জানি লওক আপোনাৰ সপ্তাহটোৰ ৰাশিফল - Weekly Horoscope

author img

By ETV Bharat Assamese Team

Published : Apr 14, 2024, 12:11 AM IST

Weekly Horoscope For 14th April To 20th April

Weekly Horoscope For 14th April To 20th April : কেনে যাব আপোনাৰ এই সপ্তাহটো ? জানিবলৈ পঢ়ক আপোনাৰ সপ্তাহটোৰ ৰাশিফল ৷ জ্যোতিষশাস্ত্ৰবিদৰ সৈতে জানক আপোনাৰ সপ্তাহটোৰ ৰাশিফল...

মেষ ৰাশি : এই সপ্তাহত পৰিয়ালৰ সদস্যসকলৰ পৰা সহযেগিতা লাভ কৰিব । পৰিয়ালৰ সৈতে ফুৰিবলৈ যাওক ৷ শিক্ষাৰ্থীয়ে সাফল্য লাভ কৰিব । গাৰ্হস্থ্য জীৱন সুখৰ হ’ব । নিজৰ কামৰ ক্ষেত্ৰত মনোযোগ দিয়ক । উৰ্ধতম বিষয়াৰ সমৰ্থন লাভ কৰিব । ব্যৱসায়ত সফলতা । আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷ ব্যয় বেছি হ’ব, কিন্তু আয়ো বেছি হ’ব । নতুন বাহন ক্ৰয় কৰিব পাৰে । স্বাস্থ্য ভালে থাকিব । শিক্ষাৰ্থীসকলে মনোযোগেৰে অধ্যয়ন কৰক ।

বৃষ ৰাশি : এই সপ্তাহটো শুভ । দাম্পত্য জীৱন সুখী হ’ব । মাতৃৰ সহায় লাভ কৰিব । প্ৰেমত শুভ । আৰ্থিক স্থিতি ভাল হ’ব। ব্যৱসায়ত সাফল্য লাভ কৰিব । চৰকাৰী খণ্ডৰ পৰাও লাভ অৰ্জনৰ সম্ভাৱনা আছে । চাকৰিৰ ক্ষেত্ৰত পদোন্নতি । উচ্চ শিক্ষাৰ বাবে শুভ। স্বাস্থ্য পূৰ্বতকৈ ভাল হ’ব । শিক্ষাৰ্থীয়ে সফলতা লাভ কৰিব ।

মিথুন ৰাশি : আৰ্থিক স্থিতিৰ বাবে এই সপ্তাহটো ভাল । ভগ্নীৰ বিবাহৰ ক্ষেত্ৰত আহি থকা বাধা-বিঘিনিসমূহৰ অন্ত পৰিব । জ্যেষ্ঠৰ সৈতে কথা পাতি থাকোঁতে কথাত সংযত হওক ৷ পাৰিবাৰিক জীৱনত সুখ-শান্তি বিৰাজ কৰিব । প্ৰেমৰ ক্ষেত্ৰত শুভ । তীৰ্থ যাত্ৰালৈ যোৱাৰ পৰিকল্পনা থাকিব।

কর্কট ৰাশি: এই সপ্তাহত বিবাহিত কৰ্কট ৰাশিৰ জাতক/জাতিকাসকলৰ জীৱনত উত্থান-পতন থাকিব । অহংভাৱ এৰাই চলক ৷ আপোনাৰ প্ৰিয়জনৰ মাজত সামঞ্জস্য থাকিব। পৰিয়ালৰ সৈতে কোনোবা তীৰ্থস্থান ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিব পাৰে । শিক্ষাৰ্থীসকলে মনোযোগেৰে পঢ়া-শুনা কৰক । উচ্চ শিক্ষাৰ শুভ। আপোনাৰ আৰ্থিক স্থিতি ভাল । বিনিয়োগ কৰিব পাৰে । ব্যৱসায় কৰা লোকসকলে আকাংক্ষিত লাভ পাব । বতৰ সলনি হোৱাৰ ফলত স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান-পতন হ’ব । ঘৰত পূজা-পাতল আয়োজন কৰক । মাতৃৰ সংগ লাভ কৰিব । অতি আবেগিক হোৱাৰ পৰা বিৰত থাকক ।

সিংহ ৰাশি : নিজৰ ওপৰত আস্থা ৰাখক ৷ প্ৰেম সম্পৰ্ক ভাল হ’ব ৷ পাৰিবাৰিক জীৱনত সুখী হওক ৷ সংগীৰ সহযোগিতাত আত্মবিশ্বাস বৃদ্ধি হ’ব । আৰ্থিক উত্থান-পতনৰ মাজতো ভাল আয় কৰিব পাৰিব । ব্যৱসায়ৰ বাবে শুভ ৷ শিক্ষাৰ্থীসকলৰ বাবে শুভ ৷ স্বাস্থ্যৰ প্ৰতি সৰ্বাধিক গুৰুত্ব দিয়ক ৷

কন্যা ৰাশি : জীৱন সংগীৰ সৈতে সময় কটাওক । সন্তানৰ সহযোগিতা লাভ কৰিব ৷ আৰ্থিক দিশত শুভ ৷ স্বাস্থ্য কুশলে থাকিব । প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত উত্থান-পতন থাকিব । ব্যয় বৃদ্ধি হ’ব। শিক্ষাৰ ক্ষেত্ৰত সফলতা লাভ কৰিব ৷ চাকৰিৰ ক্ষেত্ৰত পদোন্নতিৰ সুযোগ পাব । আয় বৃদ্ধি হ’ব । ব্যৱসায়ত লাভান্বিত হ’ব ৷ নতুন সুযোগ আহিব । ঘৰৰ পৰা আঁতৰত থকা লোকসকলৰ পৰিয়ালৰ কথা মনত পৰিব । অবিবাহিত লোকসকলৰ সম্পৰ্কৰ কথা হ’ব পাৰে । পৰিয়ালৰ লগত ধৰ্মীয় স্থান ভ্ৰমণৰ পৰিকল্পনা কৰক ।

তুলা ৰাশি : এই সপ্তাহটো প্ৰেম সম্পৰ্কৰ বাবে শুভ । আপোনালোকৰ সম্পৰ্ক আৰু অধিক সুদৃঢ় হৈ পৰিব । আপোনাৰ প্ৰেমাস্পদক পৰিয়ালৰ সৈতে চিনাকি কৰাই দিব পাৰে ৷ পাৰিবাৰিক জীৱনত সুখ-শান্তি বিৰাজ কৰিব । চাকৰিয়ালসকলৰ বাবে শুভ ৷ ব্যৱসায়ত লাভান্বিত হ’ব । আৰ্থিক স্থিতি অধিক সুদৃঢ় হ’ব ৷ যদি কাৰোবাৰ পৰা ধাৰ লৈছে, তেন্তে সময়মতে ঘূৰাই দিয়ক । ৰাজনীতিত সাফল্য লাভ কৰিব । ঘৰত যাগ-যজ্ঞ, পূজা-পাতল, ভজন, কীৰ্তন আদিৰ আয়োজন কৰক ৷

বৃশ্চিক ৰাশি : এই সপ্তাহত বৃশ্চিক ৰাশিৰ লোকসকলে প্ৰেমাস্পদৰ আগত নিজৰ অনুভৱ প্ৰকাশ কৰিব পাৰিব । উপহাৰ পাব পাৰে ৷ পাৰিবাৰিক জীৱনত অন্য কোনো ব্যক্তিয়ে হস্তক্ষেপ কৰিব পাৰে ৷ পৈতৃক সম্পত্তিৰ পৰা আৰ্থিক লাভৰ সম্ভাৱনা আছে । আৰ্থিক স্থিতি ভাল হ’ব । ব্যয় বৃদ্ধি হ’ব, আয় বাঢ়িব । চৰকাৰী খণ্ডৰ পৰাও লাভ অৰ্জন কৰিব । চাকৰিৰ ক্ষেত্ৰত পদোন্নতি লাভ কৰিব । ব্যৱসায়ত নতুন চুক্তি প্ৰাপ্ত কৰিব । শিক্ষাৰ্থীসকলে পঢ়া-শুনাত মনোনিৱেশ কৰক ৷ উচ্চ শিক্ষাৰ বাবে শুভ সময় । ভাতৃৰ বিবাহৰ ক্ষেত্ৰত আহি থকা বাধা-বিঘিনিসমূহ অন্ত পৰিব । ঘৰত শুভকাৰ্যৰ আয়োজন কৰা হ’ব ।

ধনু ৰাশি : পৰিয়ালৰ পৰা সহায় পাব ৷ পৰিয়ালৰ সদস্যৰ সৈতে সময় অতিবাহিত কৰিব । ধন সঞ্চয় কৰক ৷ যাতে ভৱিষ্যতে কোনো সমস্যা নহয় । পাৰিবাৰিক জীৱনত উত্থান-পতন হ’ব পাৰে । ভ্ৰমণলৈ যোৱাৰ সম্ভাৱনা আছে ৷ প্ৰেমৰ সম্পৰ্ক সুখপূৰ্ণ হ’ব । কৰ্মক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে । ধন আগমনৰ যোগ আছে । সম্পত্তি ক্ৰয় কৰক ৷ ব্যৱসায়ীসকল সাৱধান হওক ৷ শিক্ষাৰ্থীসকল পঢ়া-শুনাত মনোনিৱেশ কৰক । স্বাস্থ্যৰ দিশৰ পৰা এই সপ্তাহটো দুৰ্বল হ’ব ।

মকৰ ৰাশি : বিবাহিত লোকসকলে গাৰ্হস্থ্য জীৱনটো উপভোগ কৰিব ৷ সন্তানৰ চাকৰিৰ ক্ষেত্ৰত শুভ । আয়ৰ নতুন সুযোগ উপলব্ধ হ’ব, আৰ্থিক স্থিতি সুদৃঢ় কৰিব । ঘৰুৱা কামত ধন ব্যয় হ’ব । উচ্চ শিক্ষাৰ বাবে শুভ সময় । বিদেশৰ পৰাও শিক্ষাৰ সুযোগ আহিব পাৰে । প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত উত্থান-পতন থাকিব । জ্যেষ্ঠ আৰু কনিষ্ঠসকলৰ সহযোগিতা লাভ কৰিব। জ্যেষ্ঠ সদস্যসকলৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ লওক ৷

কুম্ভ ৰাশি : এই সপ্তাহত প্ৰেম সম্পৰ্ক সুদৃঢ় হ’ব । প্ৰিয়জনক আপোনাৰ পৰিয়ালৰ সদস্যৰ সৈতে চিনাকি কৰাই দিব পাৰে ৷ বিবাহিত লোকসকলে গাৰ্হস্থ্য জীৱনত শুভ । আৰ্থিক স্থিতি শুভ ৷ পূৰ্বতে কৰা বিনিয়োগৰ পৰা লাভ অৰ্জন কৰিব । আয় মজবুত কৰক ৷ অংশীদাৰী ব্যৱসায় কৰা সকলে সুফল লাভ কৰিব ৷ উচ্চ শিক্ষাৰ বাবে এই সপ্তাহটো দুৰ্বল ৷ পঢ়া-শুনাৰ প্ৰতি আপোনাৰ আগ্ৰহ কম হ’ব । অবিবাহিত লোকসকলৰ সম্পৰ্কৰ কথা ওলাব পাৰে ।

মীন ৰাশি : বিবাহিত লোকসকলে গাৰ্হস্থ্য জীৱন সুখেৰে অতিবাহিত হ’ব । পৰিয়ালৰ সৈতে ক’ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে । প্ৰেম বিবাহ হোৱাৰ সম্ভাৱনা আছে । অবিবাহিত লোকসকলে তেওঁলোকে বিচৰা ধৰণৰ ভাল সম্পৰ্ক আহিব। ব্যয় অধিক হ’ব ৷ দৈনিক আয় ভাল হ’ব ৷ ব্যৱসায় কৰা লোকসকলে সুফল লাভ কৰিব ৷ স্বাস্থ্যৰ উন্নতি হ’ব । ঘৰ, দোকান, মাটিৰ প্লট আদি কিনাৰ আপোনাৰ হেঁপাহ পূৰণ হ’ব । সন্তানৰ ভাল চাকৰি হোৱাৰ যোগ আছে ৷ পাৰিবাৰিক সমস্যা উদ্ভৱ হ’ব পাৰে ৷ অধ্যয়নত মনোনিৱেশ কৰিবলৈ চেষ্টা কৰক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.