ETV Bharat / state

ৱাকফ সম্পত্তি বেদখলৰ বিৰুদ্ধে কৰা আবেদন বাতিল উচ্চ ন্যায়ালয়ৰ : কি কয় অধিবক্তাই ? - Encroachment on Waqf property

author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 5:18 PM IST

Writ Petition On Waqf Property: গুৱাহাটী উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ অসমৰ ৱাকফ সম্পত্তিসমূহ বিভিন্ন ব্যক্তিৰ দ্বাৰা বেদখল কৰা হৈছে আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই বেদখল আঁতৰোৱাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰা এখন লেখ আবেদন খাৰিজ কৰিছে । উচ্চ ন্যায়ালয়ে লেখ আবেদনখন খাৰিজ কৰাৰ সময়ত কয় যে আৱেদনখন সঠিক গৱেষণা অবিহনে দাখিল কৰা হৈছে আৰু ই অস্পষ্ট অভিযোগৰ ওপৰত আধাৰিত ।

Writ Petition On Waqf Property
ৱাকফ সম্পত্তি বেদখল সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয় (ETV BHARAT)

ৱাকফ সম্পত্তি বেদখল কৰাৰ বিৰুদ্ধে কৰা লেখ আবেদন খাৰিজ উচ্চ ন্যায়ালয়ৰ (ETV BHARAT ASSAM)

গুৱাহাটী, 15 মে': ৱাকফ সম্পত্তিক লৈ দীৰ্ঘদিন ধৰি বিতৰ্ক অব্যাহত আছে ৷ ইয়াৰে অধিকাংশ সম্পত্তি বেদখল হৈ থকাৰ লগতে ইয়াৰ‌ ভোগ‌‌ এচাম মধ্যভোগীয়ে দখল‌ কৰি‌ থকাৰ অভিযোগ উত্থাপন‌ হৈ আহিছে ৷ এই সন্দৰ্ভত বিভিন্ন গোচৰ আদালতত ৰুজু হোৱাৰ লগতে বিভিন্ন গোচৰৰ শুনানি অব্যাহত আছে ৷

ইয়াৰ মাজতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা সমাজকৰ্মী জুনেইদ খালিদে ৰাজ্যৰ ৱাকফ সম্পত্তি বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰাৰ বাবে আদালতৰ পৰা নিৰ্দেশনা বিচাৰি জনস্বাৰ্থজনিত আবেদন(পি আই এল)দাখিল কৰিছিল ৷ অসমত মুছলমান সকলৰ অৰ্থনৈতিক মৰ্যাদা উন্নীত কৰাৰ বাবে ৱাকফ সম্পত্তিৰ সঠিক ব্যৱহাৰৰ বাবে অসম চৰকাৰক নিৰ্দেশনা জাৰি কৰাৰ বাবে অধিবক্তা খালিদ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ৷

গুৱাহাটী উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ এক শুনানিত এই আবেদন নাকচ কৰে যদিও এক গুৰুত্বপূৰ্ণ নিৰ্দেশ দিছে ৷ এই নিদেৰ্শৰ বাবে অধিবক্তা খালিদে ৰাজ্যৰ ৱাকফ সম্পত্তি বেদখলকাৰীৰ পৰা মুক্ত কৰাৰ আইনী যুঁজখন আগবঢ়ায় নিয়াৰ এক সুযোগ লাভ কৰিছে ৷

উল্লেখ্য যে, গুৱাহাটী ‌উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয় আৰু ন্যায়াধীশ এন উন্নী কৃষ্ণন নায়েৰৰ খণ্ড বিচাৰপীঠে এই বিষয়টোৰ শুনানি গ্ৰহণ কৰিছিল ৷ গোচৰটোৰ চূড়ান্ত শুনানিত বিচাৰপীঠে আবেদনখন সঠিকভাবে দাখিল নকৰাৰ লগতে আৰু আবেদনখন অস্পষ্ট বুলি কৈ খাৰিজ কৰে ৷ অৱশ্যে আদালতে পৰ্যবেক্ষণ কৰি‌ নিৰ্দেশ দিয়ে যে যদি আবেদনকাৰীৰ কোনো অভিযোগ আছে, তেওঁ সঠিক বিৱৰণ আৰু পৰ্যাপ্ত সামগ্ৰীৰ সৈতে অসম ব’ৰ্ড অৱ ৱাকফৰ মুখ্য কাৰ্যবাহী বিষয়াৰ সন্মুখত প্ৰতিনিধিত্ব আগবঢ়াব পাৰে ৷

এই সন্দৰ্ভত অধিবক্তা জুনেইদ খালিদে কয় যে ৰাজ্যৰ ৱাকফ সম্পত্তি কিমান আছে আৰু কিমান বেদখল হৈ আছে সেয়া লৈ অসম ব’ৰ্ড অৱ ৱাকফত আৰ টি‌ আই কৰা হৈছিল ৷ এই আৰ টি আইৰ তথ্যত অধিকাংশ ৱাকফ সম্পত্তি বেদখল হৈ থকাৰ তথ্য ওলাই পৰিছে ৷ এই তথ্যৰ ভিত্তিতে অসম চৰকাৰে তথা অসম ব’ৰ্ড অৱ ৱাকফক আদালতে নিদেৰ্শ জাৰি কৰাৰ‌ বাবে উচ্চ ন্যায়ালয়ত আবেদন কৰা হৈছিল ৷ আশাৰ কথা যে উচ্চ ন্যায়ালয়ে ৱাকফ আইন অনুসৰি ধাৰা 154 অধীনত সঠিক বিৱৰণ আৰু পৰ্যাপ্ত সামগ্ৰীৰ সৈতে অসম ব’ৰ্ড অৱ ৱাকফৰ মুখ্য কাৰ্যবাহী বিষয়াৰ সন্মুখত আবেদন কৰিব পাৰিব‌ বুলি নিৰ্দেশ দিছে ৷

তেওঁ কয় যে আদালতৰ এই নিদেৰ্শৰ‌ ভিত্তিত ন্যায় বিচাৰি অসম ব’ৰ্ড অৱ ৱাকফৰ মুখ্য কাৰ্যবাহী বিষয়াৰ সন্মুখত আবেদন কৰা হ'ব ৷ তাৰ পৰা সঁহাৰি‌ নাপালে পুনৰ আইন‌ অনুযায়ী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব ৷ উল্লেখ্য যে অসম বিধান সভাত যোৱা বছৰৰ শীতকালীন অধিৱেশনত অসমত ৱাকফ সম্পত্তিৰ স্থিতিৰ বিৱৰণ দি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কৈছিল যে অসম ব'ৰ্ড অৱ ৱাকফৰ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাত ক্ৰমান্বয়ে 8,590 বিঘা ভূমি আৰু 13,740 বিঘা ভূমি আছে ৷ ়

ৱাকফ সম্পত্তিৰ বেদখল আৰু অবৈধ ব্যৱহাৰৰ 32 টা গোচৰৰ শুনানি বৰ্তমান আদালতত চলি আছে ৷ ইপিনে ৱাকফ ব'ৰ্ডৰ এজন প্ৰাক্তন অধ্যক্ষই আৱাজ দ্য ভইচক জানিবলৈ দিয়ে- "যদি ৰাজ্যখনৰ ৱাকফ ভূমি আৰু সম্পত্তি বেদখলৰ পৰা মুক্ত কৰা হয়, তেন্তে ইয়াৰ পৰা বছৰি প্ৰায় 1000 কোটি টকাৰ ৰাজহ উপাৰ্জন কৰিব পৰা যাব ৷ যি মুছলমান সম্প্ৰদায়ৰ সামগ্ৰিক উন্নয়ন আৰু কল্যাণৰ বাবে পৰ্যাপ্ত ৷"

লগতে পঢ়ক : দুলীয়াজানৰ মুখ্য কাৰ্যালয়ৰ পৰা কোনো বিভাগ স্থানান্তৰ কৰা নহয় : অইল ইণ্ডিয়াই স্পষ্ট কৰিলে স্থিতি - Oil India Limited

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.