ETV Bharat / state

নক্ষত্ৰ অনুসৰি কেনে যাব আপোনাৰ বছৰটো ? - year predictions

author img

By ETV Bharat Assamese Team

Published : Apr 14, 2024, 3:21 PM IST

Assamese new year : আজিৰ পৰা আৰম্ভ হ'ল অসমীয়া নৱবৰ্ষ । অসমীয়া নৱবৰ্ষত আপুনি আপোনাৰ নক্ষত্ৰ অনুসৰি বর্ষচক্ৰৰ দান কি কৰিব এই সন্দৰ্ভত জনালে জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱাই।

Assamese new year
নক্ষত্ৰ অনুসৰি কেনে যাব আপোনাৰ বছৰটো ?

নক্ষত্ৰ অনুসৰি কেনে যাব আপোনাৰ বছৰটো ?

আজি পহিলা ব’হাগ। অসমীয়া নৱবৰ্ষ আৰম্ভ হোৱাৰ লগে লগে বহুতে বর্ষচক্ৰৰ দান কৰা পৰিলক্ষিত হয় । আপোনাৰ নক্ষত্ৰ অনুসৰি এই বৰ্ষৰ বর্ষচক্ৰৰ দান কি হ'ব এই সন্দৰ্ভত জানো আহক ৷ এই সন্দৰ্ভত জনালে জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱাই ।

১) ৩, ৪ আৰু ৫ নম্বৰ নক্ষত্ৰ অৰ্থাৎ কৃতিকা, ৰোহিনী আৰু মৃগশিৰাৰ এই তিনি নক্ষত্ৰৰ দান উঠিছে মানৱ ভঞ্জনম । ইয়াৰ ফলত অপমানৰ যোগ থাকে, অতিপাত খৰচ হ'ব পাৰে । যাৰবাবে এই তিনিটা নক্ষত্ৰৰ অধিকাৰীসকলে দান কৰিব লাগিব ভোজনী, বগা বস্ত্ৰ, সোণৰ মূল্য, ৰূপৰ মূল্য, তামৰ মূল্য আৰু কিঞ্চিত মান দক্ষিণা ।

২) ১৫, ১৬ আৰু ১৭ নম্বৰ নক্ষত্ৰ অৰ্থাৎ স্বাতী, বিশাখা আৰু অনুৰাধা এই তিনি নক্ষত্ৰৰ ক্ষেত্ৰত চক্ৰে বুলি কোৱা হয়, যাৰ ধল হয় দৰিদ্ৰতা তেওঁলোকৰ টকা-পইচাৰ অকণমান অভাৱ হ'ব পাৰে । হঠাৎ পইচা অতিপাত খৰচ হ'ব পাৰে । এই নক্ষত্ৰৰ অধিকাৰীসকলৰ বৰ্ষচক্ৰ দান হ'ব ক’লা ছাতি এটা আৰু দক্ষিণা ।

৩) ১৮, ১৯ আৰু ২০ নম্বৰ নক্ষত্ৰ অৰ্থাৎ জ্যেষ্ঠা, মূলা আৰু পূৰ্বাষাঢ়া এই তিনি নক্ষত্ৰৰ অধিকাৰীসকলৰ দান পৰিছে চাউল অৰ্থাৎ শস্যদান আৰু দক্ষিণা । শস্যৰ ক্ষেত্ৰত সুবিধা অনুসৰি চাউল বা আটা দান দিব পাৰে ।

৪) ২৪, ২৫ আৰু ২৬ নম্বৰ নক্ষত্ৰ অৰ্থাৎ শতভিষা, পূৰ্বঃ ভাদ্ৰপদ আৰু উঃ ভদ্ৰপদ এই তিনি নক্ষত্ৰৰ ক্ষেত্ৰত মৰণঃ অৰ্থাৎ তেওঁলোকৰ বেমাৰ-আজাৰ হ'ব পাৰে বা অন্যান্য দিশত কষ্ট হ'ব পাৰে । যাৰবাবে এই তিনিটা নক্ষত্ৰৰ অধিকাৰীসকলৰ বাবে দান হ'ব চাউল, সোণৰ মূল্য, ঘী আৰু দক্ষিণা । এই দানখিনি শনিবাৰে সন্ধিয়া শনি মন্দিৰত অৰ্পণ কৰিব ।

লগতে পঢ়ক: জানি লওক আপোনাৰ সপ্তাহটোৰ ৰাশিফল - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.