ETV Bharat / state

শোৱাপাটীতে পত্নীক চুৰিকাঘাত কৰি হত্য়াৰ চেষ্টা

author img

By ETV Bharat Assamese Team

Published : Mar 20, 2024, 8:38 PM IST

Incident at Salkatki in Nagaon
নগাঁৱৰ শালকাটিত অঘটন

Crime in Nagaon: পৱিত্ৰ ৰমজান মাহতে নগাঁৱৰ শালকাটিত ভয়ংকৰ ঘটনা । পত্নীক হত্যাৰ চেষ্টাৰে চুৰিকাঘাত স্বামীৰ । সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ আহত পত্নীক । আক্ৰমণ কৰিয়েই স্বামীৰ পলায়ন ।

নগাঁৱৰ শালকাটিত অঘটন

নগাঁও, ২০ মাৰ্চ: পৱিত্ৰ ৰমজানৰ ৰোজাৰ মাজতে ধিঙৰ শালকাটিত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । পত্নীক হত্যাৰ চেষ্টাৰে চুৰিকাঘাত কৰাৰ অভিযোগ উত্থাপিত হৈছে স্বামীৰ বিৰুদ্ধে । অভিযোগ অনুসৰি দুই সন্তানৰ মাতৃগৰাকীক দীর্ঘদিনৰ পৰাই স্বামীয়ে নিৰ্যাতন চলাই অহাৰ উপৰি ভৰণ-পোষণৰ কোনো দায়িত্ব লোৱা নাছিল । অভিযুক্ত স্বামীৰ নাম আব্দুল জলিল । কেৱল নিৰ্যাতন চলোৱাই নহয় দ্বিতীয় বিবাহো সম্পন্ন কৰে আব্দুল জলিলে ।

  • " class="align-text-top noRightClick twitterSection" data="">

উপায়ন্তৰ হৈ প্ৰথমা পত্নীয়ে স্বামীৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দিয়াত স্বামী জলিল ক্ষুণ্ণ হৈ পৰে প্ৰথমা পত্নীৰ ওপৰত । পাৰিবাৰিক কন্দল চলি থকাৰ মাজতে মঙলবাৰে নিশা হঠাৎ পত্নীয়ে আশ্ৰয় লৈ থকা এটা গৃহত উপস্থিত হৈ স্বামী আব্দুল জলিলে সংঘটিত কৰিলে ভয়ংকৰ ঘটনা । পত্নীক চোকা অস্ত্ৰৰে আক্ৰমণ আৰম্ভ কৰে স্বামী আব্দুল জলিলে । স্বামীৰ বিৰুদ্ধে এজাহাৰ দিয়াৰ বাবেই প্ৰথমা পত্নীক হত্যাৰ চেষ্টাৰে চুৰিকাঘাত কৰাৰ সময়তে পৰিয়ালৰ লোকে জানিব পাৰি প্ৰাণ ৰক্ষা কৰে মহিলাগৰাকীৰ । নিশাই মহিলাগৰাকীক ধিং চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ।

বহিঃৰাজ্যৰ পৰা আহি মঙলবাৰে ৰমজানৰ তাৰাবী নামাজৰ পিচতেই নিশা শোৱাপাটীতে পত্নীক চুৰিৰে পেটত আঘাত কৰে স্বামী আব্দুল জলিলে । উল্লেখ্য যে অভিযুক্ত স্বামী আব্দুল জলিলৰ প্ৰথমা পত্নী থকাৰ পিচতো পুনৰ এগৰাকী মহিলাৰ সৈতে দ্বিতীয় বিবাহপাশত আবদ্ধ হোৱাৰ পিচৰ পৰাই প্ৰথমা পত্নীয়ে দুই সন্তানসহ ধিঙৰ শালকাটিত বাস কৰি আছিল । মঙলবাৰে নিশা বহিঃৰাজ্য কেৰালাৰ পৰা আহি দৰ্জা ভাঙি পত্নীক চুৰিকাঘাত কৰে আব্দুল জলিলে । প্ৰথমা পত্নীক চুৰিকাঘাত কৰি নিশাই পলায়ন কৰে আব্দুল জলিল আৰু দ্বিতীয় পত্নীয়ে । ঘটনা সন্দৰ্ভত ধিং থানাৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । কিন্তু এই পৰ্য্যন্ত অভিযুক্ত স্বামী আব্দুল জলিলক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ।

লগতে পঢ়ক:চাঞ্চল্যকৰ : জ্যেষ্ঠ ভাতৃৰ দাৰ ঘাপত আহত কনিষ্ঠ ভাতৃ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.