ETV Bharat / state

বিশ্বনাথত গোধা ৰোগ নিৰ্মূল অভিযান

Filariasis awareness drive: বিশ্বনাথত ফাইলেৰিয়া বা গোধা ৰোগ নিৰ্মূল অভিযান আৰম্ভ ৷ সেয়ে বিশ্বনাথত সমূহীয়া ঔষধ সেৱন কাৰ্যসূচী অব্যাহত আছে ৷ ১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচী ১৯ ফেব্ৰুৱাৰী পৰ্যন্ত চলি থাকিব ৷

Filariasis awareness drive
বিশ্বনাথত গোধা ৰোগ নিৰ্মূল অভিযান
author img

By ETV Bharat Assamese Team

Published : February 18, 2024 at 12:06 PM IST

3 Min Read
Choose ETV Bharat

বিশ্বনাথ, ১৮ ফেব্ৰুৱাৰী : বিশ্বনাথত অব্যাহত আছে বাহকজনিত ৰোগ ফাইলেৰিয়া বা গোধা ৰোগ নিৰ্মূল অভিযান । বিশ্বনাথ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত ফাইলেৰিয়া বা গোধা ৰোগ নিৰ্মূলকৰণৰ বাবে জিলাখনৰ বিশ্বনাথ চাৰিআলি আৰু বিহালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ সকলো ঠাইতে সমূহীয়া ঔষধ সেৱন কাৰ্যসূচী (Mass Drug Administration, চমুকৈ MDA) আৰম্ভ কৰা হৈছে ।

উল্লেখ্য যে, যোৱা ১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচী ১৯ ফেব্ৰুৱাৰী পৰ্যন্ত চলি থাকিব । শনিবাৰে বাতৰি যুগুত কৰা সময়লৈকে বিশ্বনাথত মুঠ ৭৯,৮৯৪ গৰাকী ব্যক্তিক ঔষধ সেৱন কৰোৱা হৈছে বুলি স্বাস্থ্য বিভাগে সদৰী কৰিছে । ইতিমধ্যে বিশ্বনাথ আৰু বিহালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ সকলো চৰকাৰী চিকিৎসালয় আৰু চাহ বাগিচাৰ চিকিসালয়ত এই কাৰ্যসূচী চলি আছে ৷

সমূহীয়া ঔষধ সেৱন কাৰ্যসূচীৰ জৰিয়তে ফাইলেৰিয়া বা গোধা ৰোগ নিৰ্মূল অভিযানত অঞ্চলসমূহত আশা কর্মী, স্বাস্থ্য কৰ্মীসকলে ঘৰে ঘৰে গৈ ডাই-ইথাইল-কাৰ্বামেজাইন (ডি.ই.চি.) আৰু এলবেণ্ডাজল টেবলেট খুওৱাৰ ব্যৱস্থা কৰা হৈছে ।

প্ৰণিধানযোগ্য যে, বিশ্বনাথ আৰু বিহালীত যথেষ্ট সংখ্যক লোকৰ শৰীৰত ফাইলেৰিয়া ৰোগৰ উপস্থিতি ধৰা পৰাৰ বাবে এই ফাইলেৰিয়া অধ্যুষিত অঞ্চলসমূহত ১০ ফেব্ৰুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰী পৰ্যন্ত ‘সমূহীয়া ঔষধ সেৱন' কাৰ্যসূচীৰ ৰূপায়ণ কৰা হৈছে । এই কাৰ্যসূচীত ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে বিনামূলীয়াকৈ যোগান ধৰা ফাইলেৰিয়া ৰোগ প্ৰতিৰোধী ঔষধ সেৱন কৰিবলৈ স্বাস্থ্য বিভাগে জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে ।

বিশ্বনাথৰ স্বাস্থ্য বিভাগে জানিবলৈ দিয়া মতে, গৰ্ভৱতী মহিলা, ২ বছৰৰ তলৰ শিশু, দীৰ্ঘদিন ধৰি আন ৰোগত ভুগি থকা লোকে এই ৰোগ প্ৰতিৰোধী টেবলেট সেৱন কৰিব নালাগে ৷ আনহাতে, খালী পেটত এই টেবলেট সেৱন কৰিব নালাগে । এই ক্ষেত্ৰত ডাই-ইথাইল কাৰ্বামেজাইন (ডি.ই.চি.) আৰু এলবেণ্ডাজল টেবলেট সম্পূৰ্ণৰূপে নিৰাপদ বুলিও স্বাস্থ্য বিভাগে সদৰী কৰিছে ।

জানিব পৰা মতে, ফাইলেৰিয়া বা গোধা পেলুৰ পৰা উৎপন্ন হোৱা আৰু মহৰ জৰিয়তে সংক্ৰমিত হোৱা এবিধ ৰোগ । ই এটা অত্যন্ত ভয়ানক বেমাৰ । মিহি সূতা আকাৰৰ ফাইলেৰিয়া পেলুবোৰ লসিকা গ্ৰন্থিত বাস কৰি ফাইলেৰিয়া ৰোগ সৃষ্টি কৰে । এই ৰোগত আক্ৰান্ত ব্যক্তিৰ আক্ৰান্ত স্থানসমূহ হাতীৰ ভৰিৰ দৰে ফুলি উঠে বাবে ইয়াক গোধা বেমাৰ বুলিও কোৱা হয় ।

এই ৰোগৰ জনপ্ৰিয় নাম হৈছে হাতীৰ ভৰি সদৃশ ৰোগ বা গোধা বেমাৰ । মহৰ কামোৰৰ দ্বাৰা মাইক্ৰ' ফাইলেৰিয়া থকা এজন মানুহৰ পৰা আন এজনলৈ এই ৰোগ বিয়পে । মাইক্ৰ' ফাইলেৰিয়া থকা লোকক মহে কামুৰিলে আক্ৰান্ত লোকৰ পেলুবোৰ মহৰ দেহৰ ভিতৰত সোমায় আৰু সেই মহে আন এজন সুস্থ মানুহক কামুৰিলে তেওঁলৈ এই ৰোগ সংক্ৰমণ হয় । সেয়ে বিশ্বনাথ জিলা মেলেৰিয়া বিষয়া ডাঃ এলিজা ডেকাই সকলোকে এই ৰোগৰ ঔষধ সেৱন কৰি ফাইলেৰিয়া ৰোগৰ পৰা মুক্ত হ'বলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক : পুৰণি বিজেপি কৰ্মী হটাও অভিযানত লিপ্ত হৈছে মুখ্যমন্ত্ৰী : গৌৰৱ গগৈ