গ্ৰেনেড নিক্ষেপ কৰা ঘটনাৰ সতে জড়িত চাৰি কে এল অ' সদস্যক আটক - Four KLO members arrested
KLO members arrested: দোতমাত গ্ৰেনেড নিক্ষেপ কৰা ঘটনাৰ সতে জড়িত চাৰি কেএলঅ' সদস্য আটক ৷ বাংলাদেশত আশ্ৰয় লৈ থকা কেএলঅ নেতা হৰিপ্ৰসাদ ৰায়ৰ নিৰ্দেশমৰ্মে কেএলঅ'ৰ ধনদাবী ৷ আটকাধীন চাৰি কে এল অ' সদস্যক চাৰিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ ।

Published : April 11, 2024 at 10:57 PM IST
কোকৰাঝাৰ,১১ এপ্ৰিল: কোকৰাঝাৰ জিলাৰ দোতমাত গ্ৰেনেড নিক্ষেপ কৰা ঘটনাৰ সতে জড়িত চাৰি কেএলঅ' সদস্যক অৱশেষত আটক কৰিবলৈ সক্ষম হল আৰক্ষী ।আটকাধীন কেএলঅ' সদস্যকেইজন হ'ল ক্ৰমে কনক অধিকাৰী, অৰ্জুন ৰায়, অনুপম ৰায় আৰু প্ৰসেনজিৎ ৰায় ইয়াৰে কনক অধিকাৰী আৰু অৰ্জুন ৰায় কেএলঅ' প্ৰশিক্ষণপ্ৰাপ্ত সদস্য বুলি জানিব পৰা গৈছে ।
- " class="align-text-top noRightClick twitterSection" data="">
উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ দোতমাৰ সৰকাৰ ষ্টোৰ নামৰ গেলামাল দোকানৰ স্বত্বাধিকাৰী সমেন সৰকাৰৰ পৰা পাঁচলাখ টকা দাবী কৰিছিল কেএলঅ'ই । কিন্তু দাবী কৰা ধন আদায় নিদিয়াৰ বাবে ২০২৩ চনৰ ৯ জানুৱাৰীত গেলামাল দোকানলৈ লক্ষ্য কৰি গ্ৰেণেড নিক্ষেপ কৰিছিল কেএলঅ' সদস্যই । সৌভাগ্যক্ৰমে গ্ৰেণেডটো বিস্ফোৰিত নোহোৱাত ৰক্ষা পৰিছিল সমেন সৰকাৰৰ লগতে দোকানত থকা লোকসকল ।
ইপিনে উক্ত ঘটনাৰ পিচতে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছিল । তদন্তত দোতমাৰ গ্ৰেনেড নিক্ষেপ ঘটনাৰ সতে কনক অধিকাৰী জড়িত থকাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে । আনহাতে দোতমাৰ গ্ৰেনেড নিক্ষেপ ঘটনাৰ পিচতে কনক অধিকাৰী যোৱা জানুৱাৰী মাহত ধুবুৰী জিলাৰ গৌৰীপুৰত ধনদাবী কৰি আৰক্ষীৰ হাতত আটক হৈছিল । আটক হোৱাৰ পিচত ধুবুৰীৰ জেলত আছিল কনক অধিকাৰী ।
যোৱা ৯ এপ্ৰিলত কনক অধিকাৰীক ধুবুৰীৰ পৰা সোধপোছৰ বাবে দোতমালৈ লৈ আহে আৰক্ষীয়ে । সোধপোছৰ অন্তত কনক অধিকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত কোকৰাঝাৰ আৰু দোতমা আৰক্ষীয়ে বুধবাৰে আন তিনিজন কেএলঅ' সদস্যক আটক কৰে আৰক্ষীয়ে । ইয়াৰে অৰ্জুন ৰায়ক বঙাইগাঁৱৰ পৰা আটক কৰাৰ বিপৰৰীতে আন দুজন ক্ৰমে অনুপম ৰায় আৰু প্ৰসেনজিৎ ৰায়ক নিজ নিজ গাঁৱৰ পৰা আটক কৰে আৰক্ষীয়ে ৷
আৰক্ষীয়ে এখন পালছাৰ মটৰচাইকেল আৰু তিনিটা ম'বাইল ফোন জব্দ কৰে কে এল অ' সদস্য কেইজনৰ পৰা । ইপিনে দোতমা আৰক্ষীয়ে বৃহস্পতিবাৰে চাৰিওজনকে কোকৰাঝাৰৰ মুখ্য ন্যায়িক আদালতৰ দণ্ডাধীশৰ চেম্বাৰত হাজিৰ কৰায় । আৰক্ষীয়ে পাঁচদিনৰ জিন্মাত বিচাৰিছিল যদিও আদালতে চাৰিদিনৰ বাবে আৰক্ষীৰ জিন্মালৈ প্ৰেৰণ কৰে চাৰি অভিযুক্তক । উল্লেখ্য যে, বাংলাদেশত আশ্ৰয় লৈ থকা কেএলঅ' নেতা হৰিপ্ৰসাদ ৰায়ৰ নিৰ্দেশমৰ্মে কেএলঅ'ই ধনদাবী কৰিছিল বুলি আৰক্ষীৰ এক সূত্ৰৰ পৰা জানিব পৰা গৈছে ।
লগতে পঢ়ক: আৰক্ষী বিষয়াৰ ভুৱা চহীৰে বেংকৰ পৰা সৰকালে টকা: গ্ৰেপ্তাৰ 5 - Bank Forgery In Tinsukia

