অসমৰ ক'ত হ'ব একেলগে তিনিখনকৈ পঞ্চতাৰকা হোটেল; ক’লে জয়ন্ত মল্লবৰুৱাই - five star hotel in Kaziranga
Minister Jayanta Mallabaruah: পূৰ্বৰ তুলনাত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৷ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ নয়নাভিৰাম দৃশ্য, অতুলনীয় জৈৱ বৈচিত্ৰ দৰ্শৰ বাবে অহা পৰ্যটকৰ বাবে এইবাৰ নিৰ্মাণ হ'ব পঞ্চতাৰকাযুক্ত হোটেল । আজি ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰিলে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।

Published : May 11, 2024 at 9:19 PM IST
কাজিৰঙা/গুৱাহাটী, ১১ মে’: এখন-দুখন নহয়, একেলগে তিনিখনকৈ পঞ্চতাৰকা হোটেল নিৰ্মাণ হ'ব অসমত । সাধাৰণতে পঞ্চতাৰকা হোটেল বুলি ক'লে গুৱাহাটী মহানগৰীত হ'ব বুলি ধাৰণা কৰা হয় যদিও এইবাৰ তিনিখনকৈ পঞ্চতাৰকা হোটেল হ'ব প্ৰাকৃতিকভাৱে চহকী অসমৰ এক বিশেষ অঞ্চলত । যিটো অঞ্চল বিশেষকৈ বিশ্ব প্ৰসিদ্ধ । হয়, ঠিকেই অনুমান কৰিব পাৰিছে অসমৰ কাজিৰঙাত নিৰ্মাণ এই তিনিখনকৈ পঞ্চতাৰকা হোটেল । ইয়াৰে দুখন টাটা গ্ৰুপে আৰু এখন হায়াট গ্ৰুপে নিৰ্মাণ কৰিব ।

লক্ষণীয় বিষয় যে বৰ্তমান সময়ত গুৱাহাটী মহানগৰীত আছে দুখনকৈ পঞ্চতাৰকা হোটেল । তাৰ বিপৰীতে কাজিৰঙাত হ'ব তিনিখনকৈ পঞ্চতাৰকা হোটেল । উল্লেখ্য যে কাজিৰঙাত দেশী-বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত পঞ্চতাৰকা হোটেলৰ বিশেষ প্ৰয়োজনীয়তা আহি পৰিছে । যাৰবাবেই চৰকাৰে এইক্ষেত্রত উদ্যোগ গ্ৰহণ কৰিছে । কাজিৰঙাত তিনিখনকৈ পঞ্চতাৰকা হোটেল নিৰ্মাণৰ কথা সদৰী কৰিছে পৰ্যটন মন্ত্রী জয়ন্ত মল্লবৰুৱাই ।

আজি মন্ত্রীগৰাকীয়ে পঞ্চতাৰকা হোটেল নিৰ্মাণ হ'বলগীয়া কাজিৰঙাৰ সংশ্লিষ্ট স্থান পৰিদৰ্শন কৰে । সংবাদ মাধ্যমৰ আগত মন্ত্রীগৰাকীয়ে কয় যে কাজিৰঙাৰ ৰংগাজান চাহ বাগিচা, কেলিডেন চাহ বাগিচা আৰু হাতীকুলি চাহ বাগিচাত অসম চৰকাৰৰ পৰ্যটন বিভাগৰ সৈতে IHCL (টাটা গ্ৰুপ) আৰু হায়াত (Hayat) গোটৰ অংশীদাৰিত্বত তিনিখনকৈ পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰা হ'ব । মন্ত্রীগৰাকীয়ে আজি এই স্থান তিনিটা পৰিদৰ্শন কৰি সবিশেষ বুজ লয় ।

তেওঁ কয় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ অভূতপূৰ্ব আগমনৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যটন বিভাগে এই উদ্যোগ গ্ৰহণ কৰিছে । যাতে দেশ-বিদেশৰ পৰা অহা পৰ্যটকসকলে কাজিৰঙাত এক সুন্দৰ পৰিৱেশত থাকিব পাৰে । তেওঁ কয় যে হায়াটে জুন মাহতে হোটেল নিৰ্মাণৰ কাম আৰম্ভ কৰিব। সেইদৰে টাটা গ্ৰুপেও জুন মাহতে কাম আৰম্ভ কৰিব । জুন মাহতে তিনিওখন হোটেলৰ কাম আৰম্ভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । ইতিমধ্যে হায়াটৰ লগত চুক্তি হোৱাৰ কথা তেওঁ সদৰী কৰে । অহা জুন নাইবা জুলাইৰ প্ৰথম সপ্তাহত তিনিওখন হোটেলৰ আধাৰশিলা স্থাপন কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে ।

লক্ষণীয় বিষয় যে পূৰ্বৰ তুলনাত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত । বিভাগীয় তথ্য অনুসৰি ২০২৩-২৪ বিত্তীয় বৰ্ষত কাজিৰঙালৈ অহা মুঠ পৰ্যটকৰ সংখ্যা হৈছে ৩,২৭,৪৯৩ গৰাকী । ইয়াৰে মুঠ ৩,১৩,৫৭৪ গৰাকী দেশী পৰ্যটক আৰু ১৩,৯১৯ গৰাকী বিদেশী পৰ্যটক । এই পৰ্যটকসকলৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলে লাভ কৰে মুঠ ৮,৮১,৮৪,১৬১ টকাৰ ৰাজহ ।

