ETV Bharat / state

নামৰূপ সাৰ কাৰখানাত সম্পূৰ্ণৰূপে গেছ যোগান কৰ্তন: কি হ’ব ভৱিষ্যত ?

author img

By ETV Bharat Assamese Team

Published : Jan 21, 2024, 8:12 PM IST

BVFCL in crisis: মৃতপ্ৰায় নামৰূপ সাৰ কাৰখানাত পুনৰ অন্য এক বিপৰ্জ্জয় ৷ দেওবাৰে পুৱা সম্পূৰ্ণৰূপে গেছ যোগান কৰ্তন কৰে নামৰূপ সাৰ কাৰখানাত ।

gas supply cut
BVFCL in crisis

মৰাণ, 21 জানুৱাৰী: উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানা বৰ্তমান চৰকাৰৰ গুৰুত্বহীনতাৰ বাবে মৃতপ্ৰায় অৱস্থালৈ গতি কৰিছে । মৃতপ্ৰায় নামৰূপ সাৰ কাৰখানাক পুনৰুদ্ধাৰ কৰি উত্তৰ-পূৰ্বাঞ্চলসহ বৃহৎ ৰাজহুৱা অনুষ্ঠানটো জীয়াই ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰক অসমৰ ৰাইজ আৰু দল সংগঠনে দাবী জনাই আহিছে যদিও সাৰ উদ্যোগ জীয়াই ৰখাৰ বাবে গুৰুত্ব নিদিয়া পৰিলক্ষিত হৈছে ।

এতিয়া মৃতপ্ৰায় নামৰূপ সাৰকাৰখানাটোৰ সন্মুখত এটাৰ পাচত আনটো প্ৰত্যাহ্বান । অসম গেছ কোম্পানীক উদ্যোগটোৰ মূল কেঁচামাল প্ৰাকৃতিক গেছ সৰবৰাহৰ বাবে দিবলগীয়া 57 কোটি টকা ধন আদায় দিব নোৱাৰাত কৰ্তন কৰে প্ৰাকৃতিক গেছ যোগান । চলিত মাহৰ 6 তাৰিখে অসম গেছ কোম্পানীয়ে আদায় দিবলগীয়া ধন পৰিশোধ নকৰিলে গেছ যোগান 20 জানুৱাৰীৰ পাচত বন্ধ কৰি দিয়া হ’ব বুলি জাননী দিয়া হৈছিল ৷ ইয়াৰ পিচতে আজি ধন পৰিশোধ কৰিব নোৱাৰাত দেওবাৰে পুৱা সম্পূৰ্ণৰূপে গেছ যোগান কৰ্তন কৰে সাৰ কাৰখানাত । এই ঘটনাই নামৰূপ সাৰ কাৰখানাৰ ভিতৰচৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

বিগত বৰ্ষত, লোকসভাত সাংসদ গৌৰৱ গগৈৰ এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় ৰাসায়ন আৰু সাৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ভগৱন্ত খুবাই সাৰ কাৰখানাটো বন্ধ হোৱাৰ কথা নিশ্চিত কৰিছিল ৷ কেন্দ্ৰীয় ৰাসায়ন আৰু সাৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ভগৱন্ত খুবাই দিয়া লিখিত উত্তৰৰ তথ্য মতে নামৰূপৰ সাৰ কাৰখানা বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ৷

এই সন্দৰ্ভত ইউনিয়ন বিষয়াই কয় যে, তেওঁলোকে ইতিমধ্যে এই সন্দৰ্ভত স্থানীয় বিধায়ক তৰংগ গগৈৰ লগত সম্পৰ্ক কৰিছে ৷ অচিৰেই নামৰূপ সাৰ কাৰখানা আৰু অসম গেছ কোম্পানীৰ মাজত এক চুক্তি স্বাক্ষৰ কৰি এই সমস্যা সমাধানৰ বাবে দাবী জনাইছে ইউনিয়ন বিষয়াসকলে ৷

লগতে পঢ়ক: BVFCL in crisis: কেন্দ্ৰীয় চৰকাৰৰ চূড়ান্ত হেমাহিৰ বাবে গভীৰ সংকটত নামৰূপ সাৰ কাৰখানা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.