ETV Bharat / state

ভূমিৰ সম্পূৰ্ণ অধিকাৰৰ দাবীত বিক্ষোভ প্ৰদৰ্শন গৰীয়া-মৰীয়া জাতীয় পৰিষদৰ

author img

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 5:44 PM IST

Protest in Morigaon: বসুন্ধৰা আঁচনিত গৰীয়া-মৰীয়াসকলক অন্তৰ্ভুক্ত কৰাৰ দাবীৰে ৰাজ্যজুৰি প্ৰতিবাদ ৷ গৰীয়া-মৰীয়া জাতীয় পৰিষদে ৰূপায়ন কৰে এই প্ৰতিবাদ ৷ মৰিগাঁৱতো প্ৰতিবাদত নামিল দুই শতাধিক লোক ৷

Goriya Moriya Jatiyo Parisad
protest in Morigaon

গৰীয়া-মৰীয়া জাতীয় পৰিষদৰ প্ৰতিবাদ

মৰিগাঁও, 15 ফেব্ৰুৱাৰী: মৰিগাঁৱত বৃহস্পতিবাৰে দুঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সদৌ অসম গৰীয়া-মৰীয়া জাতীয় পৰিষদে ৷ চৰকাৰৰ বসুন্ধৰা আঁচনিত গৰীয়া-মৰীয়াসকলক অন্তৰ্ভুক্ত নকৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷ কেৱল মৰিগাঁৱতেই নহয়, একে দাবীৰে ৰাজ্যৰ ভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ অসম গৰীয়া-মৰীয়া জাতীয় পৰিষদে ৷

মৰিগাঁৱৰ বিহুতলীত প্ৰায় দুই শতাধিক গৰীয়া-মৰীয়া জনগোষ্ঠীয় লোকে অংশগ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীত ৷ গৰীয়া-মৰীয়াসকলক চৰকাৰে যিহেতু পূৰ্বতেই জনগোষ্ঠী ঘোষণা কৰিছে, সেয়ে তেওঁলোকক বসুন্ধৰা আঁচনিৰ অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷ তেওঁলোকে দাবী কৰে যে অসমত অতীজৰে পৰা বাস কৰা কোচ, কছাৰী, লালুং, কাৰ্বি, হীৰা আদি সম্প্ৰদায়ৰ পৰা ধৰ্মান্তৰিত হৈছে ৷

প্ৰতিবাদকাৰীসকলে সংবাদ মাধ্যমৰ আগত কয় যে মুখ্যমন্ত্ৰীয়ে নিজ মুখেৰেই অসমৰ গৰীয়া, মৰীয়া, দেশী, জোলহা আৰু ছৈয়দ এই পাঁচটা সম্প্ৰদায়ক খিলঞ্জীয়া জনগোষ্ঠী হিচাপে ঘোষণা কৰিছিল ৷ কিন্তু এতিয়া ভূমিৰ অধিকাৰ প্ৰদান বিষয়টোৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে যি মন্তব্য কৰিছে সেয়া তেওঁৰ পূৰ্বৰ মন্তব্যৰ সম্পূৰ্ণ বিপৰীত ৷ কিয়নো গৰীয়া-মৰীয়াসকলক বসুন্ধৰা আঁচনিৰ পৰিৱৰ্তে অন্য প্ৰক্ৰিয়াৰে ভূমিৰ পট্টা তথা অধিকাৰ প্ৰদানৰ কৰা কৈছে মুখ্যমন্ত্ৰীয়ে ৷ গৰীয়া-মৰীয়াসকল কোনো প্ৰব্ৰজনকাৰী নহয় বুলিও উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে ৷

সেয়েহে তেওঁলোকক বসুন্ধৰা আঁচনিৰ অন্তৰ্ভুক্ত কৰি ভূমিৰ অধিকাৰ প্ৰদান কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে প্ৰতিবাদকাৰীসকলে ৷ চৰকাৰে দাবী মানি নল’লে অনাগত সময়ত আন্দোলন তীব্ৰতৰ হ’ব বুলিও তেওঁলোকে সকীয়াই দিয়ে ৷ কাৰ্যসূচীৰ অন্তত মৰিগাঁও জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক: সদনত বিভাগীয় মন্ত্ৰীৰ ওলোটা খৰ; আন্দোলনৰ ঘোষণা সদৌ অসম গাঁও পঞ্চায়ত সমন্বয়ক সন্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.