়োজন যে, প্ৰতিবর্ষৰ দৰে এই বর্ষটো গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত মহানগৰীৰ ঐতিহ্যমণ্ডিত জৰ্জ খেলপথাৰত অনুষ্ঠিত কৰা হৈছিল মুকলি বিহুৰ কাৰ্যসূচী । উক্ত কাৰ্যসূচীত সম্বৰ্ধনা জনোৱা হৈছিল এই বর্ষত ৰাজ্যলৈ সন্মান কঢ়িয়াই অনা বহু কেইগৰাকী বিশিষ্ট ব্যক্তিক । এই তালিকাত নাম অন্তৰ্ভক্ত আছিল শেহতীয়াকৈ সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰয়াত ড৹ প্ৰণৱজ্যোতি ডেকাৰ নাম । মৰণোত্তৰভাৱে ডেকাক জনোৱা হয় এই সম্বৰ্ধনা ।

আছুৰ সম্বৰ্ধনা পত্ৰত বিশিষ্ট সাহিত্যিকৰ পৰিচয়ৰ বিভ্ৰান্তি, নেটিজেনৰ চৰ্চা
আছুৰ সম্বৰ্ধনা পত্ৰত বিশিষ্ট সাহিত্যিকৰ পৰিচয়ৰ বিভ্ৰান্তি, নেটিজেনৰ চৰ্চা

চলিত বৰ্ষৰ 6 এপ্ৰিলৰ দিনা শেষ নিশ্বাস ত্যাগ কৰিছিল বিশিষ্ট সাহিত্যিকগৰাকীয়ে । প্ৰয়াত ড° প্ৰণৱজ্যোতি ডেকাৰ জন্ম হৈছিল 1939 চনৰ 21 জুলাইত কলিকতাত । স্কুলীয়া আৰু কলেজীয়া শিক্ষা গ্ৰহণ কৰিছিল কলিকতা, শ্বিলং আৰু গুৱাহাটীত । বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ভূ-তত্ব বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা বিশিষ্ট সাহিত্যিকগৰাকীয়ে পৰৱৰ্তী সময়ত পূৰ্বৰ অবিভক্ত ছোভিয়েট ৰাছিয়াৰ লেনীনগ্রাড খনি বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনৈতিক ভূ-তত্ব বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূ-তত্ব বিভাগৰ অধ্যাপক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ডেকাই ।‌ অসমীয়া সাহিত্যৰ অন্যতম শক্তিশালী গল্পকাৰ ডেকাৰ গল্প ইংৰাজী আৰু বাংলা ভাষালৈও অনুবাদ কৰা হৈছে । ‘প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প’ শীৰ্ষক গ্ৰন্থৰ বাবে ডেকালৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমী বঁটা । আছুৰ দৰে জাতীয় সংগঠন এটিৰ এনে দায়িত্বহীন কৰ্ম-কাণ্ডত ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ৰাজ্যৰ সচেতন মহলে ৷

লগতে পঢ়ক: বিশিষ্ট সাহিত্যিক ড° প্ৰণৱজ্যোতি ডেকাৰ দেহাৱসান, বৌদ্ধিক জগতত শোকৰ ছাঁ - Dr Pranabjyoti Deka passes away

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.