ETV Bharat / state

ডিব্ৰুগড়ত পুৱাই উপস্থিত আৰক্ষী সঞ্চালক প্ৰধান

author img

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 12:00 PM IST

GP Singh arrives in Dibrugarh
ডিব্ৰুগড়ত পুৱাই উপস্থিত আৰক্ষী সঞ্চালক প্ৰধান

Separatist Amritpal Singh: ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত খালিস্তানী উগ্ৰপন্থী থকা কক্ষত বৃহৎ পৰিমাণৰ আপত্তিজনক সামগ্ৰী উদ্ধাৰৰ পাছতে ডিব্ৰুগড়ত উপস্থিত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং ৷ 17 ফেব্ৰুৱাৰীৰ দিনা খালিস্তানী উগ্ৰপন্থীসকলক ৰখা কক্ষত উদ্ধাৰ হৈছিল বহু আপত্তিজনক সামগ্ৰী ৷

ডিব্ৰুগড়, 20 ফেব্ৰুৱাৰী: ডিব্ৰুগড়ত পুৱাই উপস্থিত অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং । বিগত কেবামাহো ধৰি ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বী অমৃতপাল সিঙসহ আন 9 সহযোগী আৰু যোৱা 17 ফেব্ৰুৱাৰীৰ দিনা উক্ত NSA চেলত বৃহৎ পৰিমাণৰ চিম কাৰ্ড, টিভি ৰিম’ৰ্ট, দুটা ম'বাইল, স্পাই কেম পেইন, ব্লুটুথ হেডফোন জব্দ হৈছিল । এই ঘটনা পোহৰলৈ অহাৰ পাছত কেৱল ডিব্ৰুগড় কাৰাগাৰতে নহয় ৰাজ্যৰ গৃহ বিভাগত হাহাকাৰ লাগিল ।

উক্ত বিষয় সন্দৰ্ভত অৱগত হোৱাৰ পিচতে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে নিজে টুইট কৰিছিল আৰু ঘটনাৰ বুজ লোৱাৰ বাবে মঙলবাৰে পুৱা ডিব্ৰুগড়ত উপস্থিত হয় আৰক্ষীৰ সঞ্চালকপ্ৰধানগৰাকী । ডিব্ৰুগড়ত আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ সৈতে বৈঠকত মিলিত হৈছে বুলি সন্দেহ কৰা হৈছে ।

আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীৰ হঠাৎ ডিব্ৰুগড় ভ্ৰমণক লৈ এতিয়ালৈকে জিলা প্ৰশাসনে কোনো তথ্য জানিবলৈ দিয়া নাই । উল্লেখ্য যে, ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বী অমৃতপাল সিংসহ আন 9 সহযোগী । আজি কেইবা মাহ ধৰি বন্দী হৈ আছে এইসকল খালিস্তানী নেতা ডিব্ৰুগড় কাৰাগাৰত । এইসকল খালিস্তানী নেতাক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত ৰখাৰ পাছতে কাৰাগাৰৰ সন্মুখত সেনা কামাণ্ডোৰ জৰিয়তে বিশেষ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ।

তাৎপৰ্যপূৰ্ণ বিষয় যে, ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱা খালিস্তানী নেতাসকলক ৰখা কক্ষত নিষিদ্ধ আছিল উদ্ধাৰ হোৱা সামগ্ৰীসমূহ । তেনেস্থলত এই সমূহ সামগ্ৰী কেনেকৈ কাৰাগাৰৰ ভিতৰলৈ আহিল তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ । জেলৰ পৰাই খালিস্তানীয়ে ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপ অব্যাহত ৰাখিছিল নেকি বুলিও প্ৰশ্নৰ অৱতাৰণা হৈছে । এই সন্দৰ্ভত ডিব্ৰুগড় কাৰাগাৰ কৰ্তৃপক্ষই কোনো ধৰণৰ তথ্য ৰাজহুৱা কৰা নাই ।

লগতে পঢ়ক: ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত ভয়ংকৰ ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.