ETV Bharat / state

কুম্ভকৰ্ণ নিদ্ৰাত আৰক্ষী: তেজপুৰ কাৰাগাৰৰ পৰা এটা মাহত পাঁচ কয়দী পলায়ন - prisoner escaped from Tezpur jail

author img

By ETV Bharat Assamese Team

Published : Mar 29, 2024, 10:42 PM IST

prisoner escaped from Tezpur jail
কুম্ভকৰ্ণ নিদ্ৰাত আৰক্ষী: তেজপুৰ কাৰাগাৰৰ পৰা এটা মাহত পাঁচ কয়দী পলায়ন

Prisoner escaped from Tezpur jail : তেজপুৰ সদৰ থানা আৰু তেজপুৰ কাৰাগাৰৰ পৰা এটা মাহত পাঁচ কয়দী পলায়ন কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ পঢ়ক সবিশেষ...

তেজপুৰ, ২৯ মাৰ্চ : যোৱা ১৭ মাৰ্চৰ পৰা তেজপুৰ মিছামাৰী থানাৰ ০১/২৪ নম্বৰ গোচৰত POSCO গোচৰত অভিযুক্ত জেহৰুল ইছলাম নামৰ কয়দীটো কাৰাগাৰৰ পৰা পলায়নৰ পিচত দুদিন পূৰ্বে তেজপুৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে কয়দীটোৱে ৷ তাৰ পিচতে শুকুৰবাৰে আৰক্ষীয়ে কয়দীটোক আদালতত হাজিৰ কৰোৱাৰ পিচত তেজপুৰ সদৰ আৰক্ষীয়ে জিম্মাত লয় কয়দীটোক ৷

  • " class="align-text-top noRightClick twitterSection" data="">

তাৰ পিচতে শুকুৰবাৰে পুনৰ আজি সদৰ থানাৰ পৰা পলায়ন কৰে জেহৰুলে ৷ সেই সময়ত সদৰ থানাত চিৰস্তাদাৰ বিনন্দ দাস দায়িত্বত আছিল বুলি জানিব পৰা গৈছে ৷

এই ঘটনাৰ পিচতে আৰক্ষীয়ে জেহৰুলক বিচাৰি অভিযান চলাইছে যদিও পলাতক আচামীটোক ধৰিব পৰা নাই ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বেও কেইবাবাৰো তেজপুৰ সদৰ থানা আৰু তেজপুৰ কাৰাগাৰৰ পৰা আচামী পলাতকৰ ঘটনা সংঘটিত হৈ আহিছে ৷ যোৱা ২৬ মাৰ্চ আৰু ১৭ মাৰ্চ তাৰিখে তেজপুৰ কেন্দ্ৰীয় কাৰাগৰাৰ পৰা দুটাকৈ কয়দী পলাতক হোৱাৰ ঘটনা পোহৰলৈ আহিছিল ।

ইয়াৰো এটা ঘটনাত তেজপুৰৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা স্বাস্থ্য পৰীক্ষাৰ বাবে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিস্থানলৈ লৈ যোৱা এটা আচামীয়ে চিকিৎসালয়ৰ পৰাই পলায়ন কৰে ৷

জানিব পৰা মতে তেজপুৰৰ চান্দমাৰী অঞ্চলত সন্ত্ৰাস সৃষ্টি কৰি অহা গভাইত চুৰ চুমণ কেওট ওৰফে ( মাংসক ) নিজ ঘৰতে চুৰি কাৰ্য সংঘটিত কৰা বাবে যোৱা ১৯ ফ্ৰেৱুৱাৰীত লালমাটি আৰক্ষী থানাই আটক কৰিছিল । পৰৱৰ্তী সময়ত ২১ ফেৱুৱাৰী তাৰিখে চুমন কেওট গোচৰ নং ৮৯/২৪ u/s- ৪৫৭/৩৮০ IPC ৰ অধীনত তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰ কৰা হয় । পিছলৈ আচামীটোক ২১ মাৰ্চত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিস্থানলৈ পৰীক্ষাৰ বাবে নি ভৰ্তি কৰোৱা অৱস্থাতে যোৱা ২৬ মাৰ্চত আচামী চুমন কেওটে পলায়ন কৰিবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়ক: ধৰ্ষণৰ গোচৰত অভিযুক্ত পলাতক কয়দীক নাগালেণ্ডৰ পৰা গ্ৰেপ্তাৰ আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.