ETV Bharat / state

নকল সোণ সৰবৰাহকাৰীৰ বিৰুদ্ধে লখিমপুৰ আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ 3 অভিযুক্ত

author img

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 6:31 PM IST

Fake Gold seized in Lakhimpur
নকল সোণ সৰবৰাহকাৰীৰ বিৰুদ্ধে লখিমপুৰ আৰক্ষীৰ অভিযান

Fake Gold seized : নকল সোণ সৰবৰাহকাৰীৰ বিৰুদ্ধে লখিমপুৰ আৰক্ষীৰ অভিযান ৷ আৰক্ষীৰ অভিযানত গুলজাৰ হুছেইন, আব্দুল আলম, তৈয়বুৰ ৰহমান নামৰ তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰে ৷

নকল সোণ সৰবৰাহকাৰীৰ বিৰুদ্ধে লখিমপুৰ আৰক্ষীৰ অভিযান

বিহপুৰীয়া, 15 ফেব্ৰুৱাৰী : নকল সোণ সৰবৰাহকাৰীৰ বিৰুদ্ধে লখিমপুৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে মাৰাথন অভিযান । নকল সোণ সৰবৰাহকাৰীৰ বিৰুদ্ধে বুধবাৰে নৈশ বাছত বিহপুৰীয়া আৰক্ষীয়ে চলায় অভিযান । বিহপুৰীয়াত নৈশ বাছৰ পৰা নকল সোণৰ নাৱৰ টুকুৰাসহ জব্দ কৰে হয় ৷ নকল সোণৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনি অভিযুক্তক ৷ অভিযুক্ত কেইটা ক্ৰমে গুলজাৰ হুছেইন, আব্দুল আলম, তৈয়বুৰ ৰহমান বুলি জানিব পৰা গৈছে ।

ধৃত তৈয়বুৰৰ ঘৰ ২ নং সোণাপুৰ আৰু গুলজাৰৰ ঘৰ মহঘুলিত । ধৃত তিনি অভিযুক্তই নকল সোণ লৈ গুৱাহাটীলৈ যাত্ৰা কৰিছিল বুলি আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে । জানিব পৰা মতে, এটা পৰিয়ালক ৩ লাখ টকাত নকল সোণখিনি দি প্ৰৱঞ্চনাৰ পৰিকল্পনা কৰিছিল ধৃত দলটোৱে । বুধবাৰে নিশাই ধৃত দলটোক লগত লৈ বিহপুৰীয়া আৰক্ষীয়ে মহঘুলি, ২ নং সোণাপুৰত তীব্ৰ অভিযান চলায় ।

উল্লখ্য যে, জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাই লখিমপুৰত চলি থকা এই ভয়াৱহ অন্ধকাৰ জগতখনৰ কথা পোহৰলৈ আনিছিল । তেতিয়াই এই অন্ধকাৰ জগতখন উৎখাত কৰিবলৈ আৰক্ষী বিষয়া আনন্দ মিশ্ৰক ততাতৈয়াকৈ লখিমপুৰৰ আৰক্ষী অধীক্ষক ৰূপে নিয়োগ কৰা হৈছিল । আনন্দ মিশ্ৰৰ যোগদানৰ পাচতে এই ক’লা সাম্ৰাজ্যখনত কঁপনি উঠিছিল ।

লগতে পঢ়ক : লখিমপুৰত বুজন পৰিমাণৰ নকল সোণ উদ্ধাৰ, গ্ৰেপ্তাৰ ২

আৰক্ষীৰ অভিযানত বহু লোক গ্ৰেপ্তাৰ হোৱাৰ লগতে বহুতে স্বইচ্ছাই আত্মসমৰ্পনো কৰিছিল । এই দৃশ্যপটে জিলাখনৰ ৰাইজক সন্তুষ্টি দিলেও ক’লা বেহা চলিয়েই থাকিল । আনন্দ মিশ্ৰৰ ভয়ত নকল সোণ, জাল নোট আদিৰ বেহাৰ গতি কিছু স্তিমিত হ’লেও কিন্তু অন্ত নপৰিল । চলিয়েই থাকিল মদ-ভাং-ড্ৰাগছ, নকল সোণ, জালনোট আদিৰ বেহা ।

আৰক্ষীৰ অভিযানত সময়ে সময়ে এনে ঘটনা ধৰা পৰিলেও অবৈধ বেহা চলিয়েই থাকিল । কিন্তু আনন্দ মিশ্ৰৰ ভয়ত আত্মসমর্পণ কৰা নাইবা গ্ৰেপ্তাৰ হোৱা বহুতে পৰৱৰ্তী সময়ত জামিনত মুক্তি লাভ কৰিলে । এইসকল পুনৰ এনেধৰণৰ কাৰ্যত পুনৰ লিপ্ত হৈছে নেকি, সেই বিষয়ত লখিমপুৰ আৰক্ষীয়ে তৃক্ষ্ন দৃষ্টি ৰাখিছে বুলি লখিমপুৰ আৰক্ষীৰ পৰা জানিব পৰা গৈছে ৷

লগতে পঢ়ক : হেৰ'ইনসহ দুটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.