ETV Bharat / state

গোলাঘাটত সুদখোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান; উদ্ধাৰ আপত্তিজনক নথিপত্ৰ

Golaghat Private Money lender Case : এইবাৰ সুদখোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলিল গোলাঘাট নগৰত । বিজেপি পালিনেতা, যুৱতীসহ তিনিটা সুদখোৰক গ্ৰেপ্তাৰ গোলাঘাট আৰক্ষীৰ ।

গোলাঘাটত সুদখোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
গোলাঘাটত সুদখোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
author img

By ETV Bharat Assamese Team

Published : March 15, 2024 at 12:53 PM IST

3 Min Read
Choose ETV Bharat
গোলাঘাটত সুদখোৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

গোলাঘাট, ১৫ মাৰ্চ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সুদখোৰৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়াৰ পাছত সমগ্ৰ ৰাজ্যত আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি আহিছে । তাৰ সমান্তৰালকৈ গোলাঘাটতো বৃহস্পতিবাৰে সুদখোৰৰ বিৰুদ্ধে আৰক্ষীয়ে চলায় তীব্ৰ অভিযান । গোলাঘাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত নগৰৰ বিভিন্ন স্থানত অভিযান চলাই যুৱতীসহ তিনিটা সুদখোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে বহু আপত্তিজনক নথি-পত্ৰও জব্দ কৰিবলৈ সক্ষম হয় ।

গোলাঘাট নগৰৰ ৩নং ৰে'লৱে গে'টৰ সমীপৰ পিযুজ পাল, ইছলামপট্টিৰ দাৰুল ইছলাম, চাহনাৱাজ আহমেদ ওৰফে দীপমইনা আৰু এগৰাকী যুৱতীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে সুদখোৰকেইটাৰ বাসগৃহত তালাচী চলাই সুদখোৰে জব্দ কৰি থোৱা এখন AS-05-T-8588 নম্বৰৰ বাইক, AS-05-R-1034 নম্বৰৰ এখন স্কুটি, এটা পিষ্টল, টকা গণণা কৰা মেচিন আৰু আপত্তিজনক নথি-পত্ৰ তথা উকা চেক আৰু চুক্তিৰ কপিসহ বহু সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় ।

অন্যহাতে, এই তিনিজনৰ উপৰি বহুকেইটা সুদখোৰক আটক কৰিবলৈ আৰক্ষীয়ে অভিযান আৰম্ভ কৰিব বুলি আৰক্ষীৰ এক সূত্ৰৰ পৰা জানিব পৰা গৈছে । লগতে আৰক্ষীৰ আহ্বান, কোনো লোকে যদি সুদখোৰৰ পৰা অসুবিধা পাইছে তেন্তে শীঘ্ৰে গোলাঘাট আৰক্ষীক যোগাযোগ কৰক । ইফালে গোলাঘাট আৰক্ষী থানাত সুদখোৰৰ বলি হোৱা এজন ভুক্তভোগী যুৱকে জানিবলৈ দিয়া মতে, ২০১৩ চনত তেওঁ দাৰুল ইছলাম নামৰ সুদখোৰৰ পৰা এক লাখ টকা লোৱাৰ পাছত ডেৰ বছৰ প্ৰতিমাহে দহ হাজাৰ টকা সুদ দি আহিছিল তেওঁ ।

তাৰ পাছত ভুক্তভোগী যুৱকজনে নিজৰ পৈতৃক সম্পত্তি বিক্ৰী কৰি সুদখোৰৰ টকা আদায় দিয়াৰ কথা ভাবিছিল যদিও সুদখোৰে নিজৰ গুণ্ডা বাহিনী লগত লৈ ভুক্তভোগী যুৱকজনৰ বাসগৃহত উপস্থিত হৈ ঘৰৰ ভিতৰত আবদ্ধ কৰি মাটি দখল কৰি বলপূৰ্বকভাৱে বিভিন্ন নথি-পত্ৰত চহী কৰাই ঘৰৰ সকলো সামগ্ৰী হস্তগত কৰে । কিন্তু সেই সময়ত ভুক্তভোগী যুৱকৰ সৈতে আৰক্ষীয়ে কোনো সহযোগ কৰা নাছিল বাবে থমকি ৰৈছিল । কিন্তু শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সুদখোৰসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়াৰ পাছত বৰ্তমান সাহস পাইছে বুলি গুৰুত্বপূৰ্ণ বক্তব্য কৰে ভুক্তভোগী যুৱকজনে ।

ভুক্তভোগী যুৱকজনে জানিবলৈ দিয়া মতে, এক লাখ টকা সুদত লৈ প্ৰায় দুই লাখ টকা সুদ দিয়াৰ পাছতো জোৰ-জোলমকৈ ভুক্তভোগীৰ পৈতৃক সম্পত্তি দখল কৰি ঘৰৰ পৰা বাহিৰ কৰি দিয়ে । ইয়াৰ উপৰি সুদখোৰ দাৰুল ইছলামৰ লগত আপত্তিজনক সামগ্ৰী থকাৰ বাবে সেই সময়ত ভুক্তভোগী যুৱক আৰু পৰিয়ালবৰ্গৰ সাহস হোৱা নাছিল বুলি জানিবলৈ দিয়ে । কিন্তু শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সুদখোৰৰ বিৰুদ্ধে লোৱা প্ৰদক্ষেপৰ বাবে বিশেষভাৱে শলাগ লয় ভুক্তভোগী যুৱকজনে ।

উল্লেখ্য যে গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত এই সুদখোৰৰ পৰা অতিষ্ঠ হৈ নিজৰ মাটি-ভেটি হেৰুৱাই দিশহাৰা হৈ পৰিছে বহু লোকে । আনকি সুদখোৰে নিজৰ গুণ্ডা বাহিনী লগত লৈ ঘৰৰ পদূলিত উপস্থিত হৈ বিভিন্ন ভয়-ভাবুকি দিয়াৰ পাছত ভুক্তভোগীয়ে আৰক্ষীৰ কাষ চাপে যদিও সেই সময়ত আৰক্ষীয়ে সুদখোৰৰ পক্ষ লোৱাৰো উদাহৰণ আছে গোলাঘাট জিলাত । জিলাখনৰ বোকাখাত, দেৰগাঁও, মেৰাপানী, সৰুপথাৰ, বৰপথাৰ, নাওজান আদি বিভিন্ন অঞ্চলত এই সুদখোৰৰ পৰা অতিষ্ঠ হৈ পৰিছে বহু লোক ।

লগতে পঢ়ক :কাম পেলাই ৰাখিলে চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে ভৰিব লাগিব জৰিমনা: মুখ্যমন্ত্ৰী