ETV Bharat / state

ভূমিকেন্দ্ৰিক সংঘাতৰ ফলত কলগাছিয়াত আহত আঠগৰাকী - Land dispute in Kalgachia

author img

By ETV Bharat Assamese Team

Published : Apr 14, 2024, 9:25 PM IST

বিহুৰ দিনটোতে কলগাছিয়াত ভূমিকেন্দ্ৰিক সংঘাতত আহত আঠগৰাকী ৷ গুৰুতৰভাৱে আহত 80 বছৰীয়া আহত ৷ সংকটজনক অৱস্থাত চাৰিগৰাকী ৷

LAND DISPUTE IN KALGACHIA
কলগাছিয়াত ভূমিকেন্দ্ৰিক সংঘাতৰ ফলত আঠগৰাকী আহত

কলগাছিয়াত ভূমিকেন্দ্ৰিক সংঘাতৰ ফলত আঠগৰাকী আহত

কলগাছিয়া, 14 এপ্ৰিল: এফালে ৰাজ্যবাসী ব্যস্ত জাতিৰ স্পন্দন বিহু উদযাপনত, কলগাছিয়াত এচাম ব্যস্ত হ’ল মাটি অকণমানৰ বাবে মাৰপিট কৰাত ৷ সৰু-সুৰা মাৰপিট নহয়, মাটিৰ নামত হোৱা মাৰপিটখনত গুৰুতৰভাৱে আহত ৮ জন, ইয়াৰে ৪ জনৰ অৱস্থা সংকটজনক ৷

মানুহৰ বিহুৰ দিনটোতে ৮০ বছৰীয়া বৃদ্ধাক মৰিয়াই মূৰ ফালিলে সেনা জোৱান ৰহিজ উদ্দিনে ৷ ঘটনাটো সংঘটিত হ’ল বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কিছমত মইনবড়িত ৷

জানিব পৰা মতে প্ৰায় ১৫ দিন পূৰ্বে কিসমত মইনবৰী গাঁৱৰ আব্বাছ আলীয়ে নিজৰ মাটিত ৰোপন কৰা গছপুলি ওচৰৰে সেনা জোৱান ৰহিজ উদ্দিনে বলপূৰ্বকভাবে উভালি পেলোৱাৰ অভিযোগ উত্থাপিত হয় ৷ ভুক্তভোগীয়ে ঘটনা সন্দৰ্ভত মইনবড়ি আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হয় ৷

  • " class="align-text-top noRightClick twitterSection" data="">

উক্ত ঘটনাক কেন্দ্ৰ কৰি দেওবাৰে পুনৰ সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতিৰ ৷ সেনা জোৱান ৰহিজ উদ্দিনৰ নেতৃত্বত এটা দলে হাতে হাতে দা, লাঠী, ৰড আদি লৈ আব্বাছ আলীৰ ঘৰত বলপূৰ্বকভাবে প্ৰৱেশ কৰি ঘৰ-দুৱাৰ ভাঙি চূৰমাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ দলটোৱে আব্বাছ আলীৰ পৰিয়ালৰ সদস্যসকলক প্ৰাণে মৰাৰ চেষ্টা চলোৱা বুলিও উত্থাপিত হয় অভিযোগ । ইফালে চিঞৰ-বাখৰ শুনি ওচৰ চুবুৰীয়া আগুৱাই অহাত উক্ত দলটোৱে পলায়ন কৰে বুলি জানিব পৰা গৈছে ।

পৰৱৰ্তী সময়ত ৰাইজৰ তৎপৰতাত আহতসকলক সংকটজনক অৱস্থাত চান্দমামা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও যদিও ৪ জনৰ অৱস্থা সংকটজনক হোৱাৰ বাবে চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বৰপেটা অসামৰিক চিকিৎসালয় কলগাছিয়ালৈ প্ৰেৰণ কৰে ।

ইয়াৰ পূৰ্বে উক্ত ভূমি বিবাদক লৈ মইনবড়ী আৰক্ষী চকীত ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰিছিল যদিও এজাহাৰখন পঞ্জীয়ণ নকৰি অভিযুক্তৰ লগত আৰক্ষীয়ে সৈতে গোপন বুজাবুজিৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে ।

লগতে পঢ়ক: ব্যৰ্থতা : প্ৰমাণৰ অভাৱত গ্ৰেপ্তাৰ হোৱা ২৪০ জন বিষয়া-কৰ্মচাৰীৰ ১৮১ জনেই মুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.